Wednesday, April 15, 2026
0 Shares

ব্যায়াম

বল আৰু স্বাস্থ্য একে বস্তু নহ'লেও, সিহঁতে যে দুয়োকে দুয়ো সহায় কৰে তাৰ অকনো সন্দেহ নাই। স্বাস্থ্য নহ'লে বল সঞ্চয় কৰা টান আৰু বল নহ'লে স্বাস্থ্য ৰক্ষা কৰা টান। বলৱন্ত মানুহৰ স্বাস্থ্যও বলৱন্ত হয়, অৰ্থাৎ অনুৰূপীয়া অনিয়ম অকথাই বলৱন্ত মানুহৰ স্বাস্থ্যক দোঁৱাব নোৱাৰে। কিন্তু নিৰ্ব্বলী মানুহৰ স্বাস্থ্য আলসুৱা নিয়মৰ অলপ ইফাল সিফাল হ'লেই সি দোঁ খায়। এতেকে স্বাস্থ্য অটুট ৰাখিবলৈ বল লাগে।

বল বঢ়ালে বাঢ়ে, ব্যায়াম অভ্যাস কৰি তাক বঢ়াব পাৰি। ব্যায়ামৰ গুণত বহুত মানুহক অদ্ভুত বল লাভ কৰা দেখা যায়। ব্যায়ামৰ পৰা নিছলা শৰীৰ শকত, লাহী কলিজা ডাঙ্গৰ হয়, আৰু তেজৰ বেগ খৰ হৈ উঠে। ব্যায়াম এটা স্বভাৱৰ ব্যৱস্থা; পশু-পক্ষীৰ ভিতৰতো ইয়াৰ প্ৰচলন আছে। সিহঁতে কেতিয়াবা অবাবতে জপিয়াই ডেও পাৰি ফুৰে। এইদৰে জপিয়াই ফুৰাটো এক ৰকম ব্যায়াম,তাকে কৰি সিহঁতে ব্যায়ামৰ ফল পায়। ঘৰচীয়া পশুতকৈ বনৰীয়া পশুৰ ভিতৰত ব্যায়াম প্ৰচলন বেছি, সেইদেখি বনৰীয়াবোৰ ঘৰচীয়াবোৰতকৈ বেছি শকত আৰু বলৱাল। সিহঁতৰ ভিতৰত ৰোগ ব্যাধিও কম দেখা যায়।

 ব্যয়ামৰ আচৰিত গুণ, ইয়াৰ পৰা মানুহে অদ্ভুদ ক্ষমতা লাভ কৰে। ব্যায়ামৰ প্ৰখ্যাত ওজা চেণ্ডো চাহাব পূৰ্ব্বতে নিচেই নিশকতীয়া মানুহ আছিল, পাচে ব্যায়াম অভ্যাস কৰি এতিয়া এজন বিৰিঙ্গ পুৰুষ হৈছে। তেওঁ পৃথিৱীৰ বহুত ঠাইত মনুষ্যদুৰ্লভ প্ৰতাপ দেখুৱাই অক্ষয় খ্যাতি লাভ কৰিছে। তেওঁৰ বলৰ কথা শুনিলে বিস্ময় মানিব লাগে। বলী প্ৰধান সিংহকো তেওঁ মল্ল যুদ্ধত পৰাজয় কৰি নৰসিংহ নাম পাইছে। এই খ্যাতিমন্ত চেণ্ডোৱে ব্যায়াম সম্বন্ধে যিবিলাক উপদেশ দিছে তাৰে প্ৰধান দুই চাৰিটাৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ল।

 বহুত মানুহৰ বিশ্বাস আছে যে ব্যায়াম কেৱল ডেকা মানুহৰ হে যোগ্য, কিন্তু চেণ্ডোৱে তেনে কথা নকয়। তেওঁৰ মতে ল'ৰা, বুঢ়া, ডেকাসকলোৱে ব্যায়াম কৰিব পাৰে,আৰু কৰিলে সকলোৱে সমানে ফল পায়, কিন্তু শিকাৰুৰ বয়স অনুহৰি ব্যায়ামৰ প্ৰণালী বেলেগ বেলেগ হয়। সেইবিলাক প্ৰণালী ব্যায়াম শিকিব খোজা মানুহে তেওঁ লিখা কিতাপ পঢ়ি শিকিব পাৰে।

 চেণ্ডোৰ বিবেচনাত শৰীৰৰ অঙ্গবোৰ চলালেই, অৰ্থাৎ হাত, ভৰি, কঁকাল, আঙুলি আদি সঞ্চালন কৰিলেই ব্যায়াম কৰা নহয়, ব্যায়ামত মনৰো বিশেষ কাৰ্য্য আছে। ব্যায়াম কৰিবৰ সময়ত শৰীৰটোৰ বিষয়ে তদ্‌গত মনে চিন্তা কৰিব লাগে। চিন্তাশূণ্য ব্যায়ামে উপকাৰ নকৰে। ব্যায়ম শিকাৰুবিলাকে আৰু এটা কথা মনত ৰাখিব লাগে যে মানুহৰ অঙ্গবোৰৰ ভিতৰত দুটা এটা অঙ্গহে দুৰ্বল থাকে, কোনো মানুহৰ বাহু দুৰ্বল, কোনো মানুহৰ কৰঙ্গন দুৰ্বল, কোনো মানুহৰ কলিজা দুৰ্বল, কোনো মানুহৰ হাঁওফাঁও দুৰ্বল, কোনো মানুহৰ কঁকাল দুৰ্বল। ব্যায়ামৰ সময়ত যাৰ যি অঙ্গ দুৰ্বল তাৰ ওপৰত মন থাপি আৰু ভিৰ পেলাই ব্যায়াম কৰা উচিত। কেইবাটাও অঙ্গ দুৰ্বল থাকিলে একেবাৰে এটাইবোৰ শকত কৰিবলৈ চেষ্টা নকৰি এটা এটাকৈ ধৰা উচিত। ব্যায়ামৰ ফল একেদিনে বা একেমাহে লাভ কৰিব নোৱাৰি, লাহে লাহেহে তাৰ ফল দেখা দিয়ে। গতিকে দুই চাৰি মাহত উন্নতি নেদেখিলে ব্যায়াম এৰি দিয়া উচিত নহয়।

 অপৰিমিত ৰূপে ব্যায়াম কৰা অযুগুত। অপৰিমিত ব্যায়ামে অপৰিমিত ভোজনৰ নিচিনা শৰীৰত কুফল ফলায়। এদিন সৰহকৈ ভোজন কৰিলে শৰীৰ কদাপি পুষ্ট নহয়,সেইদৰে এদিন সৰহকৈ ব্যায়াম কৰিলেও শৰীৰ কদাপি শকত নহয়, বৰং ৰোগ ব্যাধি হ'বৰ আশঙ্কা থাকে। ব্যায়াম কৰা মানুহে চিৰকাল ব্যায়াম কৰিব লাগে, কিছুমান দিন কৰি পাছত এৰি দিলে শৰীৰৰ অপকাৰ হয়। চেণ্ডোৱে কয় যে ব্যায়াম অভ্যাস কৰি এৰি পাচত দিয়াতকৈ মুঠেই নকৰা ভাল। ব্যায়ামৰ সময় অসময় নাই, পুৱা, গধুলি, দিন, নিশা সকলো সময়তে তাক অভ্যাস কৰিব পাৰি, কেৱল শুদা বা ভৰা পেটত কৰা অযুগুত। নৰিয়া বা ভাগৰুৱা শৰীৰতো ব্যায়ামে অপকাৰ কৰে।

 বহুত মানুহে নিয়ম মতে ব্যায়াম কৰিবলৈ ভাল নেপায় সেই দেখি অতীজৰ পৰা ব্যায়ামৰ নিচিনা কিছুমান লেখা প্ৰচলিত আছে। এই খেলাবোৰৰ পৰা কিছু পৰিমানে ব্যায়ামৰ ফল পোৱা যায়। টাংগুটি, ফটিক্‌লাই, ফুটবল আদি এই শ্ৰেণীৰ খেলা। বয়সীয়াল অসমীয়াই এইবোৰ খেলা কেৱল ল'ৰাৰ উপযুক্ত বুলি ভাবে। তেওঁলোকে দবা, পাষটি আদি বহি খেলা খেলহে খেলে, কিন্তু বহি খেলা খেলৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়। ই কেৱল এলাহ বঢ়ায়। কোনো কোনো মানুহে কয় যে তাচ্‌, দবা, পাষটি আদিৰ খেলাত বুদ্ধি লাগে, এতেকে এইবোৰ খেলা খেলিলে মানুহৰ বুদ্ধি বাঢ়ে। ই এক অদ্ভুত তৰ্ক। দবা বা পাষা খেলি কোনো আজিলৈকে বুদ্ধিমন্ত হোৱা শুনা নাযায়। প্ৰকৃত পক্ষত এনেবোৰ খেলা এলেহুৱাৰ আৰু কাম নোহোৱাৰ সময় কটাবৰ উপায় মাথোন। উদ্‌গতি কৰিব খোজা মানুহে এনেকুৱা খেলাত কেতিয়াও হাত দিয়া উচিত নহয়? খেলা খেলিবৰ মন গ'লে তাচ, পাষটি পৰিহাৰ কৰি বেচ্‌বল, ফুটবল আদি বলদায়ক খেল খেলা উচিত। লৰ মৰা আৰু জাপ মৰা অনেকেই পাতলামিৰ চিন বুলি বিবেচনা কৰে। ইও এটা কুসংস্কাৰ মাথোন, এনে বিশ্বাস সোনকালে মনৰ পৰা আঁতৰোৱা উচিত।

 ঘোঁৰাত উঠা এক ৰকম ব্যায়াম। ঘোঁৰা দৌৰালে সমস্ত শৰীৰ সঞ্চালিত হয়, আৰু তেজ তপত হৈ বেগাই চলিবলৈ ধৰে। যি মানুহে ব্যায়াম নকৰে সি ঘোঁৰা দৌৰাইও তাৰ ফল পাব পাৰে। ৰীতি মতে সদায় ফুৰিলেও একৰকম ব্যায়াম কৰা হয় কাৰণ তাৰ পৰা শৰীৰ সবল হয় আৰু খোৱা বস্তু জীণ যায়। সাঁতোৰা এবিধ ব্যায়াম, সাঁতুৰিলে হাত, ভৰি আৰু কঁকাল পৰিচালিত হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories