Wednesday, April 15, 2026
0 Shares

লােভৰ পৰিণাম

লােভৰ পৰিণাম

এখন গাঁৱত এজন মৌৰ বেপাৰী আছিল। সি বিভিন্ন বজাৰবােৰত খাটি মৌ বিক্ৰী কৰি ধন উপার্জন কৰিছিল। মৌৰ বাচনবােৰ অনা-নিয়া কৰাৰ সময়ত পৰুৱাবােৰে বেপাৰীজনক বৰ আমনি কৰিছিল। সেইকাৰণে তেওঁ মৌ নিয়া পাত্ৰবােৰ অতি সাৱধানেৰে ঢাকি নিছিল।

এবাৰ চহৰত বেচিবলৈ বুলি তেওঁ একেলগে বহুত মৌ আনিছিল। চহৰলৈ বুলি আনি থাকোঁতে ক'ৰবাত খুন্দা খাই তেওঁৰ মৌৰ পাত্ৰ এটা ভাঙি গৈছিল। পাত্ৰটো ভাঙি যােৱাৰ পিছত ঠাইটুকুৰা মৌৰে ভৰি পৰিছিল। পিছত সেই মৌৰ গােন্ধত ওচৰৰ পৰুৱাবােৰ ঠাইটুকুৰা ভৰি পৰিছিল। সেই পৰুৱাবােৰে হেঁপাহ পলুৱাই মৌ খাইছিল আৰু এটা সময়ত দেহৰ ওজনত উঠিব নােৱাৰা হৈছিল। পৰুৱাবােৰৰ পাখি আৰু ঠেংবােৰ মৌৰ এঠাত পােত গৈ এৰাব নােৱাৰা হৈছিল। ফলত লুভীয়া পৰুৱাবােৰে তাতেই লাগি ধৰিছিল আৰু উঠিবলৈ চেষ্টা কৰােতে পাখি, ঠেংবােৰ এখন এখনকৈ চিঙি মৌতে লগ হৈ গৈছিল। লােভৰ ফলত যে এনে দশা হ’ল সিহঁতে ভালদৰে বুজি পাইছিল। শেষত মৌৰ পৰা উঠিব নােৱাৰি পৰুৱাবােৰ তাতেই মৰি থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment