Tuesday, March 17, 2026
0 Shares

অর্জুনৰ লক্ষ্য ভেদ

অতীতত ভাৰতবৰ্ষত শিক্ষা প্রদান আৰু গ্ৰহণৰ ব্যৱস্থা আজিৰ দৰে নাছিল। তেতিয়াৰ দিনত ইচ্ছুক শিষ্যসকলে গুৰুগৃহত থাকি অতি কঠোৰ অনুশাসন আৰু পৰিবেশৰ মাজত শিক্ষাগ্রহণ কৰিব লাগিছিল। আজিৰ ছাত্র ছাত্রী সকলে যিবােৰ পাঠ শ্রেণী কক্ষত আয়ত্ত কৰিব লাগে, তেতিয়াৰ দিনত কিন্তু বিষয়বস্তু অন্য ধৰণৰ আছিল। যেনে— যুদ্ধ বিগ্রহৰ কলা-কৌশল, অস্ত্র-শস্ত্ৰৰ প্ৰয়ােগ আৰু বিভিন্ন আধ্যাত্মিক নীতি-আদৰ্শৰ শিক্ষা প্রদান কৰা হৈছিল। দ্বাপৰ যুগতাে তেনে ধৰণৰ শিক্ষা পদ্ধতি প্রচলন আছিল। তেতিয়াৰ দিনত হস্তিনাপুৰৰ ৰজা পাণ্ডুৰ পাঁচপুত্র যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱ আদিয়ে যিজন গুৰুৰ ওচৰত শিক্ষাগ্রহণ কৰিছিল সেই একেজন গুৰুৰ ওচৰত অন্য বহুতে শিক্ষাগ্রহণ কৰিছিল। সেইগৰাকী গুৰুৰ নাম আছিল দ্রোণাচার্য। তেওঁ কৌৰৱ আৰু পাণ্ডৱসকলক যুদ্ধ-বিদ্যা শিকাইছিল বাবেই আচাৰ্যৰূপে পৰিচিত আছিল। এইগৰাকী গুৰুৱে কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ পক্ষ লৈ ৰণ কৰিছিল। তেওঁৰ বিশেষত্ব আছিল এয়ে যে নিজে অস্ত্র ত্যাগ নকৰিলে তেওঁক কোনেও হত্যা কৰিব নােৱাৰে। পিছত তেওঁক যুদ্ধক্ষেত্ৰত অস্ত্র ত্যাগৰ সুযােগদি ধৃষ্টদ্যুম্নৰ দ্বাৰা অন্যায়ভাৱে হত্যা কৰা হয়। এইগৰাকী গুৰুৱে পাণ্ডৱ আৰু কৌৰৱসকলক অতি মৰম আৰু যত্ন সহকাৰে অস্ত্র ব্যৱহাৰৰ বিদ্যা শিক্ষা প্রদান কৰিছিল। বহু বছৰ বহুদিন শিক্ষা প্রদান কৰাৰ অন্তত এদিন গুৰু দ্রোণাচার্যই শিষ্যসকলৰ পাৰদৰ্শিতাৰ প্রমাণ চাবলৈ এটা পৰীক্ষাৰ দিহা কৰিলে। তেওঁ সেই ইচ্ছাৰে এজোপা ওখ বৃক্ষৰ ঠাল এটাত কাঠেৰে নির্মিত পক্ষী এটি ৰাখিলে। এটা নির্দিষ্ট দিনত সেই স্থানলৈ সকলাে শিষ্যক আমন্ত্রণ কৰা হ’ল। গুৰুৰ নির্দেশ মতে সেই স্থানত সকলাে শিষ্য আহি উপস্থিত হ’ল। ইয়াৰ পিছত গুৰু দ্রোণাচার্যই যুধিষ্ঠিৰক প্রথমে লক্ষ্য স্থিৰ কৰিবলৈ পৰামর্শ দিলে। যুধিষ্ঠিৰ ধনু-কাঁড় লৈ সাজু হ’ল। গুৰু দ্রোণাচার্যই শিষ্য যুধিষ্ঠিৰক সুধিলে– “প্রিয় যুধিষ্ঠিৰ, তােমাৰ এতিয়া দৃষ্টি ক’ত?” যুধিষ্ঠিৰে উত্তৰ দিলে —‘গুৰুদেৱ মই মােৰ লক্ষ্য এতিয়া আপােনাৰ শ্ৰীচৰণত ৰাখিছোঁ।” গুৰুৱে তেওঁক কাঁড় নিক্ষেপ কৰিবলৈ নিদিলে আৰু ভীমক লক্ষ্য স্থিৰ কৰিবলৈ দিলে। ভীমাে ধনু-কাঁড় লৈ সাজু হ’ল। গুৰু দ্রোণাচার্যই ভীমক প্রশ্ন কৰিলে –‘মােৰ প্রিয় শিষ্য ভীম, তােমাৰ লক্ষ্য এতিয়া ক'ত?’ বীৰ শ্ৰেষ্ঠ ভীমে সগৌৰৱে উত্তৰ দিলে— ‘গুৰুদেৱ, মােৰ দৃষ্টি এতিয়া আপােনাৰ লগতে সকলাে জ্যেষ্ঠ, কনিষ্ঠৰ ওপৰত আছে। গুৰুৰ বুজিবলৈ একো বাকী নাথাকিল। তেওঁ ভীমক কাঁড় নিক্ষেপ কৰিবলৈ নিদিলে। তেওঁ এজন-দুজনকৈ আৰু কেইবাজনাে শিষ্যক লক্ষ্য স্থিৰ কৰিবলৈ দিলে যদিও তেওঁলােকৰ পৰা গুৰুৱে ভবা মতে উত্তৰ নাপালে। অৱশেষত প্রিয় শিষ্য অর্জুনক আহ্বান কৰিলে। অর্জুনে ধনু কাঁড় লৈ সাজু হ’ল। গুৰুৱে অর্জুনক সুধিলে– ‘প্রিয় শিষ্য অর্জুন, তােমাৰ দৃষ্টি এতিয়া ক'ত আছে? অর্জুনে এজন যােগ্য শিষ্যৰ দৰে উত্তৰ দিলে— ‘গুৰুদেৱ, এইখিনি সময়ত মই ঠালটোত থকা পক্ষীৰ ডিঙিটোৰ বাহিৰে একো দেখা নাই। উপস্থিত শিষ্যসকলে অর্জুনৰ উত্তৰ শুনি হাঁহিলে যদিও গুৰু দ্রোণাচার্যই তেওঁকহে লক্ষ্যভেদ কৰিবলৈ অনুমতি প্রদান কৰিলে। উপস্থিত অন্যান্য শিষ্যসকলে গুৰুৰ তেনে নীতিৰ অৰ্থ বুজি নাপালে। অর্জুন নিজৰ লক্ষ্যত সফল হ’ল। গুৰুৱে তেওঁক প্রাণভৰি আশীর্বাদ দিলে আৰু এজন সফল ধনুর্বিদৰূপে ঘােষণা কৰিলে। লগতে সকলােকে উদ্দেশ্য কৰি ক'লে যে এজন সফল শিষ্য তাকেই কয় যিজনে কেতিয়াও নিজ লক্ষ্যৰ পৰা সামান্যতমাে লৰচৰ নহয়। এটা নির্দিষ্ট লক্ষ্য লাগে। লক্ষ্য নির্দিষ্ট নহ'লে সফল হােৱা টান। অর্জুনক লক্ষ্য স্থিৰ কৰিবলৈ কোৱাত তেওঁ মাত্র পক্ষীটোৰ মূৰটোহে দেখিছিল। সেইকাৰণে তেওঁ লক্ষ্য ভেদ কৰিবলৈ সমৰ্থ হ'ল। এই ক্ষেত্ৰত আন কোনাে এজনৰে লক্ষ্য স্থিৰ নাছিল বাবেই সফল নহ’ল। গতিকে ক'ব পাৰি যে সফলতাৰ আঁৰত আমাৰ প্রত্যেকৰে এটা নির্দিষ্ট লক্ষ্য থকাটো একান্ত আৱশ্যক।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment