Wednesday, April 15, 2026
0 Shares

ক্ৰোধ

কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য্য এই ছটা মানুহৰ ওপজা দুষ্ট প্ৰবৃত্তি। ইহঁত স্বভাৱতে বৰ বলী। ইহঁতৰ দণ্ডিত মানুহে অকাম কৰি বিপদত পৰে! কোনোৱে কামৰ দণ্ডিত কুকাম কৰি ৰাইজৰ গৰিহনা খায়। কোনোৱে ক্ৰোধৰ দণ্ডিত আনৰ প্ৰাণ বধ কৰি নিজে চিপজৰিত প্ৰাণ এৰে, কোনোৱে লোভৰ দণ্ডিত পৰৰ ধন চুৰ কৰি বন্দী শালত বন্দী হয়। ইত্যাদি ক্ৰমে দুষ্ট প্ৰবৃত্তিবোৰৰ নিমিত্তে মানুহে সংসাৰত অশেষ ক্লেশ ভোগ কৰে। সেই দেখি ইহঁতে ৰিপু নাম পাইছে। ক্ৰোধ মানুহৰ পৰম ৰিপু। ইয়াৰ পৰা মানুহে হিতাহিত জ্ঞান হেৰুৱায়। ক্ৰোধত মানুহে নক'ব লগীয়া কয়, আৰু নকৰিব লগীয়া কৰে, আৰু উগ্ৰ ক্ৰোধত মনুষ্যত্ব লোপ হৈ মানুহৰ পশুত্ব সজাগ হয়। ক্ৰোধ ৰোগৰ নিচিনা। ৰোগ হ'লে মানুহৰ অশান্তি হয়, গা ছটফট কৰে আৰু মুখৰ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনৰ অশান্তি হয়, গা ছটফট কৰে, আৰু মুখ বিকৃতি হয়। সেইদৰে ক্ৰোধতো মনত অশান্তি ওপজে, গাৰ কঁপনি উঠে, কাণ আৰু চকু ৰঙ্গা পৰে, তেজ তপত হয়, আৰু শিৰবোৰ টনটনীয়া হৈ ফিন্দ খাই উঠে। ক্ৰোধৰ মূৰ্ত্তি ভয়ঙ্কৰ। বিতোপন মনুষ্য মূৰ্ত্তি ক্ৰোধত এনে বিকট হয় যে তাক দেখিলে দেখোঁতাৰ মনত ভয়ো লাগে লাজো লাগে। এই নিমিত্তে এজন পণ্ডিতে কৈছে যে খং উঠা মানুহৰ আগত এখন আৰ্চী ধৰিব লাগে, তেনেহলে সেই আৰ্চীত সি তাৰ ৰাক্ষসী মূৰ্ত্তি দেখি লাজ পাব, আৰু লাজ পালে তাৰ খঙ্গো জিমাব। কেচুৱা ল'ৰাই খঙ্গত জেউৰ ধৰিলে তাক আৰ্চী দেখুয়াব লাগে, তেনেহলে সি কান্দন এৰিব।

 ক্ৰোধ উদয় হ'লে, মানুহে গাত খং উঠা বুলি কয়। খং দৰাচলতে গাত উঠে, অৰ্থাৎ বলী মানুহে যেনেকৈ নিৰ্ব্বলীক গবা মাৰি ধৰে, সেইদৰে খঙ্গেও মানুহক গবা মাৰি ধৰে আৰু শৰীৰটো চেপি খুন্দি মোহাৰি জুনজুনীয়া কৰে। খঙ্গৰ একোটা আক্ৰমণে গাৰ তেজ, মঙ্গহ, শিৰ আদি সঁজুলিবোৰ মথি পেলায়। সেই নিমিত্তে বৰ খঙ্গৰ পাচত মানুহৰ ভাগৰ লাগে। ল'ৰাবোৰ খংত কান্দি কান্দি পাচত টোপনি যায়। ইয়াৰ পৰা বুজিব পাৰি যে খং উঠিলে শৰীৰৰ ভিতৰত এটা ধুমুহা বয়, আৰু সেই ধুমুহাত জোকাৰ খাই শৰীৰ থান্ থান্ বান্ বান্ হৈ পৰে। এনেকুৱা ভিতৰুৱা হুলস্থূলৰ পৰা যে শৰীৰ অপকাৰ হয় তাৰ কোনো সন্দেহ নাই।

 খং উঠাৰ বহুত কাৰণ আছে। আনে অপকাৰ কৰিলে খং উঠে, গাত দুখ দিলে খং উঠে, অপমান কৰিলেও খং উঠে। এইবিলাক খঙ্গৰ ডাঙ্গৰ ডাঙ্গৰ কাৰণ। এনে বিধৰ কাৰণ সদায় উপস্থিত নহয়। এইবিলাকেই মাথোন খং উঠাৰ কাৰণ হোৱাহেঁতেন জীৱনত দুই চাৰি দিনহে মানুহৰ খং উঠিবলৈ পালেহেঁতেন। সৰহ ভাগ খঙ্গৰ কাৰণ আমনি। আমনি সহিব পাৰিলে তাৰ আক্ৰমণ এৰাব পাৰি। কোনো কোনো মানুহৰ যে অলপতে খং উঠে ই কেৱল আমনি সহিব নোৱাৰাৰ ফল। উন্নতি বিচৰা মানুহে এনেকুৱা স্বভাৱ শুধৰাই লোৱা উচিত, নাইবা উন্নতিৰ বাটত আগুৱাবলৈ টান হয়। উন্নতিৰ বাটত থাকিলে অনেক সময়ত অনেক টান কামৰ ভাৰ পৰে, বা এটা কামকে কেইবাবাৰো কৰিব লগীয়া হয়, বা একে সময়তে অনেক ৰকম কামে জুমুৰি দি ধৰে, তেতিয়া বিৰক্ত হৈ কাম এৰিলে উন্নতিৰ চেষ্টা বিফল হয়। জাজ জঞ্জাল, আমনি আহুকাল উন্নতিৰ ঘাই অঙ্গ। যি উন্নতিৰ পথত চলে, সি ইহঁতক পিন্ধনৰ বস্ত্ৰ যেন জ্ঞান কৰিব লাগে। ৰাজমিস্ত্ৰী আৰু সেনাপতিসকলে দিনে নিশায় নানা বিধ টান টান সমস্যা খণ্ডন কৰিব লাগিছে, তথাপি তেওঁবিলাকৰ আমনি নাই। আমনিবোধ অভ্যাসত কমে, অৰ্থাৎ অভ্যাস কৰিলে মানুহে আমনি সহিব পৰা হয়। যি মানুহে মুঠে আমনি সহিব নোৱাৰে, সিও বহু পৰিয়ালী ঘৰত থাকিলে অনুক্ৰমে সহিব পৰা হয়। খঙ্গে যদিও মানুহৰ অপকাৰ কৰে, তাৰ পৰা যে কোনো উপকাৰ নহয় এনে কথা কব নোৱাৰি। খং ৰিপু হ'লেও তাৰ সজ ব্যৱহাৰ আছে। কিন্তু সজ ব্যৱহাৰত লগাব লাগিলে আগে তাক বশ কৰি ল'ব লাগে। হাতীক বশ কৰি নললে কামত লগাব নোৱাৰি। সেই দেখি মানুহে হাতী পুহি বশ কৰে, আৰু তাৰ মইমতালি ভাঙ্গিবলৈ গজাকোঁহ ব্যৱহাৰ কৰে। খঙ্গো হাতীৰ নিচিনা উদণ্ড, তাকো আগে বশ কৰি নললে ভাল কামত লগাব নোৱাৰি। সেই দেখি উন্নতি বিচৰা মানুহে খঙ্গক ইচ্ছামতে চলাবলৈ শিকিব লাগে। গহীন স্বভাৱৰ মানুহক খঙ্গে কেতিয়াও উদ্‌বাউল কৰিব নোৱাৰে, গহীনালি খঙ্গৰ বাধক। এতেকে গহীন হ'বলৈ শিকিলে খং দমাবলৈ শিকা হয়।

 খঙ্গৰ কথাবোৰ মনত আলচি থকা উচিত নহয়। আলচি থাকিলে খঙ্গৰ তেজ বাঢ়ে। খং উঠিলে তাৰ কাৰণ বন্ধুবান্ধৱক ভাঙ্গি কোৱা উচিত, তেনেহলে খং বাঢ়িবৰ আশঙ্কা নাথাকে। খং লুকাই থোৱা উচিত নহয়, লুকাই থোৱা খং শত্ৰুৰ নিচিনা। সি কেতিয়াবা হঠাৎ অমূৰ্ত্তক হৈ ওলায়, আৰু মানুহৰ নথৈ অপকাৰ কৰে।

 কোনো কোনো মানুহে আগপাচ নুগুণি খঙ্গৰ বেগত হঠাৎ এটা অকাম কৰি চিৰকাল তাৰ ফল ভোগ কৰে। কোনোৱে ঘৰৰ বয়-বস্তু ভাঙ্গি-ছিঙ্গি খাস্তাং কৰি পাচত কপাল ভুকুৱাই কান্দে, কোনোৱে নকব লগীয়া কথা কৈ নিজৰ বিপদ নিজে মাতি আনে। ইত্যাদি ক্ৰমে বহুত মানুহে হঠাৎ উঠা খঙ্গৰ দণ্ডিত নকব লগীয়া কৈ বা নকৰিবলগীয়া কৰি সংসাৰত অনেক দুঃখ কষ্ট ভোগ কৰে। সেই দেখি এজন পণ্ডিতে কৈ গৈছে যে খঙ্গৰ সময়ত লেখি নটা ঢোক নমৰাকৈ কোনো কথা কোৱা বা কোনো কাম কৰা উচিত নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories