Wednesday, April 15, 2026
0 Shares

সাধু-29. চন্দ্ৰৰেখা

সাধু-29. চন্দ্ৰৰেখা

২৯ তম সংখ্যক দিনৰ দিনা পুনৰ ৰজাভােজ সেই স্থানত উপস্থিত হৈ সিংহাসনত উঠিম বুলি এখােজ আগবঢ়াই দিলে। লগে-লগে চন্দ্ৰৰেখা নামৰ পুতলাটোৱে ৰজাক ক'লে, সিংহাসনত বহাৰ পূর্বে এটা কাহিনী শুনক। এই বুলি কৈ পুতলাটোই নিজৰ কাহিনী আৰম্ভ কৰিলে—

এদিন ৰজা বিক্রমাদিত্য সিংহাসনত বহি আছিল। সেই সময়ত তেওঁক ঘেৰি আছিল ৰাজকুমাৰ সকলে। ঠিক সেইখিনি সময়তে ওলাল এজন স্তুতি কাৰক। তেওঁ ক'লে, হে মহাৰাজ গংগা, সূৰ্যৰ অৱসৰ সমানে আপােনৰ সুখ-শান্তি বৃদ্ধি পাওক। আপুনি সিমান দিন পুত্র নাতিসহ সুখেৰ ৰাজত্ব কৰক। এই বুলি আশীর্বাদ দি উঠি পুনৰ ব্রাহ্মণজনে ক’বলৈ ধৰিলে, হে ৰাজন, আকাশ মেঘাবৃত হলে তৃষ্ণার্ত চৰায়ে যিদৰে তৃষ্ণা নিবাৰণৰ বাবে পানীৰ প্রার্থনা কৰে সেইদৰে আমিও আপােনাৰ সাক্ষাৎ লাভ কৰি প্রার্থনা কৰিছাে। আপােনাৰ অনেক খ্যাতিৰ কথা শুনি আছিলাে। দূৰ দেশত বাস কৰা মই এজন ব্রাহ্মণ হৈয়াে আপােনাক দর্শন কৰিব আহিছাে। আপুনি প্ৰজাৰ বাবে কল্পতৰু স্বৰূপ। আপােনাক দেখি মােৰ সেইজন ধনেশ্বৰ ৰজাৰ প্রতি মনত পৰিছে, যিজন ঈশান কোণত অৱস্থিত জম্বৰী নগৰত ৰাজ কৰে। তেওঁ এবাৰ মাঘ মাহৰ শুক্লা সপ্তমী তিথিৰ দিনা বসন্ত পূজাৰ আয়ােজন কৰি উপস্থিত জনক ওঠৰ কৌটি সােণৰ মুদ্রা দান কৰি উদাৰতাৰ পৰিচয় দিছিল। উদাৰতাৰ দিশত তেওঁৰ পিছতে আপােনাক দেখিলাে।

ব্রাহ্মণৰ কথা শুনি ৰজাই কোষাধ্যক্ষক মাতি আনি ক'লে, ব্রাহ্মণজনক কোষাগাৰলৈ লৈ যােৱা আৰু যিমান ৰত্ন আৰু মুদ্রা বিচাৰে দি দিবা। কোষাধ্যক্ষৰ লগত গৈ ব্রাহ্মণ জনে হেঁপাহ পলুৱাই ধন-সােণ ল'লে আৰু ৰজাৰ ওচৰলৈ আহি ক'লে, হে মহাৰাজ, আপােনাৰ কৃপাত মই আজি পৰম বিত্তশালী হ’লো। এতিয়া মই ক'ব পাৰাে আপােনাৰ দয়ালু গুণে সকলােকে অতিক্রম কৰিছে।

অনেক স্তুতি কৰি স্তুতিকাৰ-ব্রাহ্মণে ৰজাক ‘ব্ৰহ্মাৰ দৰে চিৰঞ্জীৱী হওক’ বুলি আশীর্বাদ দি বিদায় ললে।

এই কাহিনীটোৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক'লে, হে মহাৰাজ, আপােনাৰাে ৰজা বিক্রমাদিত্যৰ দৰে উদাৰতা আছে যদি সিংহাসনত বহক।

ৰজাই কোনাে উত্তৰ নিদি প্রস্থান কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment