Wednesday, April 15, 2026
0 Shares

শয়ন

টোপনী ভাগৰুৱা শৰীৰ পৰম ঔষধ। দিনৰ ভাগত নানা কামত আৰু নানা জঞ্জালত মানুহৰ শৰীৰ আৰু মন ভাগৰি অথিৰ হয়, ৰাতিৰ ভাগত টোপনি মাৰি সিহঁতে সেই ভাগৰ সকলো পাহৰে। ৰাতি ভালকৈ টোপনি পালে, পুৱা উঠি নতুন সংসাৰত ওলোৱা যেন লাগে, শৰীৰত নতুন বল হয়, মনত নতুন উৎসাহ হয়, আৰু আগদিনাৰ এলাহ আমনি সমূলে নাইকিয়া হয় এইবিলাক পৰিমিত টোপনিৰ ফল, অপৰিমিত টোপনিৰ ফল ইয়াৰ বিপৰীত। অপৰিমিত ৰূপে টোপনি মাৰিলে গা গধুৰ হয়, মন বিমৰিষ হয়, হাত ভৰি ছিগি ভাগি যাব খোজে, আৰু উৎসাহ উদ্যোগ একো নাথাকে। পণ্ডিতবিলাকৰ মতে ৰাতি সাত ঘণ্টা শুলেই পৰিমিত টোপনি মৰা হয়, শৰীৰ মন সুস্থ হ'বলৈ তাতকৈ দীঘল টোপনি নালাগে।

 মানুহৰ বয়সৰ লগত টোপনিৰ বিশেষ সম্বন্ধ। শিশু কালত টোপনিৰ অধিকাৰ বেচি। কেচুৱা ল'ৰা-ছোৱালীবোৰ দিনে নিশায় শোৱে, এখন্তেকমান পৰি মাথোন সাৰে থাকে, কিন্তু সিহঁতৰ বয়স যিমানেই বাঢ়ি যায় সেই অনুপাতত টোপনিও সিমানে টুটি আছে। বুঢ়া মানুহবিলাকৰ টোপনি নিচেই কম হয়, চাৰি বা পাঁচ ঘণ্টাৰ বেচি সিহঁতৰ টোপনি নাহে। অভ্যাস কৰি যেনেকৈ আহাৰ বঢ়াব টুটাব পাৰি, টোপনিও তেনেকৈ বঢ়াব টুটাব পাৰি। অভ্যাস কৰি কোনো মানুহে ডেকা বয়সতো দিন ৰাতিৰ ভিতৰত ষোল সোতৰ ঘণ্টা শোৱে, আকৌ চাৰি পাঁচ ঘণ্টা শুইও কোনোৱে গা ভালে ৰাখিব পাৰে।

 শুৱৰ স্বাভাৱিক সময় ৰাতি। দিনত কাম কৰি মানুহৰ ভাগৰ লাগে, ৰাতি শুলে সেই ভাগৰ পলায়, আৰু আকৌ কাম কৰিবলৈ গাত বল হয়। কোনো কোনো মানুহে এই স্বাভাৱিক নিয়ম লঙ্ঘন কৰি দিনৰ ভাগতো টোপনি মাৰে। ই বৰ অযুগুত কথা। দিনৰ শয়ন আৰু আভোকৰ ভোজন একে ৰকম। অভোকত খালে যেনে অসুখ হয়, দিনত শুলেও তেনে অসুখ হয়, তদুপৰি সময়খিনি বিফলে যায়।

 ৰাতি জাগৰণ স্বাস্থ্যৰ পক্ষে বৰ অপকাৰী, এৰাতি উজাগৰে থাকিলে দুদিনলৈ গা গেৰেউ-গেথেউ লাগে। প্ৰয়োজন অনুসৰি মাজে সময়ে কেতিয়াবা উজাগৰ নিদিলে নচলে কিন্তু সেই বুলি অবাবত টোপনি খতি কৰি স্বাস্থ্যৰ অপকাৰ কৰা উচিত নহয়। কিছুমান মানুহে কয় যে অভ্যাস কৰিলে অনিদ্ৰাও সহন হ'ব, কিন্তু এই কথা বিশ্বাস কৰিব নোৱাৰি। অভ্যাসত টোপনি কমে কিন্তু তাৰ প্ৰয়োজন একেবাৰে খণ্ডন নহয়। আহাৰ নিদ্ৰা শৰীৰৰ ধৰ্ম্ম, তাক এৰি শৰীৰ কেতিয়াও তিষ্ঠিব নোৱাৰে। সংসাৰী মানুহে যথোচিত ভোজন আৰু যথোচিত শয়ন কৰি শৰীৰ ৰক্ষা কৰা উচিত।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories