Wednesday, April 15, 2026
0 Shares

জৰাসন্ধ বধ

মগধ নামৰ এখন ৰাজ্যৰ এজন প্ৰৱল পৰাক্ৰমী ৰজাৰ নাম হ’ল জৰাসন্ধ। তেওঁ জন্মতে মাকৰ গৰ্ভত দুডােখৰ অৱস্থাত আছিল। জন্মৰ পিছত মাতৃয়ে জৰাসন্ধক তেনেকুৱা ৰূপত দেখিবলৈ পাই খঙে-ৰাগে চুৱা পাতনিত পেলাই দিছিল। পিছত ‘জৰা’ নামৰ এজনী ৰাক্ষসীয়ে তেনে অৱস্থাত প্রত্যক্ষ কৰি দুয়ােটা ফাল লগ লগাই দিয়াত ৰজাসন্ধৰ পূৰ্ণৰূপ বিকশিত হয়। পঞ্চ পাণ্ডৱে ইন্দ্রপ্রস্থ সুন্দৰকৈ সজাই লৈ ৰাজসূয় যজ্ঞৰ আয়ােজন চলালে। তাতে সমস্যাটো হ’ল মগধৰ ৰজা জৰাসন্ধ। তেওঁ জীয়াই থাকিলে সেই যজ্ঞ অসম্ভৱ। সেয়ে শ্রীকৃষৰ পৰামর্শ মতে যজ্ঞৰ আগে আগে। জৰাসন্ধক বধ কৰাৰ ব্যৱস্থা হ'ল।

ভীম, অর্জুন আৰু শ্রীকৃষ্ণ জৰাসন্ধক বধ কৰাৰ উদ্দেশ্যে মগধলৈ যাত্রা কৰিলে। তেওঁলােক গৈ মগধৰ ৰাজধানী গিৰিব্ৰজত উপস্থিত হল। ৰাজধানীৰ চাৰিওফালে ওখ গড়, সিংহদ্বাৰ আৰু জয়ঘণ্টা বাজি উঠে। লগেলগে সৈন্য-সামন্ত, পালি-পহৰীয়া লৰি আহি তাত উপস্থিত হয়। নগৰৰ দুৱাৰমুখ পাই শ্রীকৃষ্ণৰ পৰামর্শ মতে অর্জুনে জয়ঘণ্টা কাটি পেলালে আৰু ভীমে তেওঁৰ বাহুবলেৰে সিংহদ্বাৰ ভাঙি পেলায়। ইয়াৰ পিছত তিনিওজনে ব্রহ্মচাৰী বেশেৰে নগৰত প্ৰৱেশ কৰিলে। প্রথমতে তেওঁলােক গৈ ৰজাৰ ওচৰ পালেগৈ। ৰজাই সেই সময়ত যজ্ঞৰ কামত বহিছিল। তিনিওজন ব্রহ্মচাৰীক সন্মুখত পাই ৰজা আচৰিত হ'ল আৰু আগমনৰ কাৰণ সুধিলে। শ্রীকৃষ্ণই নিজৰ চিনাকি দি তেওঁৰ বন্দীশালত বন্দী কৰি থােৱা কেইবাহাজাৰ প্রজাক মুকলি কৰি দিবলৈ ক'লে। তাকে নকৰিলে তেওঁলােকৰ তিনিওজনৰ ভিতৰত যিকোনাে এজনৰ লগত যুদ্ধ দিবলৈ আহ্বান জনালে। ৰজা আচৰিত হ’ল নিজ ৰাজ্যতে কাৰােবাৰ হুংকাৰ, এনে দম্ভালি! ৰজাই সহ্য কৰিবলৈ টান পালে। তেওঁ ততালিকে গদা যুদ্ধলৈ সাজু হ’ল আৰু এডাল গদা নিজে লৈ আন এটা ভীমক দিলে। দুয়ােৰে মাজত ভীষণ যুদ্ধ লাগিল। যুদ্ধৰ প্রকোপত পৃথিৱী কপিবলৈ ধৰিলে। কোনেও হাৰিব নােখােজে। এইদৰে মুঠ তেৰ দিন যুদ্ধ চলিল। অৱশেষত জৰাসন্ধ বধৰ কৌশলটো প্রভু শ্রীকৃষ্ণই ভীমক দেখুৱাই দিলে। কিন্তু ভীমে তীব্র উত্তেজনাত কৌশলটো পাহৰি গ’ল। শ্রীকৃষ্ণই গছৰ পাত এটা দুফাল কৰি ভীমক কৌশলটো পুনৰ দেখুৱাই দিলে। কেইবাবাৰাে জৰাসন্ধক ফালি দুফাল কৰিও জৰাসন্ধক বধ কৰিব নােৱাৰি ভীম ভাগৰি পৰিল। অৱশেষত ভীমে কৌশলেৰে জৰাসন্ধৰ শৰীৰৰ ফাল দুটা লগ হ’ব নিদিয়াকৈ ৰখাতহে ৰজা জৰাসন্ধৰ মৃত্যু হ’ল। জৰাসন্ধৰ মৃত্যুৰ পিছত সমষ্ট নাগৰিকক কাৰাগাৰৰ পৰা ভীম, অর্জুনহঁতে মুক্ত কৰিলে। মুক্তি লাভ কৰি সকলাে প্ৰজাই তেওঁলােকৰ জয়ধ্বনি দিবলৈ ধৰিলে। ইমানতে- জৰাসন্ধ বধৰ কাহিনী সমাপ্ত হ’ল আৰু পঞ্চপাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ বাবে দিগ্বিজয়ৰ পাতনিও আৰম্ভ হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment