Wednesday, April 15, 2026
0 Shares

দয়া

আগত কোৱা হৈছে যে মানুহৰ মনত দুই শ্ৰেণীৰ বৃত্তি আছে। তাৰে এক শ্ৰেণীৰ বৃত্তিবোৰ দুষ্ট, সেই নিমিত্তে সিহঁতক ৰিপু বোলে। আন শ্ৰেণীৰ বোৰ সজ, সেই নিমিত্তে সিহঁতক গুণ বোলে। দুষ্ট বৃত্তিবোৰৰ বিষয়ে আন ঠাইত আলোচনা কৰা যাব। ইয়াত কেৱল সজ বৃত্তিবোৰৰ গুণাগুণ বিচাৰ কৰা হ'ব। সজ বৃত্তিবোৰৰ ভিতৰত দয়া মূখিয়াল। মনৰ মামৰ গুচাবলৈ দয়াৰ নিচিনা দৰব নাই। দয়া কপট অন্তকাৰীৰ পৰম ঔষধ। ই কূৰ্চ্চুট কপট আদি মলি পখালি মানুহৰ চিত নিকা কৰে। দয়াৰ প্ৰথম কাৰ্য্য মানুহৰ আপোন পৰিয়ালত দেখা দিয়ে। পিতৃ-মাতৃ, ভাই-ভনী, আৰু সন্তান-সন্ততিলৈ সকলো মানুহৰেই মৰম লাগে। মৰম এটা দয়াৰ কাৰ্য্য। কিন্তু এই পৰিমাণ দয়াৰে পৃথিৱীত কোনো ডাঙ্গৰ কাম নিসিজে। ল'ৰা-ছোৱালী বা ভাই-ভনীলৈ মৰম লগা এটা প্ৰকৃতিৰ নিয়ম। এই নিয়মৰ গুণত জীৱজগত চিৰকাল চলি আছে। ই ক্ষীণ দয়া। এই পৰিমান দয়া পশু-পক্ষীৰ ভিতৰতো আছে। চৰিত্ৰ গঠন কৰোঁতে ইয়াৰ পৰা বিশেষ সহায় পোৱা নাযায়। চৰিত্ৰ গঠন কাৰ্য্যত লগাব লাগিলে দয়া কৰ্ষণ কৰি বঢ়াই ল'ব লাগে। সংসাৰ যিমান ডাঙ্গৰ, সাংসাৰিক উন্নতি বাঞ্ছা কৰা মানুহৰ দয়াও সিমান ডাঙ্গৰ হ'ব লাগে অৰ্থাৎ জগতবাসী সকলো জীৱ-জন্তুৰ প্ৰতি তাৰ দয়া জন্মিব লাগে।

দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কিন্তু মনত উপজি মাৰ গ'লে সেই দয়াৰ পৰা কোনো ফলোদয় নহয়। যি দয়াৰ পৰা কৰ্ম্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্য্যকৰী দয়া। কোনো মানুহৰ দুখ দেখিলে তাক গুচাবলৈ দয়াই তোমাক দণ্ডি কৰিব লাগে। দয়াৰ দণ্ডিত কিছুমান মানুহে গোটেই জীৱন পুৰুষাৰ্থ কৰি পুৰণি কালৰ গোলাম বন্দীক মুক্তি কৰিছে। এতিয়াও বন্দীয়াৰবিলাকৰ দুখ দেখি কিছুমান মানুহে ফাটকৰ নিয়ম-প্ৰণালী পৰিবৰ্ত্তন কৰাবলৈ চেষ্টা কৰিব লাগিছে। আগেয়ে গৰু-মহ আদি পশুবোৰক মানুহে অশেষ কষ্ট দি বাইছিল এতিয়া দয়ালু মানুহৰ পুৰুষাৰ্থত অমাত পশুৰ দুখ গুচিছে। আজিকালি গৰু-মহ বা হাঁহ-পাৰক দুখ দিলে ৰাজঘৰত জগৰীয়া হ'ব লাগে। আগৰ কালত ভাৰতবৰ্ষত পোহনীয়া পশুৰ চিকিৎসালয় আছিল তাত গৰাকী নোহোঁৱা ৰুগীয়া গৰু ছাগলীক চিকিৎসা কৰি ভাল কৰিছিল। এইবোৰ ব্যৱস্থা সংসাৰ ব্যাপী দয়াৰ ফল। দয়া নামনিলৈ বয়, অৰ্থাৎ তোমাতকৈ যি হীন তালৈ তোমাৰ দয়া উপজে। ল'ৰা মানুহলৈ বয়সীয়া মানুহৰ মৰম লাগে, কাৰণ ল'ৰা বয়সীয়াতকৈ বয়সত হীন, দুখীয়া মানুহলৈ ধনী মানুহৰ মৰম লাগে, কাৰণ দুখীয়া ধনীতকৈ ধনত হীন।

 দয়া গুণৰ উদ্‌গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে; ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই তোমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন। প্ৰতিশোধৰ ভাব মনত সোমালে মন কলঙ্কিত হয়। প্ৰতিশোধ ল'লে সি পক্ষৰ হিংসা বাঢ়ি যায় আৰু ভৱিষ্যত মিলৰ মূৰ মৰে। বৈৰী দমনৰ অমোঘ মন্ত্ৰ ক্ষমা। বহুতে বিবেচনা কৰে যে হিংসাৰ সলনি হিংসা নকৰিলে হিংসকে লাই পায়। এই বিশ্বাস ভুল। হিংসাৰ প্ৰতিশোধ নলৈ ক্ষমা কৰিলে হিংসকে লাজ পায়, আৰু তাৰ হিংসাৰ তেজ কমি যায়। আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম, তাৰ পোটক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি চিনাকি দিয়া হয়। বিশেষতঃ খিয়লীয়াৰ লগত খিয়লীয়া আৰু কপটীয়া হ'লে চৰিত্ৰ কদাপি সংশোধন কৰিব নোৱাৰি।

 তুমি আনৰ অহিত নকৰিলে আনে তোমাৰ অহিত নকৰে, ই ধুৰুপ কথা। এতেকে জানিব লাগে যে আনৰ বৈৰী ভাবৰ হেতু তোমাৰ গাত আছে, অৰ্থাৎ তোমাৰ কাৰ্য্যৰ নিমিত্তে আন জন তোমাৰ বৈৰী হয়। তুমি জ্ঞান পক্ষে কাৰো অহিত নকৰিলেও তোমাৰ কাৰ্য্যৰ পৰা যদি কাৰো অহিত হয়, তেনে হলেও সি তোমাৰ প্ৰতি কুপিত হয়। আচল কথা জানিলে তাৰ কোপ গুচিব পাৰে, কিন্তু কুপিত মানুহে তালৈ অপেক্ষা নকৰি হঠাৎ এটা কৰি অঁতায়। ই অৱশ্যে অজ্ঞানীৰ কাম। সেই দেখি ইয়াক ধৰা উচিত নহয়। অজ্ঞানীৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories