Wednesday, April 15, 2026
0 Shares

অসাধ্য সাধন

মহাভাৰতৰ যুগৰ ঘটনা। ভৰদ্বাজ মুনিৰ এগৰাকী কন্যা আছিল। তেওঁৰ মনত এটি অভিলাষ আছিল যে তেওঁ এদিন দেৱৰাজ ইন্দ্ৰৰ পত্নী হ’ব। সেয়েহে তেওঁ দেৱৰাজ ইন্দ্রক স্বামী হিচাপে পােৱাৰ কামনাৰে বহু বছৰ কঠোৰ তপস্যা কৰিলে। এনেকৈ তপস্যা কৰি থাকোতে এদিন দেৱৰাজ ইন্দ্রই বশিষ্ঠ মুনিৰ ৰূপ লৈ তপস্বিনী শ্ৰুতাৱতীৰ সন্মুখত উপস্থিত হয় আৰু তেওঁৰ পাণি প্রার্থনা কৰে। শ্ৰুতাৱতীয়ে এনেকুৱা ঘটনা কেতিয়াও আশা কৰা নাছিল। সেয়েহে তেওঁ মুনিক ক'লে– মই আপােনাৰ প্রার্থনা পূর্ণ কৰিব নােৱাৰিম; কাৰণ মই ইতিমধ্যে ইন্দ্ৰদেৱৰ ওচৰত আত্মসমর্পণ কৰিছে আৰু তেওঁহে মােৰ ভৱিষ্যৎ হ'ব লগা স্বামী দেৱতা। দেৱৰাজ ইন্দ্ৰই মনে মনে গভীৰ আত্মসন্তুষ্টি লাভ কৰিলে আৰু শ্ৰুতাৱতীক এইবুলি ক'লে যে। তেওঁৰ ইচ্ছা অৱশ্যে পূর্ণ হ’ব। ইয়াকে কৈ তেওঁ শ্ৰুতাৱতীক পাঁচটা বগৰী দিলে আৰু ক'লে যে বগৰীকেইটা ভালদৰে সিজাই ৰাখিব লাগে। সেইদিনাৰ পৰা শ্ৰুতাৱতীয়ে বগৰীকেইটা বহুদিন ধৰি সিজাবলৈ চেষ্টা কৰিলে যদিও বগৰীকেইটা নিসিজেহে নিসিজে। ইফালে, সঞ্চয় কৰা খৰিবােৰ শেষ হৈ গ’ল। অৱশেষত নিৰাশ হৈ তেওঁ নিজৰ শৰীৰৰ দ্বাৰা জুই জ্বলাবলৈ ইচ্ছা কৰিলে আৰু প্ৰথমতে ভৰি দুখন জুইত সুমুৱাই দিয়ে। এই অদ্ভুত সাধনাত সন্তুষ্ট হৈ দেৱৰাজ ইন্দ্ৰই আহি তেওঁৰ সন্মুখত দেখা দি ক’লে যে তেওঁ শ্ৰুতাৱতীৰ তপস্যাত অতি সন্তুষ্ট। গতিকে তেওঁৰ অভীষ্ট নিশ্চয় সিদ্ধি হ'ব। এতিয়া তেওঁ আগৰ দেহ ত্যাগ কৰিব লাগিব আৰু নতুন দেহ ধাৰণ কৰিব লাগিব। সেই দেহৰ দ্বাৰাহে স্বর্গ প্রাপ্তি সম্ভৱ হ'ব। ইয়াৰ পিছতহে তেওঁ বিচৰা স্বামীৰ সংগ লাভ কৰিব। ইয়াকে কৈ ইন্দ্র অন্তর্ধান হয়। দেৱৰাজ ইন্দ্ৰৰ প্ৰতিশ্রুতি আৰু উপদেশমতে শ্ৰুতাৱতীৰ মনৰ আশা খুব সােনকালে পূর্ণ হ'ল। শ্ৰুতাৱতীয়ে তেওঁৰ মনৰ স্বামী ইন্দ্রক লাভ কৰি ইয়াকে প্রমাণ কৰিলে যে মনৰ আশা যেতিয়া সৎ হয়, চেষ্টা যেতিয়া অটুট থাকে, তেতিয়া যিকোনাে অভিপ্রায় নিশ্চয় পূৰণ হয়। সেইকাৰণে সৎ উদ্দেশ্যেৰে সাধনাত ব্ৰতী হ’বলৈ ধৈর্য আৰু একাগ্ৰতাৰে আগবাঢ়ি গ'লে অসাধ্য সাধন কৰিব পাৰি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment