Wednesday, April 15, 2026
0 Shares

শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণ

অশ্বমেধ যজ্ঞৰ পাছত শ্ৰীকৃষ্ণই পাণ্ডৱৰ পৰা বিদায় লৈ দ্বাৰকালৈ প্রস্থান কৰিলে। দ্বাৰকাত যাদৱকুলৰ অৱস্থা দেখি শ্রীকৃষ্ণ অতি মর্মাহত হয়। শ্রীকৃষ্ণৰ পাে-নাতি, বংশ পৰিয়াল সকলাে উদণ্ড হৈ দ্বাৰকাত অনেক অকার্য সাধন কৰিবলৈ ধৰিলে। তেওঁলােকৰ ভিতৰতে মৰামৰি, কটাকটি হ'বলৈ ধৰিলে। শ্রীকৃষ্ণই অনুভৱ কৰিলে বংশত এনে সতি-সন্ততি থকাতকৈ নথকাই ভাল। এনে লােকৰ বিনাশ জগতৰ বাবে মংগলজনক। সেয়ে তেওঁ যাদৱকুল দ্বাৰকাত বিনাশ কৰি বৈকুণ্ঠধামলৈ যাবৰ বাবে মনস্থ কৰিলে।

ইতিমধ্যে এদিন নাৰদ, বিশ্বামিত্র আদি কেইজনমান বিশ্ব বৰেণ্য ঋষিমুনিয়ে শ্রীকৃষক দেখা কৰিবলৈ দ্বাৰকালৈ গৈছিল। সেই সময়তে যাদৱ কেইজনমানে তেওঁলােকক বাটতে আগচি ধৰি উপলুঙা কৰিবলৈ মন মেলিলে। তেওঁলােকে এজন ডেকাক তিৰােতা সজাই এডােখৰ লাে পেটত বান্ধি গৰ্ভৱতী তিৰােতাৰ ভাও দেখুৱাই তেওঁৰ বিষয়ে কিবা-কিবি প্রশ্ন কৰিলে। যাদৱসকলৰ অভিপ্রায় নাৰদ, বিশ্বামিত্র আদিয়ে ভালদৰে বুজি পালে। শ্ৰীকৃষ্ণৰ বংশৰ সন্তানসকলৰ এনে অধঃপতন দেখি তেওঁলােক বৰ আচৰিত হ’ল। তেওঁলােকে খঙত যাদৱসকলক অভিশাপ দিলে– “তহঁত যদুকুলৰ কণ্টক। তহঁতে আমাক কৰা উপলুঙাৰ ফল ভােগ কৰিব লাগিব। তহঁতৰ বিনাশ সমাগত। গর্ভধাৰণৰ অভিনয় কৰি আমাক অপমান কৰিলি, শুন, গৰ্ভত থকা সেইডালে তহঁতৰ কাল হ’ব।” কালক্ৰমত সেই লােডালেই তেওঁলােকৰ কাল হ’ল। লােডাল গুড়ি কৰি পানীত পেলাইদি তাৰ পৰা হ’ব পৰা বিপদ বাৰণ কৰিবলৈ তেওঁলােকে ব্যৱস্থা কৰিলে; কিন্তু ব্রহ্মশাপ কেতিয়াও খণ্ডন নাযায়। লােৰ গুড়িবিলাকৰ পৰা নৈৰ বালিচৰত এডৰা খাগৰি গজিল। সৰু লাে টুকুৰা মাছৰ পেটত পৰিলগৈ। মাছৰ পেটত পাই ব্যাধ এটাই লাে টুকুৰা তাৰ কাঁড়ৰ আগত লগাই ল’লেগৈ। এইদৰে লাে ডােখৰৰ স্থিতি পৰােক্ষভাৱে থাকি গ'ল। ইয়াৰ পাছত দ্বাৰকাত এটা উৎসৱ হৈছিল। তাত সকলাে যাদৱ সমৱেত হৈছিল। শ্রীকৃষ্ণ আৰু বলােৰামাে তাত উপস্থিত আছিল। উৎসৱৰ অন্তত সকলাে ডেকাই মিলি তাত ভােজ-ভাত খালে। ভােজত সুৰাপানাে হ’ল। অত্যাধিক সুৰাপানে সকলােকে মতলীয়া কৰি তুলিলে। শেষত তেওঁলােকে হিতাহিত জ্ঞানশূন্য হৈ যুদ্ধত অৱতীৰ্ণ হ'ল। সকলােৱে বাধাহীন ভাবে শতৰুৰ দৰে যুঁজি গ'ল। শ্রীকৃষ্ণ আৰু বলােৰাম অবাক হৈ যুঁজ চাই থাকিল মাথােন, বালিচৰত গজি থকা খাগৰিবােৰ উভালি আনি ইজনে সিজনক কেৱল মৰিয়াইছে। অৱশেষত সমষ্ট যদুকূল নিধন হ’ল। বাকী থাকিল বলােৰাম আৰু শ্ৰীকৃষ্ণ। বলােৰামে বংশ নাশ হােৱা দেখি অৰণ্যলৈ গৈ ধ্যানস্থ হৈ দেহ ত্যাগ কৰিলে। শ্রীকৃষ্ণইও বিষাদ মনেৰে কিবা কিবি ভাবি গুণি গছ এজোপাৰ ডালত বহি আছিল। তেনেতে ব্যাধ এজনে চিকাৰ কৰিবলৈ আহি পহুৱে কাণ লৰাইছে বুলি ভাবি আগ গুৰি নিচিন্তি শৰ নিক্ষেপ কৰিলে। দৌৰি গৈ তেওঁ দেখিলে, তেওঁৰ শৰে শ্ৰীকৃষ্ণৰ বুঢ়া আঙুলিতহে বিন্ধিছে। ব্যাধে কান্দি কান্দি শ্রীকৃষ্ণক ক্ষমা বিচাৰিলে। শ্রীকৃষ্ণই বুজাই দিলে যে তাত তেওঁৰ কোনাে অপৰাধ হােৱা নাই। সকলাে পূর্বজন্মৰ অভিশাপৰ ফল। ইমানতে শ্রীকৃষ্ণই তেওঁৰ মানৱী জনম আৰু লীলা সামৰি বৈকুণ্ঠ ধামলৈ গতি কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment