Wednesday, April 15, 2026
0 Shares

হিড়িম্ব ৰাক্ষকৰ বধ

কৌৰবৰ কু-অভিসন্ধি আৰু জতুগৃহৰ পৰা প্ৰাণ ৰক্ষা কৰি মাতৃ কুন্তীদেৱীৰ সৈতে পঞ্চ পাণ্ডৱে হাবিয়ে বননিয়ে ঘূৰি-ফুৰিবলৈ ধৰিলে। বহুদূৰ যােৱাৰ পাছত তেওঁলোক ভাগৰুৱা হ'ল আৰু এজোপা গছৰ তলত জিৰণি ল'লে। তেনেদৰে জিৰণি লৈ থাকোঁতে তেওঁলােকৰ টোপনি আহিল; ভীমে কিন্তু টাপনি নামাৰিলে। কিবা বিপদ ঘটিব পাৰে বুলি ভাবি তেওঁ আটাইকে ৰখি থাকিল। ভীম হ’ল, সাহসী আৰু বলী। গতিকে তেওঁৰ ভয় ক’ত? য’তে বাঘৰ ভয় ত’তে ৰাতি হয়। ভীমৰ সন্দেহ ফলিল। মানুহৰ গােন্ধ পাই এজনী ৰাক্ষসী সেইঠাইত ওলালহি৷ কিন্তু কি আচৰিত! ৰাক্ষসীৰ অন্তৰতাে প্রেম। মানুহ ধৰিবলৈ আহি তাই ভীমৰ ৰূপত মােহিত হ’ল। ভীমৰ প্রতি তাইৰ প্রেম জাগিল। তাই ভীমৰ লগত প্রেম বিনিময় কৰিলে। ভীমে জানিব পাৰিলে যে তাইৰ নাম হিড়িম্বা আৰু ককায়েকৰ নাম হিড়িম্ব। দুয়াে এইখন অৰণ্যৰে বাসিন্দা। কিছুসময়ৰ পিছত তাই ভীমক বিবাহৰ প্রস্তাব দিলে। ভীমে কিন্তু তাইৰ চলাহী কথাত ভােল নগ’ল। তাইক তাৰ পৰা আঁতৰি যাবলৈ ভীমে নির্দেশ কৰিলে। ভনীয়েক হিড়িম্বা ঘূৰি যােৱাত পলম হােৱা দেখি ভায়েক হিড়িম্বই তাইক বিচাৰি সেইখিনি ঠাইত ওলালহি। সি ভীমক দেখি তর্জন-গর্জন কৰিবলৈ ধৰিলে আৰু আক্রমণ কৰিবলৈ সাজু হ’ল। ভীমে তাক শান্তি বিঘ্নিত নকৰি আঁতৰি যাবলৈ ক'লে। সি ভীমৰ সতর্ক বুজি নাপালে আৰু অতর্কিতে আহি ভীমক আক্রমণ কৰিলে। ভীমৰ দৰে মহাবলী এজনৰ সন্মুখত সাধাৰণ ৰাক্ষস এটা কোন কুটা? ভীমে তাক চুলিত ধৰি কাপােৰ থেকেচাদি থেকেচি মাৰি পেলালে। হিড়িম্বাই ককায়েকৰ মৃত্যুত বৰ দুখ পালে। ইয়াৰ পিছত ভীমে আটাইকে টোপনিৰ পৰা জগালে। সিহঁতে ঘটনাবােৰ দেখি তবধ মানিলে। ভীমে মাতৃ কুন্তিক ক'লে যে হিড়িম্বাই তেওঁক বিয়াৰ প্ৰস্তাৱ দিছে। তেঁৱেই এইজন ৰাক্ষকক বধ কৰিছে। তেতিয়া মাতৃ কুন্তী আৰু জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে ভীমক সেই প্রস্তাৱ স্বীকাৰ কৰিবলৈ অনুমতি প্রদান কৰিলে। সকলােৰে অনুমতি সাপেক্ষে ভীমে হিড়িম্বাৰ মনােবাঞ্ছা পূৰণ কৰিলে। সময়ত সেইগৰাকী হিড়িম্বাৰ গৰ্ভতে মহাবীৰ ঘটোৎকচৰ জন্ম হয়। তেৱো কুৰুক্ষেত্ৰ মহাৰণৰ এগৰাকী নায়ক।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment