Wednesday, April 15, 2026
0 Shares

অন্ধ ধৃতৰাষ্ট্র

বেদব্যাসৰ বৰত শতহস্তীৰ বল লাভ কৰা ধৃতৰাষ্ট্ৰ আছিল অম্বিকাৰ পুত্র। জন্ম সূত্রে তেওঁৰ পিতৃৰ নাম ব্যাস। জন্মান্ধ হােৱা কাৰণে তেওঁ ডাঙৰ হৈও হস্তিনাপুৰৰ সিংহাসনত বহিবলৈ সক্ষম হােৱা নাছিল, তেওঁতকৈ সৰু পাণ্ডু ৰাজপাটত বহিবলৈ সক্ষম হৈছিল। ধৃতৰাষ্ট্রৰ পত্নী আছিল গান্ধাৰপতি সুৱলৰ কন্যা গান্ধাৰী। তেওঁৰ পৰা ধৃতৰাষ্ট্রৰ দুর্যোধন, দুঃশাসন আদি এশ পুত্র ওপজে। তেওঁলােকক কৌৰৱ বােলে। বেদব্যাসে গান্ধাৰীক শতপুত্র লাভ কৰিব বুলি বৰ দিছিল। সময়ত ধৃতৰাষ্ট্র এশ পুত্ৰৰ পিতৃ হােৱাৰ লগতে দুঃশলা নামৰ এজনী কন্যাৰাে পিতৃ হয়। পাণ্ডুৰ অকাল বিয়ােগৰ পাছত ধৃতৰাষ্ট্ৰই হস্তিনাপুৰৰ সিংহাসনৰ গৰাকী হয়। এইজন ধৃতৰাষ্ট্ৰই জগতৰ শ্রেষ্ঠ অযােগ্য পিতৃ তথা অভিভাৱকৰূপে পৰিচিত। তেওঁৰ অযােগ্যতাৰ বাবেই তেওঁৰ এশ পুত্র কুৰুক্ষেত্ৰ ৰণত বিনাশ হয় আৰু কৌৰৱ পক্ষৰ ভালেমান ৰথী-মহাৰথীৰাে বিনাশ ঘটে। তেওঁ কঠোৰ হােৱাহেঁতেন কেতিয়াও এনে মৃত্যুযজ্ঞৰ সূচনা নহ'লহেঁতেন। তেওঁ আছিল পুত্র স্নেহত অন্ধ। বিনা প্রতিবাদেৰে তেওঁ জ্যেষ্ঠ পুত্র দুর্যোধনৰ সকলাে ভুল সিদ্ধান্ত মানি লৈছিল। তেওঁ কৰা অতি মৰম আৰু বিশ্বাসৰ কুফল স্বৰূপে সময়ত দুর্যোধন অতি নিষ্ঠুৰ হৈ উঠে আৰু সকলােৰে অবাধ্যও হৈ উঠে। ধৃতৰাষ্ট্ৰই তেওঁৰ অজ্ঞানতাৰ বাবে স্বয়ং বিষ্ণুৰ অংশীদাৰ জগতৰ অবিনশ্বৰ শ্ৰীকৃষ্ণকো তুচ্ছ বুলি জ্ঞান কৰিছিল। উক্ত অভিমানৰ বাবে আৰু অজ্ঞানতাৰ বাবেই তেওঁ তেওঁৰ এশ পুত্রক জগতৰ শ্ৰেষ্ঠ শক্তি বুলিও জ্ঞান কৰিছিল। ভাবিছিল, কিজানি তেওঁৰ এশপুত্ৰৰ হাতত সামান্য পাণ্ডুৰ পাঁচ পুত্র তিলতিলকৈ মৃত্যুমুখত পৰিব। তেওঁৰ ভুল সিদ্ধান্তৰ বাবেই সময়ত বিধ্বংসী কুৰুক্ষেত্র যুদ্ধ সংঘটিত হৈছিল। সময়ত হিতেই বিপৰীত হৈছিল আৰু এজন এজনকৈ সকলােকেইজন পুত্ৰই যুদ্ধক্ষেত্ৰত মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। ধৃতৰাষ্ট্ৰৰ অন্ধ সমর্থনৰ বাবেই দুর্যোধন আদি পুত্ৰসৱ কুপথত পতিত হৈছিল আৰু ৰাজসভাৰ দৰে পবিত্রস্থলীত বস্ত্রহৰণৰ দৰে কুকার্য সাধিত হৈছিল। জতুগৃহত পাণ্ডৱক জ্বলাই মাৰিবলৈ ষড়যন্ত্র ৰচনা কৰা হৈছিল। অৱশ্যে ধৰ্মৰ সদায় জয় আৰু অধৰ্মৰ সদায় বিনাশ। সেইকথাকে সময়ত প্রতিফলিত হৈছিল। সঁচাই ধৃতৰাষ্ট্রৰ দৰে অন্ধ অভিভাৱক সকলৰ বাবে আজি একাংশ সন্তান ভুল পথে পৰিচালিত হৈ সমাজ জীৱন নিতৌ অস্থিৰ অশান্ত কৰি আছে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment