Wednesday, April 15, 2026
0 Shares

এলেহুৱাৰ আশ্ৰম

এলেহুৱাৰ আশ্ৰম

এসময় কথা। এখন ৰাজ্যৰ বহুতো লোক লাহে লাহে এলেহুৱা হৈ পৰিল। তেওঁলোকে যিকোনো ধৰণৰ কাম কৰাই বন্ধ কৰিলে। তেওঁলোকে আনকি নিজৰ বাবেও ৰন্ধা-বঢ়া কৰাও এৰি দিলে আৰু খোৱাৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিলে। অৰ্থ্যাৎ তেওঁলোকে দৈনন্দিন প্ৰয়োজনীয় কামৰ বাবে পৰনিৰ্ভৰশীল হৈ পৰিল। দিনটোৰ বেছিভাগ সময় তেওঁলোকে বিছনাত বাগৰি বা শুই-বহি পাৰ কৰিবলৈ ধৰিলে।

এলেহুৱাৰ সমস্যা

কিন্তু এই এলেহুৱা লোকসকলৰ বাবে খোৱাৰ সমস্যা আহি পৰিল। কিয়নো মানুহে এই এলেহুৱা লোকসকলক খুৱাই খুৱাই ভাগৰি পৰিছিল আৰু এলে_হুৱাবোৰক খোৱা-বোৱা দিয়াত হেমাহি কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে এদিন সকলো এলেহুৱা লোকে ৰজাৰ ওচৰলৈ আহি দাবী জনালে যে সকলো এলেহুৱাৰ বাবে এখন আশ্ৰম নিৰ্মাণ কৰিব লাগে আৰু তেওঁলোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব লাগে।

এলেহুৱা

ৰজাৰ সমস্যা সমাধানৰ উপায়

ৰজা দয়ালুৰ লগতে খুব জ্ঞানীও আছিল। তেওঁ কিবা এটা চিন্তা কৰিলে আৰু তেওঁৰ মন্ত্ৰীক এখন আশ্ৰম নিৰ্মাণ কৰিবলৈ আদেশ দিলে। যেতিয়া আশ্ৰম নিৰ্মাণ কাম শেষ হ’ল আৰু মানুহ থাকিব পৰা ধৰণে সাজু হ’ল, সকলো এলেহুৱা মানুহ তালৈ গৈ খাই-বৈ শুবলৈ আৰম্ভ কৰিলে। তাত তেওঁলোকৰ দুটাই কাম আছিল-খোৱা আৰু শুৱা। কাম নকৰাকৈ খাবলৈ আৰু শুৱলৈ পাই সেই আশ্ৰমলৈ মানুহৰ সোঁত ববলৈ আৰম্ভ কৰিলে। বহুলোকে মিছাকৈ এলে_হুৱাৰ ভাও জুৰি তাত থাকিব ললে।

এলেহুৱা

আশ্ৰমত জুই

কথা বিষম দেখি এদিন ৰজাই তেওঁৰ মন্ত্ৰী-পৰিষদ আৰু কিছু সৈনিক লগত লৈ সেই আশ্ৰমলৈ তেওঁলোকক চাবলৈ আহিল। তাত মানুহৰ প্ৰকোপ দেখি ৰজাই এজন সৈনিকক ওচৰলৈ মাতি ক’লে যে আশ্ৰমত জুই লগাই দিয়া। সৈনিকজনেও ৰজাৰ আজ্ঞা পালন কৰি আশ্ৰমত জুই লাগাই দিলে। আশ্ৰমখন জুইত দপদপকৈ জ্বলিবলৈ ধৰিলে। আশ্ৰমখন জ্বলি থকা দেখি এলে_হুৱা সকলৰ মাজত হাহাকাৰ লাগিল। সকলোৱে ইফাল-সিফাল একো নাচাই প্ৰাণ বচাবলৈ আশ্ৰমৰ পৰা আঁতৰি দূৰলৈ পলাই গ’ল।

এলেহুৱা

প্ৰকৃত এলেহুৱা

কিন্তু ইমানৰ পিছতো জ্বলি থকা আশ্ৰমখনত দুজন এলে_হুৱাই শুই আছিল। যেতিয়া এজনে তেওঁৰ পিঠিত গৰম গৰম কিবা এটা অনুভৱ কৰিলে তেতিয়া তেওঁ ওচৰতে পৰি থকা আনজন এলে_হুৱাক ভৰিৰে মাতি ক’লে, “হেই! মই মোৰ পিঠিত গৰম গৰম কিবা এটা অনুভৱ কৰিছোঁ। উঠি চোৱাচোন আচলতে কিনো হৈছে?”

”একো নাই! তুমি আনফালে বাগৰ সলাই শুই থাকা।” আনজনে চকু নেমেলাকৈয়ে উত্তৰটো দিলে।

খিৰিকীৰে চাই থকা ৰজাই ঘটনাটো দেখি তেওঁৰ মন্ত্ৰীক ক’লে, “কেৱল এই দুয়োজনহে প্ৰকৃততে এলে_হুৱা। এটা কাম কৰা এই এলে_হুৱা দুজনক টোপনি মাৰিবলৈ ভাল ঠাই আৰু খাবলৈ ভাল খাদ্যৰ ব্যৱস্থা কৰি দিয়া। আৰু বাকী এই দৌৰী দৌৰী আশ্ৰমৰ পৰা ওলাই যোৱাবোৰ আচলতে কাম চোৰ। তেওঁলোকক লাঠিৰে কোৱাই কোৱাই কামত লগোৱা।”

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment