Wednesday, April 15, 2026
0 Shares

শকুনিৰ প্রতিশােধ

মহাভাৰতৰ এটা জটিল অথচ দুষ্ট চৰিত্ৰৰ নাম হ'ল শকুনি। তেওঁ আছিল গান্ধাৰ ৰাজ সুবলৰ পুত্ৰ আৰু গান্ধাৰীৰ ভায়েক। সেইফালৰ পৰা তেওঁ কৌৰৱসকলৰ মােমায়েক। ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ দুর্যোধনকে আদি কৰি এশজন পুতেক আছিল। ঠিক একেদৰে গান্ধাৰৰাজ সুবলৰৰ এশ পুত্র আছিল। এবাৰ গান্ধাৰত হােৱা কোনাে উৎসৱ উপলক্ষে গান্ধাৰ ৰাজে তেওঁৰ সম্পৰ্কীয় ধৃতৰাষ্ট্রৰ ফালৰ সকলােকে অন্ন গ্ৰহণৰ বাবে সাদৰে নিমন্ত্রণ জনালে। নির্দিষ্ট দিনত কৌৰৱপক্ষৰ এশজন ভাতৃ গান্ধাৰ ৰাজ্যত উপস্থিত হৈ বৰ আনন্দ উৎসৱৰ মাজেৰে নিমন্ত্রণ ৰক্ষা কৰিলে। এশজন মােমায়েকৰ মৰম আদৰৰ মাজত সময় অতিবাহিত কৰি বিদায় মুহূর্তত তেওঁলােকেও মােমায়েক আৰু ককাক সুবলক হস্তিনাপুৰ ৰাজ্যলৈ নিমন্ত্রণ কৰিলে। তেওঁলােকেও নিমন্ত্রণ ৰক্ষা কৰিম বুলি কথা দিলে। ইয়াৰ পিছত দুর্যোধন আদি কৰি ভায়েকহঁতে এটা কু-অভিসন্ধি ৰচনা কৰিলে। সিহঁতে সুবলৰাজ আৰু তেওঁৰ এশ পুত্ৰৰ বিনাশ বিচাৰি এটা বিশাল ভৱন নিৰ্মাণ কৰিলে। এই অভিসন্ধিৰ আঁৰত থকা উদ্দেশ্য হ’ল যাতে ভৱিষ্যতে কোনাে অন্যায় আৰু অনিষ্ট সেইসকল মােমায়েকৰ পৰা ঘটিব নােৱাৰে। নির্দিষ্ট দিনত গান্ধাৰৰাজ আৰু তেওঁৰ এশ পুত্র জোঁৱায়েক ধৃতৰাষ্ট্ৰৰ ৰাজ্যত উপস্থিত হ'ল। ধৃতৰাষ্ট্ৰৰ অজ্ঞাতে তেওঁৰ এশ পুত্ৰই বৰ আদৰ-সাদৰকৈ সুবলৰাজ আৰু তেওঁৰ পুতেকহঁতক আগৰে পৰা সাজু কৰি ৰখা বিশাল ভৱনত বহিবলৈ দিলে আৰু যথা সময়ত আহাৰ গ্ৰহণ কৰিবলৈ অনুৰােধ জনাই ঘৰটো বাহিৰৰ পৰা সম্পূর্ণ বন্ধ কৰি দিলে। কু-অভিসন্ধি মতে, সুবলৰাজ আৰু তেওঁৰ এশ পুত্ৰ ঘৰৰ ভিতৰতে বন্দী হৈ গ'ল। ইয়াৰ পিছত সিহঁতক হত্যাৰ হেতু প্রতিদিনে মাত্র এসাঁজকৈ এজনৰ বাবেহে অন্ন আগবঢ়াবলৈ ধৰাত সিহঁতে বুজি পাবলৈ বৰ বেছি সময় নালাগিল যে এয়া সম্পূর্ণ হত্যাৰ ষড়যন্ত্র। এনেকুৱা এটা নিষ্ঠুৰ পৰিৱেশত এশজন ভাতৃয়ে প্রতিজ্ঞা কৰিলে যে যিজনে এনে চৰম, অন্যায়ৰ প্ৰতিশােধ ল'ব পাৰিব তেওঁকহে ভাত সাজ খাবলৈ দিয়া হ'ব। তেতিয়া শকুনিয়ে প্রতিজ্ঞা কৰিছিল যে তেওঁ এদিন নহয় এদিন ইয়াৰ প্রতিশােধ ল'বই। শকুনিকে সেই ভাত সাঁজ খাবলৈ দি বাকী সকলাে ভায়েকে অনাহাৰে অনিদ্রাই তিল তিলকৈ মৃত্যুবৰণ কৰিছিল। সময়ত এই শকুনি কৌৰৱসকলৰ এজন প্রধান পৰামৰ্শদাতা হৈ পৰে। কৌৰৱসকলক এইজন শকুনিয়ে সকলাে সময়তে অন্যায় কামলৈ প্রৰােচিত কৰিছিল। শকুনি পাশা খেলত বিসেশ নিপুণ আছিল। তেওঁৰেই পৰামর্শ মতে, দুর্যোধনে যুধিষ্ঠিৰক কপট পাশা খেললৈ আহ্বান কৰিছিল। সেই খেলত পাণ্ডৱে সর্বস্ব হেৰুৱাইছিল তাৰ মূলতে আছিল শকুনিৰ কপটতা। তেওঁ জানিছিল যে একমাত্র পাণ্ডৱসকলেহে এই অধর্মী, অত্যাচাৰী কৌৰৱসকলৰ বিনাশ কৰিব পাবিব। শকুনিৰ প্রৰোচনাতেই পাশা খেলৰ সভাত দ্রৌপদীক বস্তুহৰণ কৰি অপমানিত কৰা হৈছিল। শেষত কুৰুক্ষেত্ৰৰ মহাৰণত শকুনিয়ে জানিবুজিও অধৰ্মৰ পক্ষত থাকি কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল। শেষত সহদেৱৰ হাতত তেওঁৰ মৃত্যু হয় যদিও শকুনিৰ প্রতিশােধৰ বাবে তেওঁ চিৰদিন মহাভাৰতৰ বুকুত অন্য ধৰণে জিলিকি থাকিব— যাৰ বাবে অধর্ম বিনাশ হ’ল আৰু ধর্ম প্রতিষ্ঠা হ’ল। হয়তাে শকুনিয়ে এইখিনি নকৰিলে তেওঁৰ প্ৰতিজ্ঞা কোনাে দিনে পূৰণ নহ'লহেঁতেন আৰু মনৰ মাজত পুহি ৰখা প্রতিশােধৰ ভাব মনতে মৰহি গ'লহেঁতেন। তথাপি ক’ব লাগিব যে প্রতিশােধৰ ভাবে সদায় ধ্বংস বা বিনাশ মাতে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment