Wednesday, April 15, 2026
0 Shares

লোভ

     ক্ৰোধৰ নিচিনাকৈ লোভৰো দুৰ্জ্জয় প্ৰতাপ। ক্ৰোধে যেনেকৈ মানুহক বিপদত পেলায়, লোভেও সেইদৰে বিপদত পেলায়। কিন্তু ক্ৰোধৰ নিচিনা ই মানুহৰ হিতাহিত জ্ঞান লোপ নকৰে। ক্ৰোধত মানুহ বাউল হয়, উচিত অনুচিত বিচাৰ কৰিবৰ শক্তি হেৰুৱায়। লুভীয়া মানুহ বাউল নহয়, সি কোনটো উচিত আৰু কোনটো অনুচিত সুন্দৰ ৰূপে বাছিব পাৰে। ক্ৰোধত মানুহে যেনেকুৱাবোৰ কৰে, লোভতো প্ৰায় তেনেকুৱাবোৰেই কৰে, কিন্তু সিহঁতৰ কামৰ প্ৰণালীৰ ভিন ভাৱ আছে। খং উঠা মানুহে কৰ্ম্মৰ ভৱিষ্যত বিবেচনা নকৰাকৈ কাম কৰে, কিন্তু লুভীয়াই ফলাফল বিবেচনা কৰি, তাৰ পৰা সাৰিবৰ ফান্দ সাজি লৈ কামত হাত দিয়ে। এতেকে দেখা যায় যে ক্ৰোধতকৈ লোভ বেচি অনিষ্টকৰ ৰিপু।

 আন এজন মানুহে তোমাৰ আগত কোনো অন্যায় কাম নকৰিলে, বা তোমাক হিংসা বা অপমান নকৰিলে তোমাৰ খং নুঠে। এই কথাৰ পৰা বুজা যে এজনৰ খঙ্গৰ হেতু আন এজনৰ কৰ্ম্মত থাকে। এতেকে খঙ্গৰ আক্ৰমণ এৰাব খুজিলে আনৰ অন্যায় কামৰ পৰা বা হিংসাৰ পৰা আঁতৰ হৈ থাকিলেই এৰাব পাৰি। কিন্তু লোভ ৰিপুৰ প্ৰকৃতি তেনেকুৱা নহয়, আন মানুহে উদ্গাই নিদিলেও সি আপুনা আপুনি উদ্ভৱ হয়। চমুকৈ ক'ব লাগিলে লোভৰ হেতু লুভীয়াৰ গাতেই থাকে। এই দেখি যিবোৰ উপায়েৰে ক্ৰোধ গুচাব পাৰি, সেইবোৰ উপায়েৰে লোভ গুচাব নোৱাৰি। লোভ ৰিপুৰ প্ৰকৃতি অতিশয় বেয়া, আৰু সি মনুষ্যৰ চৰিত্ৰৰ ওপৰত ঘুণ।

 খং উঠিলে তাৰ চিন বাজত ওলায়। সেই দেখি খং উঠা মানুহক দেখিলেই চিনিব পাৰি, আৰু তাৰ উপদ্ৰব অত্যাচাৰৰ হাত এৰাবলৈ উপায় কৰিব পাৰি। কিন্তু লুভীয়াৰ হাতৰ পৰা সেইদৰে সৰা টান কথা। লোভৰ চিন প্ৰকাশ নহয়। লোভৰ কাম কৰি ধৰা নপৰিলে লুভীয়াক চিনিব নোৱাৰি। খং উঠা মানুহে আনৰ বেয়া কৰিব লাগিলে প্ৰায় সদৰীকৈ কৰে, কিন্তু লুভীয়াই সেইদৰে নকৰে। সিহঁতে ফাং পাতি বা ভাণ্ডনা কৰিহে আনৰ বেয়া কৰে।

 লোভ বৰ বলৱন্ত ৰিপু। তাৰ দণ্ডিত পৰি পৃথিৱীৰ বহুত মানুহে নিকাৰ ভুঞ্জে, আৰু আনকো ভুঞ্জায়। ইয়াক সেও কৰিবৰ উপায় অকল জ্ঞান। কিন্তু কেতিয়াবা জ্ঞানকো হৰুৱাই সি ওপৰ উঠে, জ্ঞানৰ উজ্জ্বল পোহৰতো চকুত ধুলি দি মানুহক লটিঘটি কৰে। যি মানুহে জন্মৰ পৰা পবিত্ৰ ভাৱে জীৱন কটাই আহিছে সিও কেতিয়াবা লোভৰ ভেলেকীত পৰি জ্ঞান পাহৰে, আৰু কুকাম কৰি কাললৈ কুখ্যাতি থয়। সেই দেখি জ্ঞানক লোভ দমনৰ অমোঘ অস্ত্ৰ বুলি ভাবিব নালাগে। জ্ঞানৰ লগে লগে নানা ৰকম কৌশল কৰিহে লোভক দমাব পাৰি। নিৰ্ব্বলীয়ে বলীক কৌশলেৰে পৰাজয় কৰে। বাঞ্ছাৰ বস্তুৰ অভাৱ নাটনি হ'লে মানুহৰ মনত লোভ দেখা দিয়ে আৰু সেই বস্তুটো পালে মনত যেনে ৰং লাগিব, তাক আলচি থাকিলে লোভৰ তেজ বাঢ়ি যায়। লোভ দমাই ৰাখিবলৈ ইচ্ছা কৰিলে তেনেকুৱা কথা মনত পাগুলি থকা উচিত নহয়। লোভ বৃত্তি নিদ্ৰিত অৱস্থাত থাকে, কিন্তু লুভীয়া বস্তু দেখিলে সি সজাগৰ হয়, আৰু তাৰ ক্ষমতা চলাবলৈ আৰম্ভ কৰে। এতেকে লুভীয়া বস্তুৰ পৰা আঁতৰি থাকিলে লোভে বৰ বল কৰিব নোৱাৰে। কিন্তু লুভীয়া বস্তুৰ পৰা সততে আঁতৰি থকা সম্ভৱ নহয়; সংসাৰ কেৱল প্ৰলোভনময়; মাজে সময়ে প্ৰলোভনৰ হাতত নপৰাকৈ কোনেও সাৰিব নোৱাৰে। বিশেষত লোভৰ পৰা পলাই ফুৰিলে তাক দমন কৰিব নোৱাৰি; কেতিয়াবা দেখাদেখি হ'লে সি নথৈ বিকৰ্থনা কৰিব। শত্ৰুক দমাব খুজিলে তাৰ লগত সমুখ সমৰ পাতিব লাগে। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপাতে। কিন্তু সেই বুলি প্ৰলোভন বিচাৰি ফুৰাও যুগুত নহয়।

লোভ বৃত্তি একেবাৰে নিৰ্ম্মুল কৰা অসম্ভৱ, আৰু সংসাৰ যাত্ৰীৰ পক্ষে উচিতো নহয়। ক্ৰোধৰ নিচিনা লোভৰো সজ ব্যৱহাৰ আছে। নিলুভীয়া মানুহে সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। তেনেকুৱা মানুহ কেৱল প্ৰাণ ৰক্ষাৰ সম্বল গোট খালেই সন্তুষ্ট হয়, বেচিলৈ অভিলাষ নকৰে। কিন্তু লুভীয়া মানুহৰ স্বভাৱ বেলেগ, তাৰ অভিলাষ ডাঙ্গৰ, আৰু সেই অভিলাষ পূৰণ কৰিবলৈ সি আঠো পৰে পুৰুষাৰ্থ কৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories