Wednesday, April 15, 2026
0 Shares

দেশ ভ্ৰমণ

দেশ ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। পুথিত যিবিলাক বস্তুৰ কথা পঢ়া যায়, দেশ ফুৰিলে সেইবিলাক বস্তু দেখা যায়। চকুৰে নেদেখিলে, কেৱল বৰ্ণনা পঢ়ি সকলো বস্তুৰ সবিশেষ তত্ত্ব পোৱা নাযায়। জগৎপ্ৰখ্যাত তাজমহল আগ্ৰা নগৰত আছে। ই মোগল খিতাপৰ যুগমীয়া চিন, দাম্পত্য স্নেহৰ বিতোপন পটন্তৰ, আৰু মন্দিৰ গাঁথনিৰ অনুপম আৰ্হি। বুৰঞ্জীত এই মন্দিৰৰ বৰ্ণনা পঢ়িবলৈ পোৱা যায়, কিন্তু বৰ্ণনাৰ পৰা তাৰ আচল গঢ়-পিট মনত ধাৰণা কৰিব নোৱাৰি। সেই দেখি চকুৰে চাই তাৰ তত্ত্ব বুজিব লাগে। পৃথিৱীৰ প্ৰধান প্ৰধান বস্তুবোৰ এইদৰে নিজে গৈ চাব পাৰিলে বহুত শিক্ষা পোৱা যায়।

উদ্‌গতিৰ আন নাম পৰিবৰ্ত্তন। পুৰণি গুচাই নতুন কথা প্ৰৱৰ্ত্তাব নোৱাৰিলে মানুহৰ বা দেশৰ উদ্‌গতি নহয়। কিন্তু ভিন দেশ নেদেখা মানুহে পুৰণি একো কথাকে লৰচৰ কৰিব নিদিয়ে; সিহঁতে পুৰণি সকলোকে ভাল আৰু ন সকলোকে বেয়া দেখে। এতেকে সেই শ্ৰেণী মানুহৰ কদাপি উন্নতি নহয়।

বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক। সিহঁতে ঘৰৰ ঘাৰোৱাহ আৰু ওচৰচুবুৰীয়াৰ বাদে আন কাৰো লগত মিতিৰালি কৰিব নোৱাৰে। বিদেশী মানুহ সিহঁতৰ আশাঙ্কাৰ ঠাই। বিদেশী মানুহক সিহঁতে বনৰীয়া জন্তু যেন দেখে, আৰু বিপদত পৰিলে সিহঁতক আশ্ৰয় নিদিয়ে। কিন্তু বিদেশত ফুৰা মানুহৰ স্বভাৱ তেনেকুৱা নহয়, সিহঁতৰ মনত গোটেই জগত স্বদেশ আৰু সকলো মানুহ আপোন। ইয়াৰ বাদেও দেশ ভ্ৰমণৰ আৰু উপকাৰ আছে। নানা দেশৰ নানা জাতিৰ মানুহৰ লগত সঙ্গতি কৰিলে সিহঁতৰ বুদ্ধি কৌশল কেনেকুৱা ,আৰু সিহঁতে কোনটো কাম কেনেকৈ কৰে, এটাইবিলাক শিকিব পাৰি, আৰু ভাল বা সুৱলা দেখিলে সেই প্ৰণালীও নিজৰ কামত লগাব পাৰি। বিদেশত ফুৰিলে তাৰ মানুহবিলাকৰ দুষ্টালিৰ প্ৰণালীও জনা যায়,গতিকে সিহঁতৰ হাতত ঠগ খাবৰ আশঙ্কা নাথাকে। বিপদত বিমোৰ হোৱাও ফুৰা মানুহৰ স্বভাৱ নহয়, বিপদ হ'লে সিহঁতে এটা নহয় এটা বুদ্ধি উলিয়াব পাৰে। প্ৰত্যৎপন্নমতিত্ত্ব বা কাললৈ বুদ্ধি দেশ ভ্ৰমণৰ এটাই ঘাই ফল।আজি কালি অসমৰ দুই চাৰি জনে দেশ ভ্ৰমণ কৰে, কিন্তু তেওঁলোকৰ ভ্ৰমণৰ নিয়মলৈ চালে, তাৰ পৰা যে কিবা ফলোদয় হব, এনে মনে নধৰে। যাবৰ আগেয়ে চাবলৈ ওলোৱা ঠাইত খোৱা, শোৱা থকা সকলো বিধৰ আয়োজন কৰাই লৈ যাত্ৰা কৰিলে দেশ ফুৰাৰ ফল পোৱা নাযায়। এইদৰে হিমালয়ৰ টিঙ্গলৈ বা মেৰুৰ অন্তলৈ গ'লেও চকুৰ তৃপ্তিৰ বাদে একো শিক্ষা লাভ নহয়। দেশ ফুৰি শিক্ষা লাভ কৰিব খুজিলে বিদেশৰ অসুবিধাবোৰেৰে সৈতে সমুখ সমৰ কৰিব লাগে।

 ভিন দেশলৈ গ'লে তাৰ মানুহৰ লগত বা সংসৰ্গত থকা উচিত, আৰু সিহঁতৰ লগত সেই দেশৰ আচাৰ ব্যৱহাৰ অনুসৰি চলা উচিত। কোনো দেশৰ জাতীয় আচাৰ ব্যৱহাৰ জানিব খুজিলে, সেই দেশৰ সামান্য তৰপৰ মানুহৰ চলন ধৰণলৈ চকু ৰাখিব লাগে, কেৱল শিক্ষিত সমাজত ফুৰিলে জাতীয় আচাৰ ব্যৱহাৰ জনা নাযায়, শিক্ষিত মানুহৰ ব্যৱহাৰ প্ৰায় সকলো ঠাইতে একে ৰকম। প্ৰয়োজন নহ'লে বিদেশত নিজৰ চিনাকি নিদিয়াই ভাল, চিনাকি দিলে কেতিয়াবা শিক্ষাৰ অসুবিধা হয়। ডাঙ্গৰ মানুহ বুলি চিনাকি দি আলহি হ'লে ঘৰৰ গিৰিহঁতে তেওঁলোকৰ বেয়া খিনি লুকাই ৰাখি তোমাক ভাল খিনিহে দেখুৱাব, এতেকে তুমি বেয়া মানুহকো ভাল বুলি বিস্বাস কৰি অহাৰ আটক নাই। যি দেশলৈ যোৱা যায় তাৰ প্ৰসিদ্ধ ঠাইবোৰ, আৰু হাট বজাৰ চাব লাগে। সুচল হ'লে সেই দেশৰ পণ্ডিতবিলাকৰ সৈতেও দেখা সাক্ষাত হোৱা ভাল। বাতৰি কাকত দেশৰ চলিত অৱস্থাৰ আৰ্চিৰ নিচিনা, এতেকে তাকো পঢ়া উচিত, আৰু সভা সমিতি হ'লে তাতো উপস্থিত থাকিব লাগে।

 বিদেশত নানা ৰকম আলৈ-আহুকালৰ আশঙ্কা থাকে, আৰু তাত দেখা নতুন বস্তুবিলাকৰ বিষয়ে আন এজনৰ লগত আলোচনা বা ব্যাখ্যা-ব্যাখ্যি নকৰিলে শিক্ষা পৈণত নহয়, এতেকে বিদেশলৈ অকলশৰে নগৈ, দুই এজন লগৰীয়া লৈ যোৱা উচিত। লগৰীয়া থাকিলে বিপদত সহায়ো পোৱা যায়, আৰু আলোচনাৰো লগ হয়। কিন্তু লগৰীয়াৰ সংখ্যা সৰহ হ'লে ফুৰাত বৰ জঞ্জাল হয়, সেই দেখি তিনি জনতকৈ সৰহ লগৰীয়া নিয়া উচিত নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories