Wednesday, April 15, 2026
0 Shares

তিনিটা পুতলাৰ কাহিনী

তিনিটা পুতলাৰ কাহিনী

মহাৰাজ চন্দ্ৰগুপ্তৰ দৰবাৰ চলি আছিল। সকলো সভাসদ তেওঁলোকৰ নিজৰ নিজৰ আসনত বহি আছিল। মহামন্ত্ৰী চাণক্যই দৰবাৰৰ কাৰ্যক্ৰম পৰিচালনা কৰি আছিল।

তিনিটা পুতলা

মহাৰাজ চন্দ্ৰগুপ্তৰ পুতলা প্ৰেম

মহাৰাজ চন্দ্ৰগুপ্তই পুতলা খুব ভাল পাইছিল। তেওঁক প্ৰতিদিনে এটা নতুন পুত_লা লাগিছিল। আজিও, যেতিয়া মহাৰাজে নতুন কি বুলি সুধিলে তেতিয়া গম পোৱা গ'ল যে এজন সদাগৰে কিছুমান নতুন পুত_লা আনিছে। সদাগৰে দাবী কৰিলে যে মহাৰাজ বা আন কোনোবাই আজিলৈকে এনে পুতলা কেতিয়াও দেখা নাই, আৰু না কেতিয়াবা দেখিবলৈ পাব। এই কথা শুনি মহাৰাজে সদাগৰজনক দৰবাৰলৈ আহিবলৈ আদেশ দিলে। সদাগৰজন আহি মহাৰাজক প্ৰণাম কৰাৰ পিছত, তেওঁ তেওঁৰ জোলোঙাৰ পৰা তিনিটা পুত_লা উলিয়াই মহাৰাজৰ সন্মুখত ৰাখিলে আৰু কলে যে এই তিনিটা অতি বিশেষ পুত_লা। বাস্তৱত একে ধৰণৰ দেখিলেও, কিন্তু সেইবোৰ প্ৰকৃততে বহুত বেলেগ। প্ৰথম পুত_লাৰ মূল্য হৈছে এক লাখ মোহৰ, দ্বিতীয়টোৰ মূল্য হৈছে এক হাজাৰ মোহৰ আৰু তৃতীয় পুতলাৰ মূল্য মাত্ৰ এটা মোহৰ।

তিনিটা পুতলা

দামৰ পাৰ্থক্য

সম্ৰাটে তিনিওটা পুতলা খুব মনোযোগেৰে চালে। দেখিবলৈ কোনো পাৰ্থক্য নাই, তেন্তে মূল্যত ইমান পাৰ্থক্য কিয়? এই প্ৰশ্নটোৱে চন্দ্ৰগুপ্তক বহুত বিচলিত কৰিলে। ইয়াৰ পিছত, তেওঁ সভাসদ সকলক পুত_লা কেইটা দিলে আৰু কলে, "এইকেইটাৰ মাজত পাৰ্থক্য কি মোক কওঁক।" সভাসদ সকলে তিনিওটা পুত_লা ঘূৰাই ঘূৰাই চাৰিওফালৰ পৰা চালে, কিন্তু কোনেও ইয়াৰ সমাধান বিচাৰি নাপালে। যেতিয়া চন্দ্ৰগুপ্তই দেখিলে যে সকলোৱে নীৰৱ হৈ আছে, তেতিয়া তেওঁ তেওঁৰ গুৰু আৰু মহামন্ত্ৰী চাণক্যক একেটা প্ৰশ্নই সুধিলে।

তিনিটা পুতলা

চাণক্যই পুতলাবোৰ খুব মনোযোগেৰে চাই দৰবাৰীজনক তিনিডাল সৰু শলা আনিবলৈ আদেশ দিলে। শলা আহি পোৱাৰ পিছত, চাণক্যই প্ৰথম পুতলাৰ কাণত এডাল শলা ভৰাই দিলে। সকলোৱে দেখিলে যে শলাডাল পোনে পোনে পেটলৈ সোমাই গ'ল, অলপ সময়ৰ পিছত পুত_লাৰ ওঁঠদুটা লৰচৰ কৰিলে আৰু তাৰ পিছত বন্ধ হৈ গ'ল। এতিয়া চাণক্যই পৰৱৰ্তী শলাডাল দ্বিতীয় পুতলাৰ কাণত ভৰাই দিলে। এইবাৰ সকলোৱে দেখিলে যে শলাডাল আনখন কাণেৰে বাহিৰলৈ ওলাই আহিল আৰু পুত_লাটো যেনেকৈ আছিল তেনেকৈয়ে থাকিল। এইটো দেখি সকলোৱে কৌতূহলী হৈ পৰিল যে আগলৈ কি হ'ব। এতিয়া চাণক্যই তৃতীয় পুত_লাৰ কাণত শলাডাল ভৰাই দিলে। সকলোৱে দেখিলে যে পুত_লাৰ মুখৰ পৰা শলাডাল ওলাই আহিছে আৰু পুত_লাৰ মুখখন একেবাৰে খুলি গৈছে। পুতলাটো কঁপি আছিল যেন কিবা ক'বহে বিচাৰি আছে।

যেতিয়া চন্দ্ৰগুপ্তই সুধিলে এই সকলোবোৰ কি আৰু এই পুত_লাবোৰৰ মূল্য কিয় পৃথক, তেতিয়া চাণক্যই উত্তৰ দিলে।

প্ৰথমটোৰ মূল্যৰ ৰহস্য

মহাৰাজ, চৰিত্ৰবানজনে সদায় শুনা কথাবোৰ সহজেই বিশ্বাস নকৰি নিজৰ মাজতেই ৰাখে আৰু সেইবোৰ নিশ্চিত কৰাৰ পিছতহে, তেওঁ নিজৰ মুখ খোলে। এয়াই তেওঁলোকৰ মহানতা। এইটোৱেই জ্ঞান যিটো আমি প্ৰথম পুত_লাৰ পৰা পাওঁ আৰু সেইকাৰণে এই পুত_লাৰ মূল্য এক লাখ মোহৰ।

দ্বিতীয়টোৰ মূল্যৰ ৰহস্য

কিছুমান মানুহ সদায় নিজৰ মাজতেই নিমজ্জিত হৈ থাকে। তেওঁলোকে সকলোবোৰ উপেক্ষা কৰে। তেওঁলোকে নিজৰ ৱাহ! বাহ! লবৰ বাবে কোনো ইচ্ছা নকৰে। এনে মানুহে কেতিয়াও কাৰো ক্ষতি নকৰে। এইটোৱেই জ্ঞান যিটো আমি দ্বিতীয় পুতলাৰ পৰা পাওঁ আৰু সেইকাৰণে এই পুতলাৰ মূল্য এক হাজাৰ মোহৰ।

তৃতীয়টোৰ মূল্যৰ ৰহস্য

কিছুমান মানুহ কাণত কেঁচা আৰু পেটত পঁচা। যিকোনো কথা ভালদৰে শুনা নাহোৱাতেই চাৰিওফালে হুলস্থুল লগাই দিয়ে। তেওঁলোকৰ সঁচা-মিছাৰ বিষয়ে কোনো জ্ঞান নাই, কেৱল তেওঁলোকৰ নিজৰ মুখ খোলাৰ মতলব। সেইকাৰণে এই পুত_লাৰ মূল্য কেৱল এটা মোহৰ।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment