Wednesday, April 15, 2026
0 Shares

কৃষ্ণৰ কপট নিদ্রা

দুর্যোধন আৰু যুধিষ্ঠিৰে বিভিন্ন পক্ষৰ পৰা সহায়ৰ অপেক্ষাত। দুর্যোধনে চাৰিওফালে কটকী পঠিয়াই ৰজাসকলৰ পৰা সহায় ভিক্ষা মাগিছে। তেওঁৰ আশা— তেওঁলােকে পাণ্ডৱৰ বিপক্ষে যুঁজি তেওঁক সহায় কৰিব। দুর্যোধন আৰু যুধিষ্ঠিৰে শ্ৰীকৃষ্ণৰ সহায় বিচাৰি তেওঁৰ ওচৰলৈ যাবৰ অনুমতি বিচাৰিলে। শ্রীকৃষই এটা নির্দিষ্ট দিন দি দুয়ােকে আলােচনাৰ বাবে নিমন্ত্রণ জনালে।

নির্দিষ্ট দিনত প্রভু শ্রীকৃষ্ণই তেওঁৰ শয়নকক্ষত শুই থাকিল। সেয়া তেওঁৰ কপট নিদ্রা। তেওঁৰ মূৰৰ শিতানৰ ফালে এখন আসন সজাই থােৱা হৈছিল। তেওঁৰ সহায়ৰ বাবে আহিবলগীয়া অৰ্জ্জুন আৰু দুর্যোধনৰ অন্তৰৰ ভক্তিভাব পৰীক্ষা কৰাৰ নিমিত্তে সেই ব্যৱস্থা কৰিছিল। দুর্যোধনে অৰ্জ্জুনতকৈ কিছু সময় আগতেই প্রভুৰ শয়ন কক্ষত প্রৱেশ কৰিছিল। তেওঁ গৈ নিদ্ৰাৰত। শ্রীকৃষৰ মুৰৰ শিতানত সাজু কৰি ৰখা আসনত বহিলগৈ। অভিমানী, অহংকাৰী আৰু অজ্ঞানী দুর্যোধনে ভৰিৰ দিশত সাজু কৰি ৰখা আসনত নবহিল। বহিলে তেওঁৰ সন্মান হানি হােৱাৰ ভয়ত তেনে নকৰিলে। অভিমানী দুর্যোধনে শ্রীকৃষৰ ওচৰত আগতে উপস্থিত হােৱাৰ গৰ্বত গর্বিত হৈ গহীনভাবে বহি আছে। তেনেতে অর্জুন গৈ তাত উপস্থিত হ'ল। তেৱে শ্রীকৃষ্ণৰ নিদ্রামগ্ন অৱস্থা দেখি কোনাে অসুবিধা নকৰাকৈ ভৰিৰ দিশত সাজু কৰি ৰখা আসনখনকে গ্রহণ কৰিলে। অজ্ঞানী দুর্যোধনে অৰ্জুনৰ তেনে অৱস্থা লক্ষ্য কৰি, পেটে-পেটে হাঁহিলে। ইয়াৰ পিছত টোপনিৰ পৰা সাৰ পােৱা যেন দেখুৱাই অৰ্জ্জুনক প্রভুই আগতে মাত লগালে আৰু কেতিয়া আহি পালে সেই কথা সুধিলে। লগতে কি উদ্দেশ্যত আহিছে সেই কথাও জানিব বিচাৰিলে। অৰ্জ্জুনে প্রভু শ্রীকৃষ্ণক অনুৰােধ জনালে যে তেওঁ অৰ্জ্জুনৰ ৰথৰ সাৰথি হয়। শ্ৰীকৃষ্ণই অলপাে পলম নকৰি অনুৰােধটো মানি ল’লে। দুর্যোধনে কথাৰ আঁতি-গুৰিয়ে নাপালে। তেওঁ শ্রীকৃষ্ণক তেতিয়া মাত লগালে, “হে কৃষ্ণ! মই অর্জুনতকৈ বহুত আগতে আহি ইয়াত বহি আছে। গতিকে আপুনি মােৰ লগতহে থাকিব লাগে।” শ্রীকৃষ্ণই উত্তৰ দিলে, “হে ৰজা দুর্যোধন, মই অৰ্জুনৰ ৰথৰ সাৰথি হ’বলৈ ইতিমধ্যে গাত ল’লােৱেই। ঠিক আছে, মােৰ লক্ষ লক্ষ নাৰায়ণী সৈন্য আপােনাক দিলো। গতিকে আপুনি চিন্তা কৰিব নালাগে। আৰু এটা কথা, মই বচন দিলো যে যুদ্ধত মই অস্ত্র নধৰোঁ।” শ্রীকৃষ্ণৰ চাতুৰি কথাত দুর্যোধন মােহিত হ’ল। শ্ৰীকৃষ্ণৰ কপট চলনা, কপট নিদ্রা সকলাে সার্থক হােৱাত তেওঁ হাঁহি মুখে দুর্যোধনক বিদায় দিলে। সেই কাৰণে কোৱা হয়, শ্রীকৃষ্ণ মহাভাৰতৰ শ্রেষ্ঠ অধ্যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment