Wednesday, April 15, 2026
0 Shares

সাধু-30. হংস গামিনী

সাধু-30. হংস গামিনী

ৰজাভােজে তেওঁৰ প্রচেষ্টা অব্যহত ৰাখিছিল। এইবাৰাে তেওঁ সিংহাসনত উঠিবলৈ আহি ব্যর্থ হ’ল। প্রথমটো খােজ দিয়াৰ লগে-লগে হংস গামিনী নামৰ পুতলাটোৱে ৰজাক বাধা দি ক'লে, হে মহাৰাজ, সিংহাসনত বহাৰ পূর্বে এটা কাহিনী শুনক। তাৰ পিছত সিংহাসনত বহিব।

ৰজাই অনুমতি দিয়াত পুতলাটোৱে এটা নতুন কাহিনী আৰম্ভ কৰিলে—

এদিন বিক্রমাদিত্য ৰজা তেওঁৰ ৰাজসভাত আছিল। সেই সময়ত আছিল পাত্র মন্ত্রী সকল আৰু তেওঁৰ ৰাজকুমাৰ সকল। ঠিক তেনেকুৱা এক সময়তে ৰাজসভাত উপস্থিত হৈছিল এজন যাদুকৰ। যাদুকৰে ৰজাক সন্মান জনাই ক'লে, হে মহাৰাজ, আপুনি সকলাে কলা বিদ্যাত পাৰ্গত। আপুনি বহুতৰে কলা-কৌশল উপভােগ কৰিছে। আজি তেনে এক কৌশল মােকো দেখুৱাবলৈ অনুমতি প্রদান কৰক।

ৰজাই ক'লে, এতিয়া আমাৰ আহাৰৰ সময় যেতিয়া কাইলৈ দেখুৱাব লাগিব। দ্বিতীয় দিনা সঠিক সময়ত যাদুকৰ জনে লগত এজনী সুন্দৰী নাৰী পিঠিত এখন দীঘল তৰােৱাল লৈ উপস্থিত হ’ল আৰু ৰজাক প্রণাম জনালে।

সভাসদৰ প্রত্যেকে তবধ মানিলে আৰু বাধ্য হৈ মানুহ জনৰ পৰিচয় সুধিলে।

মানুহজনে ক’লে, মই দেৱৰাজ ইন্দ্ৰৰ পৰিচালক আৰু কাষত এইজনী মােৰ সহধর্মিণী। অভিশাপত মই পৃথিৱী পালাে। এতিয়া মই দেৱতা আৰু অসুৰৰ মাজত চলি থকা মহাসংগ্ৰামলৈ যাম। মই শুনিছাে ৰজা বিক্রমাদিত্য পৰস্ত্রীৰ ওচৰত সহােদৰ স্বৰূপ। সেয়ে মােৰ ভার্যাক ইয়াতে থৈ যাব বিচাৰিছাে।

মানুহজনৰ কথাত ৰজা বিক্রমাদিত্য আচৰিত হ'ল।

ইয়াৰ পিছত মানুহজনে স্ত্রী গৰাকীক তাতেই থৈ। তৰােৱালৰ ওপৰত ভৰদি আকাশলৈ উৰি গ'ল। খন্তেক পিছতে আকাশমার্গৰ পৰা বিভিন্ন ধৰণৰ অদ্ভুত কণ্ঠস্বৰ ভাহি আহিবলৈ ধৰে।

হঠাৎ আকাশ মার্গৰ পৰা এখন তেজলগা তৰােৱাল আৰু এখন তেজেৰে লুতুৰি-পুতুৰি হােৱা হাত তলত সৰি পৰে।

সভাত উপস্থিত সকলােৱে বিস্ময়েৰে ওপৰলৈ চাই ৰ’ল। এই দৃশ্য দেখি। তাৰ মাজৰে কেইজন মানে ক’বলৈ ধৰিলে, হায়, হায়; ৰমনী গৰাকীৰ স্বামীৰ অকাল বিয়ােগ হ’ল। এইখন তেওঁৰে তৰােৱাল আৰু হাত। এইবাৰ আলােচনাৰ মাজতে এটা কটা যােৱা মূৰ আৰু এটা মুণ্ডহীন দেহ একে ঠাইতে আহি পৰিল। তাকে দেখি নাৰীগৰাকীয়ে ক'লে, হে মহাৰাজ, মােৰ স্বামী যুদ্ধত মৰিল। এই কটা যােৱা দেহ তাৰে প্রমাণ। মােৰ এই দেহ স্বামীৰ বাবে। যিহেতু স্বামীৰ মৃত্যু হ’ল, গতিকে মােৰ এই দেহ মূল্যহীন। এই কথা কৈ তিৰােতা গৰাকী জুইত প্রৱেশ কৰিব বিচাৰি ৰজাৰ দুচৰণ সাৱতি ধৰিলে। নাৰী গৰাকীৰ কথা শুনি ৰজাই চিতা তৈয়াৰ কৰিলে আৰু নাৰীগৰাকীয়ে সেই খণ্ড-বিখণ্ড দেহটো লৈ চিতাত উঠিল।

ইতিমধ্যে ৰাজসভা সমাপ্ত হৈছিল কাৰণ পশ্চিম আকাশত সূর্য তেতিয়া অস্ত গৈছিল। দ্বিতীয় দিনা পুনৰ ৰজা আহি সিংহাসনত বহিল। ইয়াৰ লগে লগে পাত্র মন্ত্রী সকলেও আসন গ্রহণ কৰিলে। ইয়াৰ কিছু সময় পিছতে এজন বিশাল আকাৰৰ মানুহ তাত প্ৰৱেশ কৰি ৰজাক এডাল সুগন্ধী ফুলৰ মালা পিন্ধাই দি যুদ্ধৰ নানা দিশ সম্পর্কে ক’বলৈ ধৰিলে। তেতিয়া প্রত্যেকে মানুহ জনলৈ বিস্ময়ৰে চাই থাকিল। যুদ্ধ বর্ণনাৰ শেষ পেলাই মানুহজনে পুনৰ ক’বলৈ ধৰিলে, যুদ্ধৰ শেষত দেৱৰাজ সন্তুষ্ট হৈ মােৰ ওচৰত থকা অভিশাপ উঠাই লৈ মােক উপহাৰ স্বৰূপে এডাল ৰত্নখচিত বলয় দান কৰিলে। ইয়াৰ পিছত মই দেৱৰাজক কলাে যে মােৰ পত্নী এতিয়াও বিক্রমাদিত্য ৰজাৰ ওচৰত সুৰক্ষিত অৱস্থাত আছে। মই তেওঁক লৈ পুনৰ ইয়াত উভতি আহিম।

এতেকে হে ৰাজন, আপুনি মােৰ স্ত্রীক উভতাই দিয়ক, মই পুনৰ স্বৰ্গলৈ যাও। মানুহ জনৰ কথা শুনি সকলােৰে মুখত মাত হেৰাই গ'ল।

তেতিয়া মানুহজনে এই মৌনতাৰ কাৰণ জানিব বিচাৰিলে।

ৰজাই একো ক’বলৈ নৌপাওতেই সভাসদে ক'লে, হে বীৰ পুৰুষ আপােনাৰ স্ত্রী অগ্নিত লীন হৈ গৈছে। কিন্তু, কিয়? মানুহ জনে সুধিলে। কোনেও একো উত্তৰ দিব নােৱাৰিলে।

এইবাৰ মানুহজনে ক'লে, হে ৰাজন, পৰস্ত্রী সহােদৰ, লােককল্প মহাদ্রুম। আপুনি ব্ৰহ্মাৰ দৰে চিৰ আয়ুষ্মন হওঁক। মই এজন যাদুকৰ ইমান পৰে মই আপােনাক মােৰ ইন্দ্রজাল বিদ্যাৰ নৈপুন্য দেখুৱালাে।

ৰজাও যাদুকৰ জনৰ ওপৰত প্রসন্ন হ’ল। হেন সময়তে কোষাধ্যক্ষই ক'লে যে পাণ্ড্যৰাজে কৰ স্বৰূপে প্ৰচুৰ ধন-ৰত্ন পঠিয়াইছে। ৰজাই নির্দেশ দিলে, এই সকলােবােৰ যাদুকৰক দিয়া।

এইবাৰ পুতলাৰূপী হংসগামিনীয়ে ৰজা ভােজক ক'লে, তুমিও যদি ৰজা বিক্রমাদিত্যৰ দৰে ঔদার্য গুণৰ অধিকাৰী হৈছা, তেন্তে সিংহাসনত বহা। ৰজা ভেজে একো উত্তৰ নিদিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment