Wednesday, April 15, 2026
0 Shares

ভেকুলী চেপেটা হ’ল কিয়?

ভেকুলী চেপেটা হ’ল কিয়?

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা "ভেকুলী চেপেটা হ’ল কিয়?" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

বহুদিনৰ আগৰ কথা। সেই সময়ত ভেকুলীবােৰ আজিকালিৰ ভেকুলীবােৰৰ দৰে চেপেটা নাছিল, ওখ-পাখ আৰু ধুনীয়া আছিল। তেনে এটা ধুনীয়া ভেকুলী কোনাে এটা পুখুৰীৰ পাৰত আছিল। পুখুৰীটোৰ ওচৰে-পাঁজৰে বহুতাে ফুলৰ গছ আছিল। সেই ফুলবােৰৰ ওপৰেদি এটা ধুনীয়া পখিলাই সদায় আহি নাচিবাগি ফুৰিছিল। পখিলাটোক দেখি ভেকুলীটোৰ তাইৰ সৈতে সখী পাতিবৰ বৰ মন গ'ল।

ভেকুলী

ভেকুলী আৰু পখিলাৰ কথোপকথন

এদিনাখন পখিলাটো তেনেদৰে ফুলবােৰৰ ওপৰত পৰি পৰি নাচি আছে, তেনেতে ভেকুলীটো ওলাই আহিল আৰু ক'লে-

‘টোৰ টোৰ টোৰ
তুমি বৰ ধুনীয়া।
টোৰ টোৰ টোৰ।
মােক সখী পাতিবা?’

পখিলাটোৱে ফুলৰ পাহিৰ ওপৰত বহি উত্তৰ দিলে-

‘অকণমানি পখিলা মই
নাই মােৰ কোনাে লগৰীয়া;
মানি লৈছে কথাটো মই
যদি তুমি অকলশৰীয়া।

ভেকুলী

ভেকু_লীটোৱে আনন্দত কেইটামান দীঘল জাঁপ দি ক'লে ?

‘টোৰ টোৰ টোৰ
তুমি মােৰ সখী।
সুখ-দুখৰ আমি লগৰী।

সেইদিনাৰ পৰা দুয়াে বন্ধুত্ব ডােলেৰে বান্ধ খালে আৰু প্রত্যেক দিনে দুয়াে পুখুৰীৰ পাৰত নাচি-বাগি, গান গাই, সুখ-দুখৰ কথা পাতি আনন্দেৰে দিনবােৰ কটাবলৈ ধৰিলে।

ভেকুলীৰ দুষ্ট বুদ্ধি

এদিনাখন দুয়াে সেইদৰে পুখুৰীৰ পাৰত বহি কথা পাতি আছে। এনেতে সিহঁতে পুখুৰীৰ পাৰৰ শিল এচটাত এজন ডঢ়ীয়া বুঢ়া মানুহে দা এখন ধৰাই থকা দেখিবলৈ পালে। বুঢ়া মানুহজনৰ থুঁতৰিৰ দীঘল ডাঢ়িকোছা দেখি ভেকুলীটোৰ মনত দুষ্ট বুদ্ধি এটা খেলিলে। ভেকুলীটোৱে পখিলাটোক ক'লে— আমি বহুপৰ কথা পাতিলো, এতিয়া অলপ আনন্দকে কৰোঁ। তুমি সেই যে ডঢ়ীয়া বুঢ়া মানুহটো দেখিছা, তেওঁৰ ডাঢ়িকোছাত ওলমি এবাৰ হেলৌ হেলৌ খেল খেলি দেখুওৱাচোন, কেনে মজা হয়।

ভেকুলীটোৰ কথা পখিলাটোৱে ভাল নাপালে। গতিকে তাই আপত্তি জনাই ক'লে— মানুহ শ্রেষ্ঠ জীৱ; আমাতকৈ এওঁলােক বহু ওপৰত। তেনে স্থলত আমাৰ দৰে সামান্য পতংগ এটাই মানুহক জোকাই ল’ব নাপায়।

ভেকুলীটোৱে ক'লে— “মানুহটোৰ খং উঠিলেও আমাক একো কৰিব নােৱাৰে, তুমি আকাশলৈ উৰি যাবা, মই পানীত সােমাই পৰিম।"

অৱশেষত পখিলা মান্তি হ’ল আৰু ভেকুলীটোৱে শিকাই দিয়ামতে উৰি গৈ বুঢ়াৰ ডাঢ়িকোছাত পৰিলগৈ। বুঢ়া মানুহজন কামত বৰ নিমগ্ন হৈ আছিল। পখিলাটো হঠাৎ ডাঢ়িকোছাত ওলমি পৰাত বুঢ়াই চক খাই চিঞৰ এটা মাৰি দিলে। সেই সময়ত ওচৰৰে গছ এজোপাৰ ওপৰত কেৰ্কেটুৱা এটাই ফল খাই আছিল। বুঢ়াৰ চিঞৰত চক খাই কেৰ্কেটুৱাৰ হাতৰ পৰা ফল তললৈ সৰি পৰিল। ফলটো গছৰ তলত শুই থকা হৰিণা এটাৰ গাত পৰিলত সি সাৰ পাই ভয়তে উধাতু খাই দৌৰি পলাবলৈ ধৰিলে। তেনেদৰে দৌৰি যাওঁতে হৰিণাই অজানিত ভাৱে সাপ এটাৰ গাত গচকি থৈ গ'ল। সাপটোৱে খঙত একো ক'ব নােৱৰা হৈ ৰজাৰ কুকুৰাজনীৰ কণী এটা খাই পেলালে। কুকুৰাজনীয়ে তাইৰ কণীটো তেনেদৰে হেৰুওৱাত মনত বৰ দুখ পালে আৰু ৰজাৰ ওচৰত গৈ এইদৰে গােচৰ তৰিলে—

কক কক কক্
মহাৰাজ! কক কক কক
সাপটোৱে খাইছিলে কণী মােৰ
লাগে মােক তাৰেই বিচাৰ।

ভেকুলী

ৰজাৰ ওচৰত গােচৰ

ৰজাই কুকুৰাৰ গােচৰ শুনি তাৰ বিচাৰ কৰি দিবলৈ গাত ল'লে। পালি-পহৰীয়াসকলক সাপটো বিচাৰি আনি তেতিয়াই তেওঁৰ আগত থিয় কৰাবলৈ আদেশ দিলে। যথা সময়ত সাপটোক আনি ৰাজসভাত উপস্থিত কৰােৱা হ’ল। ৰজাই তাক কণী খােৱাৰ কাৰণ সােধাত সাপটোৱে ক'লে— হৰিণা এটাই মােৰ গাত গচকি নােযােৱাহেঁতেন, খঙতে মই কেতিয়াও কুকুৰাৰ কণী নাখাললাহেঁতেন! গতিকে মহাৰাজ, দোষ মােৰ নহয়, দোষ হৰিণাটোৰহে।

হৰিণাক বিচাৰি আনি ৰাজসভাত উপস্থিত কৰােৱা হ'ল। ৰজাই হৰিণাক সুধিলে- তই হেনাে সাপক গচকিছিলি? কথাটো সঁচানে?’ বিনম্রভাৱে হৰিণাটোৱে উত্তৰ দিলে- সঁচা! কিন্তু মহাৰাজ, ই মােৰ ইচ্ছাকৃত দোষ নহয়! আপুনি জানেই হাবিত মােৰ কিমান শত্ৰু, সেই কাৰণে সদায় মই সাৱধানে থাকিবলগীয়া হয়। আজি মই এজোপা গছৰ তলত ছাঁ লৈ এঘুমটি মাৰি আছিলাে, তেনেতে গছৰ ওপৰৰ পৰা কেৰ্কেটুৱা এটাই মােলৈ ফল এটা দলিয়াই দিলে। চক্ খাই মই সাৰ পালাে আৰু ভয়ত তাৰ পৰা পলাওঁতে অজানিতে সাপটোৰ গাত গচকি থৈ গ'ল। গতিকে মহাৰাজ, মােক যেন তাৰবাবে একো দায়-দোষ নধৰে।

ৰজাই কেৰ্কেটুৱাক ৰাজসভালৈ আনিবলৈ নির্দেশ দিলে। কেৰ্কেটুৱাক ৰাজসভালৈ অনা হ’লত ৰজাই সুধিলে- ক, তই কিয় হৰিণাৰ গালৈ ফল দলিয়াইছিলি?

কেৰ্কেটুৱাই হাতযােৰ কৰি ক'লে- মহাৰাজ, পুখুৰীৰ পাৰত বহি থকা ডঢ়ীয়া বুঢ়া মানুহটোৱে চিঞৰ মাৰি দিয়াত মােৰ হাতৰ পৰা ফলটো পৰি গ'ল আৰু তাত শুই থকা হৰিণাৰ গাত লাগিল। হৰিণাৰ লগত মােৰ কোনাে শক্রতাও নাই, ফলটো গালৈ দলিয়াই দি মই ধেমালিও কৰা নাই। গতিকে মহাৰাজ, নির্দোষীক ক্ষমা কৰিব, দোষীয়েহে শাস্তি পােৱা উচিত। আপুনি ডঢ়ীয়া বুঢ়া মানুহটোক মাতি আনি ন্যায় বিচাৰ কৰিব বুলি আশা কৰিলোঁ।

এইবাৰ বুঢ়া মানুহজনক আনি ৰাজসভাত থিয় কৰােৱা হ'ল। বুঢ়া মানুহজনে টুপী খুলি ৰজাক প্রণাম কৰিলে আৰু ক'লে- মহাৰাজ, আদেশ কৰক, বন্দীক কিয় ইয়ালৈ মতা হ'ল। ৰজাই ক'লে- ৰাজসভাত আজি বিচাৰ সভা পতা হৈছে। সেই বিচাৰ সভাৰ মাজলৈ তােক অনা হৈছে, কাৰণ অৱশেষত সকলে দোষ তােৰ গাত আহি পৰিছে। মানুহজনে ক'লে মই কি দোষ কৰিলে অনুগ্ৰহ কৰি ক'বনে?”

ৰজাই কলে- ‘তই পুখুৰীৰ কাষত বহি ডাঙৰ চিঞৰ এটা মাৰি দিয়াৰ কাৰণে আজি বহুতাে অঘটন ঘটি গ'ল। ক, তই চিঞৰ মাৰিছিলি নে নাই?

মানুহজনে ক'লে— ‘চিঞৰ মই নিশ্চয় মাৰিছিলাে মহাৰাজ, কিন্তু মই মাৰ বুলি চিঞৰ মৰা নাছিলোঁ। পখিলা এটা উৰি আহি হঠাৎ মােৰ ডাঢ়িকোছাত ওলমি পৰাত চক্ খাই মােৰ মুখৰ পৰা অজানিতে চিঞৰটো ওলাই গ'ল।

এইবাৰ পখিলাটো আহিল। ৰজাই পখিলাটোক বুঢ়াৰ ডাঢ়িত গৈ ওলমি পৰাৰ কাৰণ সােধাত পখিলাই ক'লে— ‘মােৰ এক ভেকুলী বন্ধু আছে। তেওঁ মােক বুঢ়াটোৰ ডাঢ়িত উৰি গৈ ওলমি পৰিবলৈ ক'লে। মই আপত্তি কৰিছিলাে, কিন্তু তেওঁ মােৰ আপত্তি নুশুনিলে। অৱশেষত তেওঁৰ কথামতে মই কামটো কৰিলাে। মােৰ গাত মুঠেই দোষ নাই।

ভেকুলীক দণ্ড

অৱশেষত ভেকুলীটোক ৰাজসভালৈ অনা হ'ল। ৰজাই পখিলাটোক কিয় তেনে কাম কৰিবলৈ দিছিল বুলি ভেকুলীটোক সুধিলত সি একো উত্তৰ দিব নােৱাৰিলে। ৰজাই তেতিয়া আদেশ দিলে- 'ভেকুলীটো তলত ৰাখি তাৰ ওপৰত ক্রমান্বয়ে পখিলা, বুঢ়া মানুহ, কেৰ্কেটুৱা, হৰিণা, সাপ আৰু কুকুৰা উঠি তললৈ হেচি ধৰা।

ভেকুলী

কথামতে কাম হ'ল। সকলােৰে হেঁচা খাই ভেকুলী চেপেটা হৈ গ'ল। সেই তেতিয়াৰ পৰা ভেকুলীবােৰ চেপেটা হ’ল বুলি বিশ্বাস কৰা হয়।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment