Wednesday, April 15, 2026
0 Shares

ভীষ্মৰ শৰশয্যা

ভীষ্মই দুর্যোধনক কথা দিছিল যে তেওঁ কৌৰৱৰ সেনাপতি হৈ দহদিন যুঁজ দি প্রতিদিনে দহ হাজাৰকৈ সৈন্য বধ কৰিব। ইতিমধ্যে ন দিন যুদ্ধ হৈ গ’ল। যুধিষ্ঠিৰে ভীষ্মৰ প্রতিজ্ঞাৰ কথা গম পােৱা নাছিল। ভীষ্ম হ’ল অজেয় বীৰ; আনহাতে তেওঁৰ মৃত্যুও ইচ্ছাধীন। ইচ্ছা নকৰিলে তেওঁক কোনেও বধ কৰিব নােৱাৰে। গতিকে ভীষ্ম সেনাপতি হৈ থাকিলে পাণ্ডৱৰ জয়ৰ আশা ক্ষীণ।

সেয়ে পাণ্ডৱৰ বুদ্ধিদাতা শ্রীকৃষই যুধিষ্ঠিৰক ভীষ্মৰ ওচৰলৈ তেওঁলােকক যাবৰ কাৰণে পৰামর্শ দিলে। যুধিষ্ঠিৰে ভাতৃকেইজনক লগত লৈ ভীষ্মৰ ওচৰলৈ গ'ল। নৱম দিনৰ যুদ্ধ সামৰি ভীষ্মই শিবিৰত জিৰণি লৈ আছিল। তেনেতে পঞ্চপাণ্ডৱ গৈ পিতামহ ভীষ্মৰ ওচৰত উপস্থিত হ'লগৈ। ভীষ্মই তেওঁলােকক আদৰ সাদৰ কৰি বহিবলৈ দিলে আৰু আগমনৰ কাৰণ সুধিলে। যুধিষ্ঠিৰে নম্রভাৱে ককাকক সেৱা জনাই ক’বলৈ ধৰিলে— “হে পিতামহ ! আজিলৈকে যুদ্ধৰ ন দিন পাৰহৈ গ'ল। দুয়ােপক্ষৰ অলেখ সৈন্য আৰু বীৰ যুদ্ধত নিপাত হৈছে। আপুনি সেনাপতি হৈ যুদ্ধ চলাই থাকিলে আমাৰ পৰাজয় নিশ্চিত। গতিকে হে পিতামহ! এই পৰাজয় ৰােধৰ এটা উপায় দিয়ক।”

ভীষ্ম আছিল সত্যবাদী, জিতেন্দ্রিয় আৰু নীতিজ্ঞ। কৌৰৱৰ যে বিনাশ হ’ব আৰু পাণ্ডবৰ যে জয় হ’ব, সেই কথা তেওঁ আগতেই জানিছিল। আৰু অন্তৰেৰে সৈতে সেইটো আশাও কৰিছিল। কৌৰৱতকৈ পাণ্ডৱৰ প্রতি তেওঁ বেছি সহানুভূতিশীল। কাৰণ তেওঁ বিচাৰিছিল ৰাজ্যৰ মংগল আৰু ধৰ্মৰ  জয়। সেয়ে তেওঁ সকলাে ভাবি চিন্তি যুধিষ্ঠিৰক ক'লে— “তােমালােকৰ, জয় অনিবার্য। কালিলৈ তােমালােকে শিখণ্ডীক আগত লৈ যুদ্ধত আগবাঢ়িবা, মােৰ প্রতিজ্ঞা আছে শিখণ্ডীক মই বধ নকৰোঁ আৰু তেনে অর্ধপুৰুষৰ লগত মই যুদ্ধও নকৰোঁ। তেতিয়া মােৰ পৰাজয় আৰু তােমালােকৰ জয় নিশ্চিত। এতিয়া যােৱা, কাইলৈ যুদ্ধৰ বাবে সাজু হােৱাগৈ।”

পিছদিনা অর্থাৎ দশম দিনাৰ যুদ্ধ আৰম্ভ হ'ল। ভীষ্মই পৰম পৰাক্ৰমেৰে যুঁজি পাণ্ডৱৰ দহ হাজাৰ সৈন্য খুব কম সময়ৰ ভিতৰত নিপাত কৰিলে। অর্জুনে ছেগ বুজি সন্মুখত শিখণ্ডীক লৈ ভীষ্মৰ সন্মুখত আহি থিয় হ'লহি। ভীষ্মই সন্মুখত শিখণ্ডীক দেখি অস্ত্র সামৰি থিয় হৈ ৰ'ল। শিখণ্ডীয়ে সুবিধা পাই ভীষ্মৰ গালৈ শৰ নিক্ষেপ কৰিলে। অর্জুনেও ক্ষত্রিয় ধর্ম পালন কৰি ভীষ্মলৈ শৰ এৰিলে। শিখণ্ডী আৰু অৰ্জুনৰ শৰে ভীষ্মৰ শৰীৰ খতা-সৰকা কৰিলে। অৱশেষত ভীষ্ম অৱশ হৈ ৰথৰ পৰা বাগৰি পৰিল। গােটেই শৰীৰ শৰেৰে বিন্ধি পেলােৱাত ভীষ্মৰ দেহটো শৰৰ ওপৰতে ওলমি ৰ’ল। শৰৰ শয্যাত যেন পিতামহ ভীষ্মই শয়নহে কৰিছে। এইদৰে মহাভাৰতৰ এটা যুগৰ অৱসান ঘটে আৰু দুর্যোধনৰ পৰাজয় নিশ্চিত হৈ পৰে। ইয়াৰ লগে লগে ভীষ্মইও নিজৰ প্রতিজ্ঞা ৰক্ষা কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment