অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। কিছু বছৰ আগলৈকে ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বিশাল অসমৰ অংগ আছিল। ৰাজনৈতিক কাৰণত ই সাতটা ভাগত বিভক্ত হয়। আপেক্ষিক বিচাৰত অঞ্চলটোৰ আনবোৰ ৰাজনৈতিক গোটতকৈ এই ৰাজ্য উন্নত। কিন্তু সৰ্বভাৰতীয় মানত অসমো এখন অর্থনৈতিকভাৱে অনগ্রসৰ ৰাজ্য। অসমৰ অৰ্থনীতি প্ৰধানকৈ গ্ৰাম্যভিত্তিক হলেও সংখ্যাৰ দিশৰ পৰা সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক চহৰ এই ৰাজ্যতে অৱস্থিত।
Table of Contents
প্ৰকৃতাৰ্থত অসম প্রাকৃতিক সম্পদত সমৃদ্ধ যদিও অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ই আগবাঢ়িব পৰা নাই। সেয়েহে অসম আজিও সৰ্বভাৰতীয় মানত নিম্ন, দৰিদ্ৰ আৰু নিবনুৱাৰ গ্ৰাসত আক্রান্ত। অসমৰ প্ৰাপ্ত সম্পদৰ ভিত্তিত এতিয়াও পর্যাপ্ত উদ্যোগ গঢ়ি উঠা নাই। সম্পদসমূহৰ বিস্তৃতি কেউদিশে বিয়পি আছে। প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে অগ্রণী ৰাজ্য। পিছে এই সম্পদসমূহৰ যথোপযুক্ত ব্যৱহাৰ, উদঘাটন আদি নোহোৱাৰ বাবে অর্থনৈতিক বিকাশৰ দিশত অসম এখন অনুন্নত ৰাজ্যৰ শাৰীতে আছে।
বিভিন্ন সম্পদেৰে সমৃদ্ধ
অসমত পোৱা খনিজাত সম্পদসমূহৰ ভিতৰত খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল, বোকা, শিল, চিলেমেনাইট, লোৰ আকৰ আদি উল্লেখযোগ্য। এক শতিকাৰ আগতে বিদেশী শাসকৰ পৰিচালনাত কয়লা, তেল আদিৰ দৰে সম্পদৰ ভেঁটিত যিবোৰ উদ্যোগ গঢ়ি উঠিছিল সেইবোৰেই উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰম্ভণি বুলি ক’ব পাৰি। অসমৰ কয়লাখনিসমূহ উজনি ভাগৰ মাকুম, জয়পুৰ অঞ্চলতে কেন্দ্রীভূত হৈ আছে। ৰাজ্যখনৰ আন দুবিধ প্রধান খনিজ সম্পদ হ’ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ।
ৰাজ্যখনৰ নাহৰকটীয়া, মৰাণ, ডিগবৈ আদি অঞ্চলত খাৰুৱা তেল পর্যাপ্ত পৰিমাণে পোৱা যায়। এই তেল ডিগবৈ, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড়ত থকা শোধনাগাৰত শোধন কৰা হয়। অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা নিৰ্গত গেছ আজি কিছু বছৰলৈকে সম্পূৰ্ণৰূপে অপচয় হৈ আছিল। এতিয়া আংশিক কামত লগোৱা হৈছে। এই অপচয় অসমৰ অৰ্থনীতিৰ বাবে অতি ক্ষতিকাৰক। বিলাতী মাটি প্রস্তুত কৰিব পৰা চূণশিল কাৰ্বি আংলং, উত্তৰ কাছাৰ পাহাৰ জিলাত পর্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰ পৰাই বোকাজানত বিলাতী মাটিৰ কাৰখানা স্থাপন কৰা হৈছে। গোৱালপাৰা জিলাৰ ঠাই বিশেষে লোৰ আকৰ পোৱা গৈছে। কিন্তু এই সকলো সম্পদৰ পৰ্যাপ্তব্যৱহাৰ এতিয়াও হোৱা নাই।
খনিজ সম্পদৰ দৰে বনজ সম্পদতো অসম বেছ চহকী। ৰাজ্যৰ বনাঞ্চলত নানা তৰহৰ মূল্যবান কাঠ, বাঁহ, বেত আদি যথেষ্ট পৰিমাণে পোৱা যায়। এনে সম্পদৰ ভিত্তিত উদ্যোগ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে। বৰ্তমান প্লাইউড কাৰখানা, কাঠফলা কল, জুইশলা প্রস্তুত কৰা উদ্যোগ, কাগজ কল ইত্যাদি গঢ় উঠিছে। এই উদ্যোগসমূহে ৰাজ্যখনত নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।
কয়লা, খাৰুৱা তেল, প্রাকৃতিক গেছ আৰু জলবিদ্যুতেই শক্তিৰ প্ৰধান পৰম্পৰাগত বাণিজ্যিক উৎস। অসমত জলবিদ্যুৎ শক্তি উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে। ব্রহ্মপুত্র তথা বৰাক আৰু ইয়াৰ অগণন উপনদীয়ে বিজুলী শক্তি উৎপাদনৰ সম্ভাৱনাৰ ইংগিত বহন কৰে। অসমত জলবিদ্যুৎ আঁচনিৰ আশানুৰূপ উন্নতি নোহোৱাৰ বাবে গেছ, ডিজেল, তেল আদিৰ সহায়তে বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ আনবোৰ ৰাজ্যৰ দৰে অসমো এখন কৃষিনির্ভৰ ৰাজ্য। ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত কৃষিখণ্ডৰ অৰিহণা পঞ্চাশ শতাংশ। তেনেদৰে ৰাজ্যখনৰ আশী শতাংশ লোকেই প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষিখণ্ডৰ সৈতে জড়িত। অসমত মুঠ ভৌগোলিক আয়তন প্রায় চল্লিশ শতাংশ ব্যৱহাৰ কৰা হয় কৃষিৰ বাবে। অসমৰ ভূমিখণ্ডৰ এক বুজন অংশ বনাঞ্চল আৰু পাহাৰে আগুৰা। দুখনমান পাহাৰীয়া জিলাত ঝুমখেতিৰো প্ৰচলন আছে।
অনগ্রসৰ কৃষি ব্যৱস্থা:
অসমৰ অৰ্থনীতিৰ বাবে কৃষি গুৰুত্বপূর্ণ যদিও ৰাজ্যখনৰ কৃষি ব্যৱস্থা এতিয়াও অনগ্রসৰ অৱস্থাতে আছে। কৃষিৰ আধুনিকীকৰণৰ প্রক্রিয়াও মন্থৰ। অসমৰ কৃষি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। কৃষিভূমিৰ ক্ষুদ্র আকাৰ, বিত্ত যোগানৰ অভাৱ, জলসিঞ্চনৰ পর্যাপ্ত সুবিধাৰ অভাৱ দেখা যায়। সেয়েহে আধুনিক আৰু উন্নত কৃষি ব্যৱস্থাৰ প্রয়োগ সম্ভৱ হৈ উঠা নাই। অসমৰ প্ৰধান কৃষিজাত সামগ্ৰীসমূহ হ’ল ধান, মাহ, ঘেহু, মাকৈ, দাইল, কুঁহিয়াৰ, আলু, চাহপাত, মৰাপাট, সৰিয়হ, কপাহ ইত্যাদি। ইয়াৰ উপৰি সুমথিৰা, নেমু, কল, নাৰিকল, মাটিকঁঠাল, আম আদিও কিছু পৰিমাণে উৎপন্ন হয়।
ৰাজ্যখনত উৎপাদিত খাদ্য-শস্যৰ ভিতৰত ধানৰ গুৰুত্বই সর্বাধিক। ধান উৎপাদনৰ বাবেই সর্বাধিক কৃষি ভূমি ব্যৱহাৰ কৰা হয়। ৰাজ্যখনৰ ক্ৰমবৰ্ধিত চাহিদা পূৰাবলৈ অধিক শস্য উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যদিও ইয়াৰ কৃষি ব্যৱস্থা এতিয়াও বহু পৰিমাণে বতৰৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ থকাটো দুর্ভাগ্যজনক। বানপানী, অতিবৃষ্টি, অনাবৃষ্টিৰ ফলত ৰাজ্যখনৰ কৃষি ব্যবস্থা প্ৰভাৱিত হয়। অৱশ্যে অসমৰ কৃষি উৎপাদনৰ গতি-বিধি ক্রমাগত উদ্ধগতিৰ হোৱাটো সুস্পষ্ট।
উদ্যোগীকৰণ অর্থনৈতিক উন্নয়নৰ এক সার্বজনীনভাবে স্বীকৃত সূচক বা মাপকাঠি। উদ্যোগীকৰণৰ মাত্ৰাই অঞ্চলটোৰ অৰ্থনীতিয়ে লাভ কৰা বিকাশ বা সমৃদ্ধিৰ স্তৰ প্রতিফলিত কৰে। প্রকৃতপক্ষে অসমৰ উদ্যোগৰ গাঁথনি অতি দুর্বল। উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় বুনিয়াদৰো অভাৱ। প্রাক-স্বাধীনতাৰ সময় আৰু স্বৰাজোত্তৰ কালত অসমত তেল, চাহ আৰু কয়লাই প্রধান উদ্যোগৰূপে পৰিগণিত হৈ আছে। অৱশ্যে পঞ্চবার্ষিক পৰিকল্পনাৰ আঁচনিত কেতবোৰ সৰু-বৰ উদ্যোগ স্থাপিত হৈছে। ইয়াৰ সৰহ ভাগেই প্রাপ্ত সম্পদৰ ভিত্তিত স্থাপিত উদ্যোগ। স্বৰাজোত্তৰ কালত অসমত স্থাপিত হোৱা উদ্যোগসমূহৰ ভিতৰত উল্লেখযোগ্য হ’লঃ তেল শোধনাগাৰ, কয়লা, প্লাইউড, ৰাসায়নিক সাৰ, জুইশলা, কাগজ আৰু মণ্ড প্রস্তুত, মৰাপাট, বিলাতী মাটি, চেনি আদি। অৱশ্যে এইবোৰৰ উপৰি ৰাজ্যখনত আৰু বহু উদ্যোগ ইতিমধ্যে প্রতিষ্ঠা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ পঞ্জীভূত কাৰখানাৰ এক বুজন অংশ হ’ল চাহপাতৰ কাৰখানা।
অসমৰ অৰ্থনীতিত ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ ভূমিকা
অসমৰ অৰ্থনীতিত ক্ষুদ্র আৰু কুটীৰ উদ্যোগৰ বিশেষ ভূমিকা আছে। এনে উদ্যোগৰ বিকাশে ৰাজ্যৰ আয় বৃদ্ধিৰ উপৰি নিবনুৱা সমস্যা সমাধানত অৰিহণা যোগায়। ৰাজ্যখনত এনে উদ্যোগ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে। পৰম্পৰাগত হস্তশিল্প যেনে- হাজো-সৰ্থেবাৰীৰ কাহ-পিতলৰ শিল্প, বৰপেটাৰ হাতী দাঁতৰ সামগ্রী, শুৱালকুছিৰ পাটশিল্প আদিৰ উন্নয়নৰ আঁচনি লোৱা হৈছে। নানা কাৰণত অসমৰ উদ্যোগীকৰণৰ ভেঁটি দুর্বলতৰ হৈছে। এইবোৰৰ ভিতৰত পৰিবহন আৰু যোগাযোগৰ দুৰ্বলতা, শক্তি উৎপাদনৰ অসুবিধা, ভৌগোলিক অসুচল অৱস্থান, স্থানীয় মূলধনৰ অভাৱ, বিত্তীয় অসুবিধা আদিয়েই প্ৰধান।
স্বৰাজোত্তৰ কালত ভাৰতক পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনলৈ অনা হয়। ভাৰতীয় পৰিকল্পনা আয়োগৰ নিৰ্দেশক্ৰমে ৰাজ্যিক পৰিকল্পনা পৰিষদে অসমৰ অৰ্থনৈতিক পৰিকল্পনা কার্যকৰী কৰে। অসমৰ অৰ্থনৈতিক পৰিকল্পনা স্বাভাৱিকতেই ভাৰতীয় অর্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্যৰ আধাৰত গঢ় লৈ উঠে। অৱশ্যে ৰাজ্যখনৰ বিশেষ প্রাকৃতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রত্যেক পৰিকল্পনাতে কিছু বিশেষ আঁচনি ৰূপায়ণত অধিক গুৰুত্ব আৰোপ কৰা হয়। কিন্তু অসমৰ ভৌগোলিক অৱস্থাই পৰিকল্পনা ৰূপায়ণত বাধাৰ সৃষ্টি কৰে।
ভৌগোলিকভাৱে দেশৰ মূল ভূ-ভাগৰ সৈতে প্ৰায় বিচ্ছিন্ন, বানপানীয়ে সঘনে বিধ্বস্ত কৰা কৃষি অর্থনীতি, পৰিবহন, যোগাযোগৰ অসুচলতা, বিদ্যুৎ শক্তিৰ অভাৱ, স্থানীয় মূলধন আৰু উদ্যোগীৰ অভাৱ, বিত্ত সম্পদৰ নাটনি আদি অলেখ সমস্যাই ৰাজ্যখনৰ পৰিকল্পনা ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে। কিন্তু পৰিকল্পনাৰ আৰম্ভণিৰে পৰা যুক্তিসংগতভাৱে উন্নয়নৰ অন্তৰায়সমূহ আঁতৰাই সবল আৰু শক্তিশালী উন্নয়নৰ ভেঁটি গঢ়ি তোলাৰ ওপৰত যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল, তাক সঠিকভাৱে কৰিব নোৱাৰাৰ বাবে ছটা দশকৰ পৰিকল্পনাৰ পাছতো ৰাজ্যখনৰ অৰ্থনৈতিক প্রগতিৰ গতি মন্থৰ হৈয়ে আছে। ৰাজ্যখনৰ বিশেষ সামাজিক, ৰাজনৈতিক পৰিস্থিতি, প্রাকৃতিক দুর্যোগ আদিৰ উপৰি প্রয়োজনমতে যথেষ্ট পৰিমাণৰ পৰিকল্পনাৰ ব্যয়ৰ অভাৱ, পৰিকল্পনাৰ আসোঁৱাহপূর্ণ ৰূপায়ণ আদি ৰাজ্যখন অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ পথত হেঙাৰ হৈছে।
এখন ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত জনসংখ্যাৰ প্রভাৱ সুদূৰপ্ৰসাৰী৷ সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ প্ৰায় ৭৫ শতাংশ লোক অসমত বাস কৰে। শতিকাৰ আৰম্ভণিৰে পৰা জনসংখ্যা ধাৰাবাহিক গতিত বৃদ্ধি পাই আহিছে। অসমৰ জনসংখ্যা বৃদ্ধিত বহিৰাগত প্ৰব্ৰজনেও যথেষ্ট অৰিহণা যোগাইছে। ক্রমবর্ধমান জনসংখ্যাৰ হেঁচাই খেতিৰ মাটি হ্রাস কৰিছে। খাদ্যশস্যৰ অনাটন, দৰিদ্ৰতা আদি বৃদ্ধি কৰি অসমৰ অৰ্থনৈতিক বিকাশৰ বাধা জন্মাইছে।
সামৰণি
যোৱা কিছুবছৰ ধৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ অশান্তিজনক পৰিৱেশৰ ফল অর্থনৈতিক ক্ষেত্ৰলৈ বিয়পি পৰিছে। অর্থনৈতিক স্বাধীনতা অবিহনে সামাজিক নিৰাপত্তা সম্ভৱ নহয়। আনহাতে সামাজিক নিৰাপত্তা অবিহনে অর্থনৈতিক উন্নয়নো অসম্ভৱ। অসমৰ অব্যৱহৃত সম্পদসমূহৰ ব্যৱহাৰে কৰ্ম সংস্থানৰ সুযোগ দিব পাৰিব। ঔদ্যোগীকৰণৰ ফলত নিবনুৱা সমস্যাৰো সমাধান হব। পৰিকল্পনাৰ সফল ৰূপায়ণে অসমৰ সমস্যা জৰ্জৰিত অর্থনীতিলৈ পৰিৱৰ্তন আনিব বুলি আশা কৰিব পাৰি।
(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)