Wednesday, April 15, 2026
0 Shares

ৰঙা ময়ুৰ

ৰঙা ময়ুৰ

ৰঙা ময়ুৰ

বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰায়ে আশ্চৰ্যকৰ আৰু অসাধাৰণ বস্তু সংগ্ৰহ কৰিবলৈ বৰ ভাল পাইছিল। প্ৰতিজন সভাসদে তেওঁক সুখী কৰিবলৈ এনে আপুৰুগীয়া বস্তুৰ সন্ধানত আছিল, যাতে সেই বস্তুটো মহাৰাজক দি তেওঁ তেওঁৰ শুভাকাংক্ষী হৈ পৰাৰ লগতে ধনো লাভ কৰিব পাৰে।

এবাৰ এজন সভাসদে এটা অদ্ভুত বুদ্ধি উলিয়ালে। তেওঁ ৰঙৰ বিশেষজ্ঞ এজনৰ দ্বাৰা ময়ুৰ এটা ৰঙা ৰং কৰাই ললে, আৰু সেই ৰঙা ময়ুৰটো লৈ তেওঁ পোনে পোনে ৰজা কৃষ্ণদেৱ ৰায়ৰ ৰাজসভাত গৈ উপস্থিত হ'ল আৰু ৰজাক ক'লে- "মহাৰজ! মই মধ্য প্ৰদেশৰ ঘন অৰণ্যৰ পৰা আপোনাৰ বাবে এটা আশ্চৰ্যকৰ আৰু অনন্য ময়ূৰ লৈ আহিছোঁ।

ৰজা কৃষ্ণদেৱ ৰায়ে সেই ময়ুৰটোলৈ অতি মনোযোগেৰে চালে। তেওঁ বৰ আচৰিত হ’ল, “ৰঙা ময়ুৰ!…আপুনি সঁচাকৈয়ে আমাৰ বাবে এটা আচৰিত বস্তু লৈ আহিছে। আমি অতি যত্নৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানত ৰাখিম। বাৰু কোৱাচোন, এই ময়ুৰটো পাবলৈ তুমি কিমান টকা খৰচ কৰিব লগা হৈছিল?”

তেওঁৰ প্ৰশংসা শুনি সভাসদজন আনন্দিত হ’ল। অতি ভদ্ৰভাৱে তেওঁ ৰজাক ক’লে, “মহাৰাজ, মই মোৰ দুজন দাসক গোটেই দেশ ভ্ৰমণলৈ পঠিয়াইছিলোঁ, আপোনাৰ বাবে এই অনন্য বস্তুটো আনিবলৈ।” দুবছৰ ধৰি তেওঁলোকে কিবা এটা অদ্ভুত বস্তুৰ সন্ধানত লাগি আছিল। তাৰ পিছতহে কেনেবাকৈ গৈ মধ্যপ্ৰদেশৰ জংঘলত পোৱা গ’ল এই অনন্য ৰঙা ৰঙৰ ময়ুৰ। মোৰ সেই দাসৰ ওপৰত মই প্ৰায় পঁচিশ হাজাৰ টকা খৰচ কৰিছো।" সেই সভাসদৰ কথা শুনি ৰজা কৃষ্ণদেৱ ৰায়ে লগে লগে মন্ত্ৰীক আদেশ দিলে, "মন্ত্ৰী, এই ব্যক্তিজনক কোষাগাৰৰ পৰা পঁচিশ হাজাৰ টকা দিয়া যাওঁক।"

মন্ত্ৰীক এই আদেশ দিয়াৰ পিছত ৰজাই পুনৰ সভাসদজনক ক’লে, “এয়াটো আপুনি খৰচ কৰা টকাখিনিহে আপোনাক দিয়া হৈছে। ইয়াৰ উপৰিও এসপ্তাহৰ পিছত আপোনাক উপযুক্ত পুৰস্কাৰো দিয়া হ’ব।”

সভাসদজনক আৰু কোনে পাই! তেওঁ তেনালীৰামৰ ফালে চাই কুটিল হাঁহি মাৰিলে। তেনালীৰামে তেওঁৰ হাঁহিটোৰ অৰ্থ বুজি পালে, কিন্তু সময় বিবেচনা কৰি তেওঁ মৌন হৈ থকাটো উচিত বুলি ভাবিলে। তেনালীৰামেও বুজি পাইছিল যে কোনো দেশতে ৰঙা ৰঙৰ ময়ুৰ নাই। ইয়াক ক’তো পোৱা নাযায়। তেওঁ অনুভৱ কৰিছিল যে এই সকলোবোৰ নিশ্চয় এই দৰবাৰীৰ কিবা কৌশল।

তাৰ পিছত আৰু কি! ঠিক পিছদিনা তেনালি ৰামে ময়ুৰত ৰঙা ৰং কৰা ৰং বিশেষজ্ঞজনক বিচাৰি উলিয়ালে। তেনালীৰামে আৰু চাৰিটা ময়ুৰ লৈ ৰং বিশেষজ্ঞজনৰ ওচৰ পালেহি। তেওঁ সিহঁতক ৰঙা ৰং কৰি সাজু কৰি দিলে আৰু তেনালীৰামে সেইদিনা সিহঁতক দৰবাৰলৈ লৈ গ'ল আৰু ৰজাক ক'লে, "মহাৰাজ, আমাৰ বন্ধু সভাসদজনে পঁচিশ হাজাৰত মাত্ৰ এটা ৰঙা ময়ুৰ আনি দিছিল কিন্তু মই মাত্ৰ পঞ্চাশ হাজাৰত তাতোকৈ ধুনীয়া চাৰিটা আনিলো।"

ৰজাই দেখিলে সঁচাকৈ, দৰবাৰত থকা ময়ুৰতকৈ তেনালীৰামৰ চাৰিটা ময়ুৰৰ ৰং বেছি ধুনীয়া আৰু উজ্জ্বল ৰঙা। ৰজাই আদেশ দিলে, "তেনালীৰামক তৎক্ষণাত কোষাগাৰৰ পৰা পঞ্চাশ হাজাৰ টকা দিব লাগে।" ৰজা কৃষ্ণদেৱ ৰায়ৰ এই আদেশ শুনি তেনালীৰামে এজন মানুহলৈ আঙুলিয়াই ৰজাক ক'লে, "মহাৰজ, এই শিল্পীজনহে বঁটাৰ উচিত পাত্ৰ, মই নহয়।" এই মানুহজন এক অনন্য চিত্ৰশিল্পী। যিকোনো বস্তুৰ ৰং সলনি কৰাৰ কলাত তেওঁ পাকৈত। তেওঁ নীলা ময়ুৰক ৰঙা কৰাৰ কলা দেখুৱাইছে।

এতিয়া ৰজাৰ সকলো ছলনা বুজিবলৈ বেছি সময় নালাগিল। তেওঁ বুজি পালে যে প্ৰথম দিনাই সভাসদজনে তেওঁক বুৰ্বক বনাই ঠগিছিল। ৰজাই লগে লগে সেই সভাসদজনক পঁচিশ হাজাৰ টকা ঘূৰাই দিয়াৰ লগতে পাঁচ হাজাৰ টকা জৰিমনা বিহাৰ নিৰ্দেশ দি চিত্ৰশিল্পীজনক পুৰস্কৃত কৰিলে। বেচেৰা সভাসদে কি কৰে! তেওঁ তলমূৰ কৰি থিয় হৈ থাকিল। ৰজাৰ পৰা অধিক পুৰস্কাৰৰ আশাত তেওঁ তেওঁ নিজৰেই পাঁচ হাজাৰ টকাও হেৰুৱাব লগা হ'ল।

(আশা কৰোঁ আপুনি  সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “সিংহ আৰু নিগনি” সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories