Wednesday, April 15, 2026
0 Shares

সিংহৰ ভয়

সিংহৰ ভয়

কোনাে এখন হাবিত এটা প্রকাণ্ড সিংহ আছিল। সিংহটো আছিল বেছ হৃষ্ট-পুষ্ট। তথাপি তাৰ মনত আছিল এটা বৰ দুখ। সি ইমান শকত-আৱত হৈও সামান্য কুকুৰা এটাক ভয় কৰে। সি কথাটো সহজভাবে ল’ব নােৱাৰিলে।

সেই কৰণে সি কথাটো ভগৱানক ক'লে। সিংহই ক'লে – প্রভু মই ইমান ডাঙৰ শৰীৰৰ গৰাকী হৈও এটা সাধাৰণ কুকুৰা এটাক ভয় কৰোঁ। এইটো লাজৰ কথা নহয়নে?” ভগৱানে ক'লে– “তােমাক মই এটা বিশাল আৰু শক্তিশালী শৰীৰ দিছোঁ। তথাপি তুমি এটা সাধাৰণ কুকুৰাক ভয় কৰা। তাত মই কি কৰিম?” সিংহটোই ভাবিলে –“কথাটো হওতে নােহােৱাও নহয়। মই এটা সাধাৰণ কুকুৰাক ভয় কৰোঁ, তাত ভগৱানৰ অপৰাধ ক’ত?” ইয়াকে ভাবি-ভাবি গৈ থাকোতে সি গৈ গৈ এটা হাতীৰ কাষ পালেগৈ। সি হাতীটোৰ খা-খবৰ ললে আৰু হাতীটোৱেও সিংহৰ খা-খবৰ ললে। সেইখিনি সময়ত সিংহই দেখিলে যে হাতীটোৱে বাৰে বাৰে তাৰ প্ৰকাণ্ড কাণখন জোকাৰি থাকে। হাতীটোৱে এনেদৰে জোকাৰি থকাৰ কাৰণ সুধিলে। হাতীটোৱে ক’লে- মই এইদৰে কাণ দুখন জোকাৰি থকাৰ এটাই কাৰণ মই মাখিক বৰ ভয় কৰোঁ। মাখিয়ে মােক বৰ কষ্ট দিয়ে। সাধাৰণ মাখি এটাকো মই বলাব নােৱাৰোঁ। যদিহে কেতিয়াবা কাণত সােমাই যায় মােৰ মৃত্যু নিশ্চিত। সেই কাৰণে মই মাখিক ভয় কৰোঁ।” হাতীৰ কথা শুনি সিংহই মনত সাহস পালে। সেইদিনাৰ পৰা সি কুকুৰাক ভয় নকৰা হ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment