Wednesday, April 15, 2026
0 Shares

মহামুৰ্খ

মহামুৰ্খ

ৰাজা কৃষ্ণদেৱ ৰায়ে হোলী অতি ধুমধামেৰে উদযাপন কৰিছিল। হোলীৰ দিনা বিজয়নগৰত মনোৰঞ্জনৰ বহুতো কাৰ্যসূচী অনুষ্ঠিত হৈছিল। প্ৰতিটো কাৰ্যসূচীৰ সফল শিল্পীক পুৰস্কাৰ দিয়াৰ ব্যৱস্থাও আছিল। আটাইতকৈ ডাঙৰ আৰু মূল্যৱান বঁটা ‘মহামুৰ্খ’ উপাধি প্ৰাপ্তকৰ্তাক প্ৰদান কৰা হৈছিল।

তেনালীৰামে প্ৰতি বছৰে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰিছিল। লগতে তেওঁৰ চতুৰতা আৰু জ্ঞানৰ বলত, প্ৰতি বছৰে ‘মহামুৰ্খ’ও তেওঁকেই বাছনি কৰা হৈছিল। এনেদৰে তেনালীৰামে প্ৰতি বছৰে অকলে দুটাকৈ পুৰস্কাৰ লাভ কৰিছিল।

এই কাৰণে, প্ৰতি বছৰে আন সভাসদসকলে ঈৰ্ষাৰ জুইত জালিছিল। এই বছৰ, আন সভাসদসকলে এইবাৰ হোলী উৎসৱত তেনালী ৰামক কাৰ্যক্ৰমৰ পৰা বাহিৰ কৰি দিয়াৰে সিদ্ধান্ত ললে। তেওঁলোকে ইয়াৰ বাবে এটা কৌশলো বিচাৰি উলিয়ালে।

তেনালীৰামৰ মুখ্য সেৱকক তেওঁলোকে উৎকোচ দি তেনালীৰামৰ খাদ্যত ভাং মিলাই দিলে। এই কাৰণেই হোলীৰ দিনা তেনালীৰাম ভাঙৰ নিচাত ঘৰতেই পৰি থাকিল।

আবেলি যেতিয়া তেনালীৰামে হঠাতে সাৰ পালে তেতিয়া তেওঁ ভয় খালে আৰু দৌৰি গৈ দৰবাৰত উপস্থিত হ’ল।

তেওঁ দৰবাৰত উপস্থিত হোৱাৰ সময়ত, উৎসৱৰ আধাতকৈও অধিক অনুষ্ঠান সম্পূৰ্ণ হৈছিল। ৰজা কৃষ্ণদেৱ ৰায়ে তেওঁক দেখি ক’লে, “হে মুৰ্খ তেনালীৰাম, তুমি আজিও ভাং খাই শুই আছা?”

যেতিয়া ৰজাই তেনালীৰামক মুৰ্খ বুলি কলে, তেতিয়া সকলো সভাসদ আনন্দিত হ’ল। তেনালীৰামেও ৰজাৰ কথাত হয়ভৰ দি ক’লে, “আপুনি একেবাৰে সঁচা কথাই কৈছে, মহাৰাজ। তেনালীৰাম কেৱল মুৰ্খই নহয় এজন মহামুৰ্খ।” তেতিয়া সকলো সভাসদে তেওঁক মহামুৰ্খ বুলি চিঞৰিবলৈ ধৰিলে।

তেনালীৰামে সকলো মানুহৰ মুখৰ পৰা এই কথা শুনি হাঁহি হাঁহি মহাৰাজক ক’লে, “ধন্যবাদ মহাৰাজ, আপুনি মোক আপোনাৰ মুখেদি মহামুৰ্খ বুলি ঘোষণা কৰি ইতিমধ্যে মোৰ বাবে এই দিনটোৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰটো ঘোষণা কৰিলে।”

তেনালীৰামৰ মুখৰ পৰা এই কথা শুনি সভাসদসকলে তেওঁলোকৰ ভুলৰ বিষয়ে জানিব পাৰিলে। কিন্তু তেওঁলোকে এতিয়া কি কৰিব পাৰে? কাৰণ তেওঁলোকে নিজেই তেনালীৰামক মহামুৰ্খ বুলি কৈছিল।

হোলী উপলক্ষে, প্ৰতি বছৰৰ দৰে এইবাৰো তেনালীৰামে ‘মহামুৰ্খ’ৰ বঁটা বাকী সভাসদ সকলৰ পৰা পুনৰ কাঢ়ি লৈ গ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories