Wednesday, April 15, 2026
0 Shares

দাতা কর্ণ

সূর্য দেৱতাৰ ঔৰসত কুন্তীৰ গৰ্ভত স্থিতি লাভ কৰা আৰু পিছত কবচ-কুণ্ডলধাৰী পুত্ৰৰূপে জন্ম লাভ কৰা জগতৰ শ্ৰেষ্ঠবীৰজনেই হ’ল কর্ণ। তেওঁৰ আচল নাম বসুসেন। পিছত নিজৰ অংগ কাটি দেৱৰাজ ইন্দ্রক কৱচ-কুণ্ডল দান কৰা বাবেই তেওঁৰ নাম হয় কর্ণ। কথিত আছে, লােক নিন্দাৰ ভয়ত মাক কুন্তীয়ে ওপজাৰ পিছতে কর্ণক যমুনাত উটুৱাই দিছিল। পিছত ধৃতৰাষ্ট্রৰ ৰথৰ সাৰথি অধিৰথে উটি যােৱা সেই কৰ্ণক পাই নিজ ঘৰলৈ নি তুলি-তালি ডাঙৰ দীঘল কৰে। দ্রোণাচাৰ্যৰ ওচৰত অস্ত্র-শিক্ষা লাভ কৰি কৰ্ণ মহাবীৰ হয়। কৰ্ণৰ বীৰত্বত মুগ্ধ হৈ মহাৰাজ দুর্যোধনে তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰে। অজ্ঞাত কুলশীল হিচাপে পাণ্ডৱসকলে কর্ণক ঘৃণা কৰাত তেওঁ লজ্জিত আৰু অপমানিত হয়। তেতিয়া মহাবীৰ কৰ্ণক মহাৰাজ দুর্যোধনে অংগৰাজ্যৰ ৰজা পাতে। কর্ণ দুর্যোধনৰ এজন প্রধান সহায়ক আৰু পৰামৰ্শদাতা আছিল। এই কর্ণই দুর্যোধনৰ বৈষ্ণৱ যজ্ঞৰ সময়ত প্রতিজ্ঞা কৰে যে অর্জুনক বধ নকৰা পর্যন্ত পাদ-প্রক্ষালন নকৰিব। লগতে কর্ণই ইয়াকো প্রতিজ্ঞা কৰিছিল যে অর্জুনক বধ নকৰা পর্যন্ত তেওঁ যি ব্রত পালন কৰিব, সেইব্ৰতৰ কালছােৱাত অৱশ্যে সকলাে বচন ৰক্ষা কৰিব। তেতিয়া ব্রাহ্মণৰূপী কৃষ্ণই কৰ্ণৰ ওচৰলৈ আহি তেওঁৰ পুত্ৰ বৃষকেতুৰ মাংস ভক্ষণৰ অভিলাস জনায়। কর্ণই প্রতিজ্ঞা ৰক্ষাৰ হেতু অম্লানবদনে পুত্রক হত্যা কৰি ব্ৰাহ্মণৰ মনােবাঞ্ছা পূর্ণ কৰে। দাতব্যতাৰ অলৌকিক পৰিচয় পাই কৃষ্ণই অৱশ্যে বৃষকেতুৰ জীৱনদান দিয়ে। এই ব্রত পালনৰ সময়তেই ইন্দ্রই আহি কৰ্ণৰ কবচ-কুণ্ডল প্রার্থনা কৰে। নিজৰ প্রতিজ্ঞা ৰক্ষাৰ কাৰণে কর্ণই ইন্দ্রক কবচ কুণ্ডল দান কৰে। দান কৰিবৰ সময়ত কর্ণই ইন্দ্ৰৰপৰা একাগ্নী শক্তি খুজি লয়। ইন্দ্রই সেই শক্তি কর্ণক দি কয় যে সি বিশেষ বিপদৰ সময়ত এজন বীৰক বধ কৰিব মাত্র। সেইমর্মে ভীমৰ পুত্ৰ ঘটোৎকচ বধত কৰ্ণৰ এই শক্তিৰহিত হয়। দ্রোণাচাৰ্যৰ মৃত্যুৰ পিছত কুৰুক্ষেত্র যুদ্ধৰ ষােড়শ দিনা মহাবীৰ কর্ণই সেনাপতিৰ দায়িত্ব গ্রহণ কৰি পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰে। অৰ্জুনৰ বাহিৰে সকলাে পাণ্ডৱেই তেওঁৰ হাতত পৰাস্ত হয়। কুন্তীৰ আগত কৰা প্রতিজ্ঞাৰ। বাবে তেওঁ তেওঁলােকৰ কাকো বধ নকৰিলে। পিছত অর্জুনৰ হাতত কৰ্ণৰ মৃত্যু হয়। কৰ্ণৰ মৃত্যুৰ পিছতহে পাণ্ডৱসকলে তেওঁৰ লগত থকা সম্পর্ক কথা জানিব পাৰে। জগতত কর্ণ দাতা কর্ণ ৰূপে চিৰকাল পৰিচিত হৈ ৰ'ব।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment