Wednesday, May 13, 2026
0 Shares

নেগুৰ কটা শিয়াল

নেগুৰ কটা শিয়াল

এখন হাবিত এটা লুভীয়া শিয়াল বাস কৰিছিল। উক্ত শিয়ালটোৱে ওচৰৰ গাঁওবােৰত হাঁহ-কুকুৰা বিচাৰি সেই প্রাণীবােৰৰ বাবে ত্রাস সৃষ্টি কৰিছিল। এনেদৰে চিকাৰ কৰাৰ ফলত পৰিয়ালবােৰত ভীষণ অশান্তি সৃষ্টি হৈছিল। কোনেও এই খেতিখন সুখেৰে কৰিব নােৱৰা হৈছিল। সেইকাৰণে গিৰিহঁতে শিয়ালটোক এসেকা দিবলৈ মনস্থ কৰিছিল। এদিন এজন গৃহস্থই এখন প্রকাণ্ড দা লৈ শিয়ালটো অহালৈ অপেক্ষা কৰি আছিল। শিয়াল আহিলে সেইদৰে প্রকাণ্ড এঘাপ দিয়াৰ মন। লুভীয়া শিয়ালে লােভ সামৰিব নােৱাৰি সেইদিনাও হাঁহৰ গৰালত সােমাইছিল মাত্র, এনেতে গৃহস্থক দেখি দিলে ভিৰাই ল'ৰ। গৃহস্থইও শিয়াললৈ বুলি দাখন ফর্মুতিয়াই দিলে। ভাগ্য ভাল দাখন গৈ তাৰ ডিঙিত নালাগি লাগিল নেজত। লগে-লগে নেগুৰ ডাল গুৰিতে সৰকি পৰিল। শিয়াল কথমপি তাৰ পৰা প্ৰাণ লৈ সাৰিল যদিও চিৰকালৰ বাবে নেগুৰ ডাল হেৰুৱালে। সি নেগুৰ নােহােৱাকৈ দুই তিনিদিন মান লাজে অপমানে তাৰ গাঁতত সােমাই থাকিল; কিন্তু সৰহদিন থাকিব নােৱাৰিলে। দুখে-বেজাৰে গাঁতৰ পৰা ওলাই আহিল। সি এঠাইত বহি লৈ কিবা কিবি ভাবিবলৈ ধৰিলে। এনেতে তাৰ মনত এটা বুদ্ধি খেলাল। সি লগৰ কিছুমান শিয়ালৰ ওচৰলৈ গ'ল আৰু ক’বলৈ ধৰিলে – “চোৱাহক, মােৰ নেগুৰ নাই বাবে মই কিমান সুখী। মই য’তে-ত’তে বহিব পাৰোঁ, যলৈ-তলৈ দৌৰিব পাৰাে। মােৰ কোনাে কথাতে অসুবিধা নাই। তােমালােকেও নিজৰ নিজৰ নেগুৰবােৰ কটাই ল’ব পাৰা।” শিয়ালবােৰৰ মাজত এটা বুধিয়ক শিয়াল আছিল। সি নেগুৰ কটা শিয়ালৰ অভিসন্ধি বুজি পালে। সেইকাৰণে সি ক'লে –“তােমাৰ কাৰণে নেজডাল বােজা হ'ব পাৰে, আমাৰ কাৰণে নহয়। তুমি কথাটো তােমাৰ নেগুৰ ডাল থকা অৱস্থাত কিয় কোৱা নাছিলা? এতিয়া কটা যােৱাৰ পিছত যে কৈছা। গতিকে আমি যেনেকৈ আছোঁ, তেনেকৈয়ে ভাল আৰু আমি এতিয়া এনেকৈয়ে সুখী আছে।” ধূর্ত শিয়ালৰ কথা শুনি নেগুৰ নথকা খৰা শিয়ালৰ অভিসন্ধি সকলাে শিয়ালে বুজি পালে। ইয়াৰ পিছত সকলােৱে খৰা শিয়ালক এঘৰীয়া কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment