Wednesday, April 15, 2026
0 Shares

দ্রৌপদীৰ বস্ত্রহৰণ

মহাভাৰতৰ এটা অতি গুৰুত্বপূর্ণ চৰিত্ৰৰ নাম হ’ল দ্রৌপদী। তেওঁ জগতৰ সতীসকলৰ এজনী। দ্রৌপদী আছিল দ্রুপদৰজাৰ দুহিতা বা কন্যা। স্বয়ম্বৰ সভাত অর্জুনে লক্ষ্য ভেদ কৰি দ্রৌপদীক লাভ কৰে। মাত্র এটা কথাৰ বাবে আৰু মাতৃ কুন্তীৰ বচন ৰক্ষাৰ বাবে দ্রৌপদী পঞ্চপাণ্ডৱৰ ভার্যা হ'ব লগা হয় যদিও তেওঁ মনে মনে অর্জুনকে ভাল পাইছিল। সেইটো ধৰ্মৰ বিৰুদ্ধ বাবেই দ্রৌপদী স্বৰ্গযাত্ৰাত বিফল হ’বলগীয়াও হয়। এবাৰ পঞ্চপাণ্ডৱ শকুনিৰ কুটিল চক্ৰান্তৰ বলি হৈ পাশাখেলৰ দৰে সর্বনাশী খেলত অংশ ল'বলগীয়া হয়। এই খেলৰ প্ৰতি যুধিষ্ঠিৰৰাে দুর্বলতা আছিল। এই খেলৰ পণ অনুসৰি যুধিষ্ঠিৰে দ্রৌপদীকো হেৰুৱায়। ইয়াৰ পিছত দুর্যোধনৰ নিৰ্দেশ মতে দুশাসনে দ্রৌপদীক চুলিত ধৰি ৰাজসভালৈ টানি আনি অমানুষিক অত্যাচাৰ কৰে। এবাৰ দ্রোপদীয়ে দুর্যোধ-দুশাসনহঁতক অন্ধৰ সন্তান বুলি উপলুঙা কৰিছিল। তাৰ প্রতিশােধ কল্পে দ্রৌপদীক তেনে শাস্তি প্রদান কৰা হৈছিল। দুশাসনৰ হাতত লাঞ্ছিত হৈ দ্রৌপদীয়ে প্রতিজ্ঞা কৰিছিল যে যেতিয়ালৈকে দুশাসনৰ ৰক্তেৰে কেশ মর্দন কৰিব নােৱাৰে তেতিয়ালৈকে দ্রৌপদীয়ে চুলি নাবান্ধে। সেই কাৰণে দ্রৌপদীয়ে প্রতিজ্ঞা পূৰণ নােহােৱালৈকে চুলি মেলি ৰাখিছিল। দুশাসনৰ নিৰ্যাতনৰ পিছত কৰ্ণৰ কথামতে পুণৰ একেজন দুশাসনে দ্রৌপদীৰ বস্ত্রহৰণ কৰি বিবস্ত্রা কৰিবলৈ যত্ন কৰে। কিন্তু সেই চেষ্টা সফল হ’ব নােৱাৰিলে। কাৰণ দ্রৌপদীয়ে প্রভু কৃষ্ণক লজ্জা নিবাৰণৰ বাবে প্রার্থনা কৰে। সেই প্রার্থনাত প্রভু কৃষ্ণ তুষ্ট হৈ তেওঁৰ ঐশ্বৰিক শক্তিৰে দ্রৌপদীক ৰক্ষা কৰে।  যিমানে দ্রৌপদীৰ দেহৰ পৰা বস্ত্ৰ টানি আজুৰি নিয়ে; সিমানে অবিচ্ছিন্ন বস্ত্র ধাৰাই দ্রোপদীক আৱৰি

ধৰে। প্ৰভু কৃষ্ণই দ্রৌপদীক লজ্জা মুক্ত কৰাৰ এটা কাহিনী আছে। এই কাহিনীমতে এবাৰ তেওঁৰ সুদর্শন চক্ৰৰ আঘাতত কৃষ্ণৰ আঙুলি কাটি ৰক্ত নির্গত হয়। সেই ৰক্ত বন্ধ কৰিবলৈ দ্রৌপদীয়ে নিজৰ দেহৰ বস্ত্ৰ ফালি প্রভু শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। প্রভু কৃষ্ণৰ পক্ষে এয়া এক প্রকাৰৰ ঋণ। কৌৰৱৰ ৰাজসভাত বিবস্ত্রা কৰিবলৈ ওলােৱা দ্রৌপদীৰ বস্ত্র দান কৰি প্ৰভুই ঋণমুক্ত হােৱাৰ লগতে ভক্তৰ ভগৱান প্রীতিৰ পৰিদানাে দিছিল। এই বস্ত্ৰহৰণ ঘটনাই পৰিশেষত প্রতিশােধৰ ভাবনা বৃদ্ধি কৰিছিল আৰু কুৰুক্ষেত্র যুদ্ধৰ ভয়াবহতাও দুগুণ বৃদ্ধি কৰিছিল। যাৰ পৰিণতি স্বৰূপে ভীমে দুশাসনক বধ কৰি ৰক্তপান কৰিব লগা হৈছিল।

সঁচাই সৰু সৰু ঘটনায়ো সময়ত ডাঙৰ ঘটনা সৃষ্টি কৰিব পাৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment