Wednesday, April 15, 2026
0 Shares

বাসৰ ঘৰ

থকা ঠাইৰ দৰে থকা ঘৰেও স্বাস্থ্যৰ ভাল বেয়া কৰে থাকিবলৈ যি ঘৰ সজা যায়, তাক ডাঙৰকৈ সজা ভাল, ডাঙৰ ঘৰত বায়ু অবাধে চলাচল কৰিব পাৰে। ঘৰৰ ভিতৰত বন্ধ হৈ থকা বায়ু নানা কাৰণে দূষিত হয়, সেই দূষিত বায়ু সদায় ব্যৱহাৰ কৰিলে স্বাস্থ্য নৰয়। থকা ঘৰ ডাঙৰ হ'লে তাত বাজৰ নিৰ্ম্মল বায়ু সোমাই ভিতৰৰ দূষিত বায়ু উলিয়াই দিয়ে কিন্তু ঘোপমৰা সৰু ঘৰত বাজৰ বায়ু সোমাবলৈ সদায় সুচল নাপায় সেই দেখি তাৰ দূষিত বায়ু তাতেই ৰয়। ডাঙৰ ঘৰ সাজিবলৈ সকলোৰে সমৰ্থ নহ'ব পাৰে, কিন্তু সেই বুলি ঘোপমৰা চাপৰ ঘৰত থকা কেতিয়াও উচিত নহয়। সমৰ্থ নোহোৱা মানুহে সৰু ঘৰ সাজক, কিন্তু সৰু ঘৰ ওখ কৰি সাজিব লাগে। ঘৰ ওখ কৰিলে দীঘলে পুতলে যি ঠাই কম পৰে সেই ঠাই ওপৰৰ ফালে ওলায়, এতেকে ওখ সৰু ঘৰো ডাঙৰ ঘৰৰ নিচিনা স্বাস্থ্যকৰ হয়। থকা ঘৰত বাজৰ বায়ু আৰু পোহৰ সোমাবলৈ কোঁঠালিয়ে পতি দুখন এখন খিড়িকী ৰখা উচিত।

 থকা ঘৰ পৰা পক্ষত পশ্চিমমুৰা কৰিব নালাগে। পশ্চিম মুৱা ঘৰত আবেলিৰ চেৰেঙ্গা ৰদ সোমাই ভিতৰৰ বায়ু তপত কৰে, তদুপৰি বতাহ বৰষুণৰো বৰ উপদ্ৰপ হয়। ঘৰৰ উত্তম দক্ষিণমুৱা; তেনে ঘৰক আবেলিৰ ৰদে বা বৰষুণৰ আছাৰেকণিয়ে লগ নাপায়। দক্ষিণে সুচল নহ'লে পূবলৈ মুখ কৰি ঘৰ সাজিলেও দোষ নাই। থকা ঘৰৰ ভেটি ওখ হয় মানে ভাল।

 শোৱনী ঘৰত কলহ, টেকেলি, পাচি, খৰাহি বা আন কোনো লাকটি-পাকটিৰে জাঁজ কৰি থোৱা উচিত নহয়, তাত আলান্ধু বা মকৰাৰ জাল হ'বলৈ দিয়াও অনুচিত। ঘৰ সদায় সাৰি থকা ভাল আৰু ভেটি জেকা নহ'লে সদায় মচিলেও হানি নাই। কিন্চু জেকা ঘৰ সদায় মচিলে অপকাৰ হয় কাৰণ যি ভেটি এনেই জেলেকীয়া তাক নিতৌ পানীৰে মচিলে, পানীত পানী ঢালি থকা হয়, সি আৰু শুকাবলৈ সময় নাপায়। ঘৰৰ ভিতৰত পিক, থু বা খেঁকাৰ পোলোৱা উচিত নহয়, পেলালে বেয়া গোন্ধ ওলায়, আৰু ঘৰৰ বায়ু দূষিত কৰে। বেৰবিলাক দুয়ো পিঠিয়ে মাটিৰে লিপি লোৱা ভাল, কাৰণ তেনেহলে ৰদ বৰষুণে বৰকৈ উপদ্ৰপ কৰিব নোৱাৰে। চূণ এবিধ বৰ উপকাৰী বস্তু; চূণে দুৰ্গন্ধ নাশ কৰে আৰু বায়ু শুদ্ধ কৰে। পাৰিলে বেৰত চূণ লগাই লোৱা উচিত। চূণ দিয়া ঘৰত পোহৰো বেছি হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories