Wednesday, April 15, 2026
0 Shares

গুৰুভক্তি

হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত গুৰু-শিষ্যৰ সম্পৰ্ক আৰু গুৰু ভক্তিৰ অনেক কাহিনী আছে। সেই কাহিনীবােৰে আজিও আমাক আমাৰ দায়িত্ব সম্পর্কে। জ্ঞান দিয়ে। তাৰ পৰা আমি ভয়-ভক্তিৰ গুৰুত্ব সম্পর্কে জ্ঞান লাভ কৰিব পাৰোঁ। তেনে এটা অতি মনােমােহা কাহিনী হ’ল উপমন্যু নামৰ এজন প্রসিদ্ধ শিষ্যৰ কাহিনী। তেওঁ আছিল অয়ােধধৌম্য মুনিৰ অতি ভক্ত শিষ্য। উপমন্যুৱে গুৰুৰ আশ্ৰমত থাকি শিক্ষা গ্রহণ কৰিছিল। গুৰুৰ নির্দেশ ক্রমে তেওঁ অতি কষ্টৰে দিনৰ দিনটো গৰু চৰায়। সেই সময়ছােৱাত তেওঁ অত ত’ত ভিক্ষাও মাগিছিল। ভিক্ষাত পােৱা দ্রব্যৰ অংশ গ্রহণ কৰাৰ পূর্বে গুৰুৰ অনুমতি লােৱাটো তেওঁ একান্ত আৱশ্যক বুলি অনুভৱ কৰিছিল। তেনেদৰে অনুমতি লােৱাৰ ক্ষেত্ৰত এবাৰ উপমন্যুৱে বহুদিন বঞ্চিত হ'বলগীয়া হয় আৰু ক্ষুধার্ত হৈ গৰু চৰাবলগীয়া হয়। তেনে অৱস্থাত তেওঁৰ ভােকত প্রাণবায়ু ওলাই যাওঁ যাওঁ অৱস্থা হয়। তেতিয়া তেওঁ উপায় নেদেখি দামুৰিৰ মুখৰ পৰা ওলােৱা দুগ্ধফেন ভক্ষণ কৰিছিল। পিছত গুৰুৱে উপমােক সেই কার্য অনুচিত আছিল বুলি জ্ঞান দিয়াত তেওঁ অতিপাত ক্ষুধার্ত হৈ এদিন বনৰ মাজত আকাণৰ পাত খায়। এনেদৰে আকাণৰ পাত ভক্ষণ কৰাৰ ফলত তেওঁ দৃষ্টিশক্তিহীন হৈ পৰে। ইয়াৰ পিছতাে তেওঁ গৰু চৰাবলৈ বাদ দিয়া নাছিল। গৰু চৰাই থাকোঁতে থাকোঁতে এবাৰ তেওঁ গৈ এটা নাদত পৰি যায়। ইফালে, বহুসময় ধৰি উপমন্যু আশ্ৰমলৈ উভতি নােযােৱা দেখি গুৰুৱে তেওঁক বিচাৰি বিচাৰি আহি সেইখিনি ঠাই পায়। শিষ্যৰ এনে অৱস্থা দেখি গুৰুজন পৰম দুখিত হয়। তেওঁ তেতিয়া উপমন্যুক দেৱবৈদ্য অশ্বিনীকুমাৰক আৰাধনা কৰিবলৈ পৰামর্শ দিয়ে। গুৰুৰ পৰামর্শ মতে তেওঁ অশ্বিনীকুমাৰক আৰাধনা কৰে। উপমন্যুৰ আৰাধনা মতে সেইসময়ত তাত অশ্বিনী কুমাৰদ্বয় আহি উপস্থিত হয়। তেওঁলােকে ঔষধ হিচাপে এখন পিঠা উপমন্যুলৈ আগবঢ়ায়। তেতিয়া নাদৰ পৰা উপমন্যুৱে কয় যে আগেয়ে গুৰুক নিবেদন নকৰাকৈ তেওঁ একো নাখায়। এই গুৰুভক্তিত অশ্বিনী কুমাৰদ্বয় অভিভূত হয় আৰু তেওঁলােকে উপমন্যুক পুনৰ চক্ষুদান কৰে। ইয়াৰ পিছত গুৰুৱে উপমন্যুক সর্ববেদজ্ঞ আৰু সর্বশাস্ত্রজ্ঞ হােৱাৰ বৰ দিয়ে। উপমন্যুৰ গুৰুভক্তিৰ কাহিনী আজিও প্রচলিত হৈ আছে। এনে কাহিনী বিৰল। গুৰুৰ প্রতি ভক্তিভাব আৰু শিষ্যৰ প্রতি মৰম ভাবে জ্ঞানৰ আলয়খন যে ভালদৰে পােহৰাই তােলে, সেই কথা বহু শতাংশই শুদ্ধ। আৰু শ্রদ্ধা-ভক্তি অবিহনে বিদ্যা শিক্ষা কোনাে কালেই সম্ভৱ নহয়। কাৰণ, শ্রদ্ধা আৰু ভক্তিৰ সহযােগতহে জ্ঞান অর্জন সম্ভৱ হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment