Wednesday, April 15, 2026
0 Shares

জন্মেজয় ৰজাৰ প্রতিশােধ

ধৰ্মৰাজ যুধিষ্ঠিৰৰ পাছত বিখ্যাত হস্তিনাপুৰৰ সিংহাসনত বহা নৃপতিজনৰ নাম হ'ল পৰীক্ষিত। মহাৰাজ পৰীক্ষিত আছিল অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। ৰজা পৰীক্ষিত শমীক মুনিৰ পুত্র শৃঙ্গীৰ দ্বাৰা শাপগ্রস্ত হৈছিল। সেই অভিশাপ মতে, ৰজাক সাতদিনৰ ভিতৰত তক্ষক নাগে দংশন কৰিব লাগে। ঋষিৰ শাপ বিফলে নাযায়। সঁচাকৈয়ে তক্ষকৰ দংশনত ৰজা পৰীক্ষিতৰ মৃত্যু হ’ল। কিন্তু তেওঁৰ পুত্র জন্মেজয়ে পিতৃৰ তেনে মৃত্যু কেতিয়াও আশা কৰা নাছিল। সেয়ে জন্মেজয় ক্ৰোধত জ্বলি উঠিল আৰু প্রতিজ্ঞা কৰিলে যে ৰজা হৈয়েই তেওঁ পিতৃ-বৈৰী সৰ্প জাতিক ধ্বংস কৰিব। ইয়াৰ বাবে তেওঁ সৰ্পৰ্যজ্ঞ আৰম্ভ কৰিব। ৰজাৰ বচন নহয় খণ্ডন। জন্মজেয় সিংহাসনত বহিয়েই সপর্যজ্ঞ আৰম্ভ কৰিলে। অৱশ্যে যজ্ঞভূমি নির্বাচন কৰাৰ সময়তেই সূত নামৰ এজন পুৰাণ বক্তাই ভৱিষ্যদ্বাণী কৰিছিল যে কোনো ব্রাহ্মণে সেই যজ্ঞত ব্যাঘাত জন্মাব। যথাসময়ত ঋত্বিকসকলে যি যি সৰ্পৰ নাম উচ্চাৰণ কৰি আহুতি প্রদান কৰিছিল, সেই সর্প লগে লগে আহি যজ্ঞকুণ্ডত ভস্মীভূত হৈছিল। ফলত সমস্ত সর্পকুলৰ মাজত ত্ৰাসৰ সঞ্চাৰ হ’ল। ইফালে, ভয়ত কম্পমান হৈ তক্ষক নাগে দেৱৰাজ ইন্দ্ৰৰ শৰণাপন্ন হ’লগৈ। কিন্তু ইন্দ্রই তক্ষকক সহায় কৰিবলৈ সন্মত নহ'ল। সেই সময়তে আস্তিক মুনি ৰজা জন্মেজয়ৰ সন্মুখত উপস্থিত হ’ল আৰু তেওঁ এটা বৰ বিচাৰিলে। ঋত্বিকসকলে অৱশ্যে মুনিক বৰ দিবলৈ ৰজাক বাধা দিছিল। কাৰণ তেতিয়ালৈকে তক্ষকৰ মৃত্যু হােৱা নাই। ঋত্বিকসকলে এইবাৰ তক্ষকৰ নাম লৈ মন্ত্রপুত আহুতি প্রদান কৰিলে। ফলত ইন্দ্ৰৰ দ্বাৰা প্রত্যাখিত তক্ষক মৃত্যুমুখী হৈ ক্ৰমাৎ পৃথিৱীলৈ নামি আহিবলৈ ধৰিলে। সেই সময়তে উদ্দেশ্য সিদ্ধি হােৱা বুলি ভাবি ৰজা জন্মেজয়ে ঋত্বিকসকলৰ নিৰ্দেশত আস্তিক মুনিক বৰ খুজিবলৈ ক'লে। মুনিয়ে সেই সুযোগতে তক্ষকক উদ্দেশ্য কৰি ‘তিষ্ঠ’ বুলি ক'লে। লগে লগে তক্ষকৰ গতি বন্ধ হ’ল। মুনিয়ে তেতিয়া ৰজাক যজ্ঞ বন্ধ কৰিবলৈ অনুৰােধ কৰিলে। অনিচ্ছাসত্বেও ৰজাই মুনিৰ অনুৰােধ মানি যজ্ঞ বন্ধ কৰিবলৈ বাধ্য হ’ল। ফলত তক্ষকৰ লগতে অৱশিষ্ট সর্পকুলৰ প্ৰাণৰক্ষা পৰিল। সেই সৰ্পৰ্যজ্ঞ কৰাৰ কাৰণেই জন্মেজয়ৰ আন এটা নাম হৈছিল সর্পসত্ৰিণ। প্রাণ ৰক্ষা কৰাৰ বাবে সর্পকুলেও ব্রাহ্মণ ঋষি আস্তিক মুনিৰ উপকাৰ কোনাে কালে পাহৰিব নােৱাৰিলে। সেয়ে আজিও আস্তিক মুনিৰ নাম ল’লে সর্পকুল শান্ত হয়। সেয়া এক বিশ্বাস। কিন্তু প্রকৃত কথাটো হ'ল– প্রতিশােধৰ ভাব ই বৰ মাৰাত্মক। ৰজা জন্মেজয়ৰ প্রতিশােধ পূৰণৰ ভাব অতি অনিষ্টকৰ আছিল। ই প্ৰকৃতিৰ এক বিৰাট ক্ষতি কৰিলেহেঁতেন। অর্থাৎ প্রতিশােধে কেতিয়াও কাৰো ভাল নকৰে, বৰঞ্চ ক্ষতিহে কৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment