Wednesday, April 15, 2026
0 Shares

শিশু ধ্ৰুৱ কেনেকৈ ধ্ৰুৱতৰা হ'ল?

শিশু ধ্ৰুৱ কেনেকৈ ধ্ৰুৱতৰা হ'ল?

শিশু ধ্ৰুৱ কেনেকৈ ধ্ৰুৱতৰা হ'ল?

ধ্ৰুৱতৰা

স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুজন পুত্ৰ আছিল- প্ৰিয়ৱত আৰু উত্তনপদ। উত্তনপদৰ সুনীতি আৰু সুৰুচী নামৰ দুগৰাকী পত্নী আছিল। ৰজা উত্তনপদৰ সুনীতিৰ পৰা ধ্ৰুৱ আৰু সুৰুচীৰ পৰা উত্তম নামৰ দুজন পুত্ৰ আছিল। যদিও সুনীতি ডাঙৰ ৰাণী আছিল, তথাপিও সুৰুচীৰ প্ৰতি উত্তনপদৰ মৰম বেছি আছিল। এবাৰ সুনীতিৰ পুত্ৰ ধ্ৰুৱই দেউতাকৰ কোলাত বহি খেলি আছিল। তেতিয়াই সুৰুচী তাত উপস্থিত হ’ল৷

উত্তনপদৰ কোলাত ধ্ৰুৱক খেলা দেখি তাইৰ খঙে চুলিৰ আগ পালেগৈ। স্বামীৰ কোলাত সুনীতিৰ পুত্ৰক দেখি তাই সহ্য কৰিব নোৱাৰিলে। তাইৰ হৃদয় ঈৰ্ষাত জ্বলি উঠিল। তাই শিশু ধ্ৰুৱক ৰজাৰ কোলাৰ পৰা টানি আনি নিজৰ পুত্ৰ উত্তমক কোলাত বহুৱাই শিশু ধ্ৰুৱক ক’লে, হে মূৰ্খ! ৰজাৰ কোলাত সেইজনেই বহিব পাৰিব যিয়ে মোৰ গৰ্ভৰ পৰা জন্ম লৈছে।

তুমি মোৰ গৰ্ভৰ পৰা জন্ম লোৱা নাই। এতেকে তুমি ৰজাৰ কোলাত বা সিংহাসনত বহিবলৈ কোনো অধিকাৰ নাই। সুৰুচীৰ এই আচৰণত ৫ বছৰীয়া ধ্ৰুৱৰ বহুত খং উঠিল। সি মাক সুনীতিৰ ওচৰলৈ দৌৰি আহি সকলো কথা ক’লে। সুনীতিয়ে ক’লে বোপা! সুৰুচীৰ প্ৰতি বেছি মৰমৰ বাবেই তোমাৰ দেউতা আমাৰ পৰা আঁতৰি গৈছে। তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখা।

মাকৰ কথা শুনি ধ্ৰুৱই কিছু জ্ঞান লাভ কৰিলে আৰু ভগৱানৰ ভক্তিৰ কাৰণে ঘৰ এৰি ওলাই গ'ল। বাটত তেওঁ দেৱৰ্ষি নাৰদক লগ পালে। দেৱৰ্ষিয়ে শিশু ধ্ৰুৱক বহুত বুজালে, কিন্তু ধ্ৰুৱই মান্তি নহ’ল। নাৰদে তেওঁৰ দৃঢ়তা দেখি ধ্ৰুৱক মন্ত্ৰৰ জ্ঞান দিলে। ইয়াৰ পিছত দেৱৰ্ষি ৰজা উত্তনপদৰ ওচৰলৈ গ'ল।

ধ্ৰুৱ ওলাই যোৱাৰ বাবে ৰজা উত্তনপদৰ বৰ দুখ লাগি আছিল। ৰজাই দেবর্ষি নাৰদক লগ পাই তেওঁক সম্ভাষণ জনালে। দেবর্ষিয়ে ৰজাক সান্ত্বনা দিলে যে ঈশ্বৰেই তেওঁৰ ল'ৰাৰ ৰক্ষক। ভৱিষ্যতে তেওঁ নিজৰ খ্যাতি সমগ্ৰ পৃথিৱীতে বিয়পাই দিব। তেওঁৰ প্ৰভাৱত আপোনাৰ খ্যাতি এই পৃথিৱীত বিয়পি পৰিব। নাৰদৰ এই কথাত ৰজা উত্তনপদে বহু সকাহ পালে।

আনহাতে, শিশু ধ্ৰুৱই যমুনাৰ পাৰত উপস্থিত হৈ নাৰদ ঋষিৰ পৰা শিকা মন্ত্ৰেৰে ভগৱান নাৰায়ণৰ তপস্যা আৰম্ভ কৰিলে। তপস্যা কৰি থাকোঁতে ধ্ৰুৱই বহু সমস্যাৰ সন্মুখীন হৈছিল যদিও তেওঁ নিজৰ সংকল্পত দৃঢ় হৈ থাকিল। তেওঁৰ মনোবল স্তব্ধ নহ’ল। তেওঁৰ দৃঢ়তাৰ তীব্ৰতা তিনিওখন জগততে বিয়পিবলৈ ধৰিলে। "ওম নমো ভাগৱতে বাসুদেৱাই" ৰ শব্দই বৈকুণ্ঠতো প্ৰতিধ্বনি তুলিলে।

ধ্ৰুৱতৰা

তেতিয়া ভগৱান নাৰায়ণো যোগ নিদ্ৰৰ পৰা উঠিল। ধ্ৰুৱক এনে অৱস্থাত তপস্যা কৰা দেখি নাৰায়ণ প্ৰসন্ন হ'ল আৰু তেওঁক দৰ্শন দিবলৈ ধ্ৰুৱৰ সন্মুখত আবিৰ্ভাৱ হ'ল। নাৰায়ণে ক’লে, হে ৰাজকুমাৰ! তোমাৰ সকলো ইচ্ছা পূৰণ হব। তোমাৰ ভক্তিত সন্তুষ্ট হৈ মই তোমাক এনে ব্ৰহ্মাণ্ড দিছো যাৰ চাৰিওফালে জ্যোতিষচক্ৰ ঘূৰি থাকে আৰু যাৰ আধাৰত সকলো গ্ৰহ আৰু নক্ষত্ৰমণ্ডল ঘূৰি থাকে।

ধ্ৰুৱতৰা

ধ্ৰুৱতৰা

আনকি প্ৰলয় কালতো যিটো কেতিয়াও ধ্বংস নহয়। সপ্তৰ্ষি সকলেও যাৰ প্ৰদক্ষিণ কৰে। তোমাৰ নামত সেই লোকক ধ্ৰুৱলোক বুলি কোৱা হ’ব। এই জগতত তুমি হাজাৰ বছৰ ধৰি শাসন কৰিবা। সকলো ধৰণৰ উত্তম সমৃদ্ধি ভোগ কৰি শেষ কালত তুমি মোৰ জগতত মিলিত হবা। শিশু ধ্ৰুৱক এনে এটা বৰদান দি নাৰায়ণে নিজৰ জগতলৈ ঘূৰি আহিল। নাৰায়ণৰ বৰদান হিচাপে ধ্ৰুৱ হৈ পৰিল ধ্ৰুৱতৰা।

(আশা কৰোঁ আপুনি  “শিশু ধ্ৰুৱ কেনেকৈ ধ্ৰুৱতৰা হ'ল?” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “শিশু ধ্ৰুৱ কেনেকৈ ধ্ৰুৱতৰা হ'ল?” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment