Saturday, April 18, 2026
0 Shares

বুর্বক ছাগলী

বুর্বক ছাগলী

এদিন এটা লুভীয়া শিয়ালে হাঁহ-কুকুৰা বিচাৰি গাঁৱৰ ফালে আহিছিল। মনতে ভাবিছিল—যদি ক'ৰবাত কিবা এটা মিলে দিনটোৰ বাবেই আৰামদায়ক হ’ব। পিছে তাৰ সেইদিনা কপাল বেয়া আছিল। ক'ৰবাৰ পৰা কুকুৰ এটাই ভেউ-ভেউ কৈ তাক খেদি আহিল। শিয়াল আৰু কুকুৰৰ শত্রুতা পুৰণি। শিয়ালে নিজৰ প্রাণ বচাবলৈ মাৰিলে ভিৰাই লৰ। এনেকৈ দৌৰ মাৰোঁতে পৰিলগৈ এটা কুঁৱাৰ ভিতৰত। ভাগ্যে কুঁৱাটোত পানী বেছি নাছিল। কুঁৱাটো সিমান দও নাছিল। তথাপি শিয়ালটো বহু সময় চেষ্টা কৰিও কুঁৱাটোৰ পৰা ওলাব নােৱাৰিলে। গতিকে কি কৰোঁ, কি নকৰোঁ বুলি ভাবি থাকোতে শিয়ালে দেখিলে কুঁৱাটোৰ দিশে এটা ভেবােলা (ভােকোৰা) ছাগলী আহি আছে। ছাগলীটোৱে কুঁৱাৰ মাজত শিয়ালটোক দেখি সুধিলে— বােলাে শিয়াল কাই কুঁৱাৰ ভিতৰত সােমাই কিনাে কৰি আছে? শিয়ালে সেই সুযােগলৈকে অপেক্ষা কৰি আছিল। সি টপৰাই মাত লগালে, “কুঁৱাৰ মিঠা পানীৰ সােৱাদ লৈছোঁ। এনেকুৱা অমৃত যেন পানী দেশখনৰ কোনাে কুঁৱাত নাই। ইচ্ছা কৰিলে তুমিও সােৱাদ ল’ব পাৰা।” এইদৰে কোৱাৰ পিছত ছাগলীটোৰ মনত লােভ জন্মিল। সি আগ পাছ চিন্তা নকৰি কুঁৱাৰ ভিতৰলৈ জঁপিয়াই দিলে। বুধিয়ক শিয়ালে সেই সুযােগৰ অপেক্ষাতে আছিল। সি লগে-লগে ছাগলীৰ গাৰ ওপৰত উঠিল আৰু একে জাপে কুঁৱাৰ বাহিৰলৈ ওলাই আহিল। সি বাহিৰৰ পৰা বুর্বক ছাগলীক ক'লে, “এতিয়া হেঁপাহ পলুৱাই কুঁৱাৰ মিঠা পানী খাই থাক, মই আহিলোঁ।” বহুত পলমকৈহে ছাগলীটোৱে তাৰ মূর্খতা বুজি পালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment