এসময়ত আমাৰ দেশ ভাৰতবৰ্ষত অশ্বপতি নামৰ এজন মহাবলৱান আৰু ন্যায় পৰাণ ৰজা আছিল। ৰজা অশ্বপতিয়ে সাবিত্রী দেৱীৰ তপস্যা কৰি এগৰাকী কন্যা সন্তান লাভ কৰিছিল। উক্ত কাৰণতে ৰজাই জীয়েকৰ নাম ৰাখিছিল সাবিত্রী। যৌৱন কাল উপস্থিত হােৱাৰ পিছত ৰাজকন্যা সাবিত্রীয়ে পিতৃ আজ্ঞা অনুসৰি নিজৰ স্বামী অম্বেষণ কার্যত ব্ৰতী হয়। সময় বৰ নিষ্ঠুৰ। সময়ে কেতিয়া কাক ক'লৈ লৈ যায় কোনেও ক'ব নােৱাৰে। সময়ত তেনেকুৱা এটা নভবা ঘটনাই ঘটিছিল। অন্ধ ৰজা দ্যুমৎ সেন শত্ৰুৰ হাতত পৰাস্ত হৈ অকাৰণতে ৰাজ্যচ্যুত হ’ব লগা হয়। পৰিণাম স্বৰূপে তেওঁ পত্নী আৰু পুত্র সত্যৱানৰ সৈতে বনবাসী হ'ব লগা হয়। মহর্ষি নাৰদৰ পৰা সাৱিত্ৰীয়ে বনবাসী সত্যবানৰ ৰূপ আৰু অল্পায়ৰ সম্ভেদ পালে। তেওঁ এই কথাৰাে ভূ পালে যে বিবাহৰ এবছৰ পিছতে সত্যবানৰ মৃত্যু ঘটিব। ইমানখিনি জনাৰ পিছতাে সাৱিত্ৰীয়ে মনে-প্রাণে সত্যৱানকে স্বামী হিচাপে বৰণ কৰিলে। বাধ্য হৈ মহাৰাজ অশ্বপতিয়েও একমাত্র কন্যাক এবছৰ মাত্র পৰমায়ু থকা সত্যবানৰ ওচৰতে সমর্পণ কৰিলে। সাৱিত্ৰীয়ে তেতিয়াৰ পৰাই শহুৰেক আৰু স্বামীৰ লগত বনবাসিনী হয়। বিবাহৰ পিছত সাবিত্রীয়ে স্বামীৰ পৰমায়ুৰ দিন হিচাপ কৰিবলৈ আৰম্ভ কৰে। যেতিয়া দেখিলে যে এবছৰ পূৰ হ’বলৈ হাতত মাত্র চাৰি দিন বাকী, তেতিয়া তেওঁ তিৰাত্র ব্রত আৰম্ভ কৰে আৰু স্বামীৰ মৃত্যুৰ দিনা যথা বিহিতভাৱে ব্ৰত শেষ কৰে। সেইদিনাখনেই সত্যবান ফল-কাষ্ঠ আহৰণৰ বাবে বনলৈ যায়। তেতিয়া সাবিত্রীও শহুৰেকৰ অনুমতি লৈ স্বামীৰ সহগামিনী হয়। বনৰ মাজত সত্যবানৰ অসহ্য মূৰৰ বিষ আৰম্ভ হয় আৰু পত্নী সাৱিত্ৰীৰ কোলাতে মূৰ থৈ তেওঁ প্রাণ বায়ু এৰে।
অলপ পিছতে সাবিত্রীয়ে দেখিবলৈ পায় যে ৰক্ত বস্ত্র পৰিহিত দণ্ডধাৰী এক প্রকাণ্ড পুৰুষ তেওঁৰ সন্মুখত উপস্থিত। সাবিত্রীয়ে জিজ্ঞাসা কৰি জানিলে যে তেওঁ মৃত্যুপতি ‘যম’। যমে সত্যৱানৰ সূক্ষ্ম শৰীৰ বান্ধি লৈ যাবলৈ ধৰিলে। সাৱিত্ৰীয়েও যমক বিনয়ভাৱে স্তুতি কৰি তেওঁৰ পাছে পাছে যাবলৈ ধৰিলে। মৃত্যুপতি বাৰাম্বাৰ বাৰণ বাক্যলৈ সাৱিত্ৰীয়ে কর্ণপাত নকৰিলে। উপায়হীন যমে শেষত সাধ্বী সতী সাৱিত্ৰীৰ স্তুতি মিনতিত সন্তুষ্ট হৈ ক'লে যে তেওঁ সত্যৱানৰ প্ৰাণ দানৰ বাহিৰে যি বৰ লাগে ল’ব পাৰে। সাৱিত্ৰীয়ে প্রথমতে অন্ধ শহুৰেকৰ চক্ষু লাভ, দ্বিতীয়তে শহুৰেকৰ হৃতৰাজ্য লাভ, আৰু তৃতীয়তে নিজ পিতৃ অশ্বপতিৰ শতপুত্র লাভ এইতিনিটা বৰ যমৰাজৰ পৰা লাভ কৰিলে। ইয়াৰ পিছতাে সাৱিত্ৰীয়ে যমৰাজক অনুসৰণ কৰি গৈয়ে থাকিল। যাত্রাপথত তেওঁ যমৰাজক স্তুতি কৰিবলৈ নেৰিলে। বাধ্য হৈ যমৰাজে সাৱিত্ৰীক চতুর্থবৰ মাগিবলৈ পৰামর্শ দিলে। সতী সাৱিত্ৰীয়ে সেই সুযােগতে স্বামী সত্যৱানৰ পৰা এশ পুত্র জন্মিব বুলি বৰ বিচাৰিলে। সাৱিত্ৰীৰ স্তুতিত মৃত্যুপতিয়ে ইমানেই সন্তুষ্ট হৈছিল যে তেওঁ সতীৰ কৌশল বুজিবই নােৱাৰিলে আৰু তথাস্তু’ বুলি কৈ নিজ পথত খােজ ল’লে। তেতিয়া সাৱিত্ৰীয়ে স্বামীৰ জীৱনদান বিচাৰিলে। কাৰণ, পতি বিনে পুত্র লাভ কেনেকৈ সম্ভৱ হ'ব? মৃত্যুপতি নিজৰ বচনতে বান্ধ খাই গ'ল আৰু সত্যবানৰ প্রাণদান দিবলৈ বাধ্য হ’ল। সতী সাৱিত্ৰীৰ সতীত্বৰ বলত তেওঁৰ স্বামীয়ে যমৰাজৰ পৰা চাৰিশ বছৰৰ পৰমায়ু লাভ কৰি সকলাে আশা পূৰণ কৰিলে। সাৱিত্ৰীয়েও নিজৰ সতীত্ব গুণৰ প্রমাণ দি জগৎ বিখ্যাত হ’ল। সঁচাই নাৰীৰ শক্তি অপাৰ। তেওঁলােকে সতীত্বৰ গুণেৰে জগতত বহুত অসাধ্য সাধন কৰিব পাৰে।
Comments (0)
Leave a Comment