Wednesday, April 15, 2026
0 Shares

সাধু-16. হৰিমধ্যা

সাধু-16. হৰিমধ্যা

ষােল্লদিনৰ দিনা পুনৰ ৰজা ভােজ সিংহাসনৰ ওচৰত উপস্থিত হৈ ভৰিখন আগবঢ়াই দিয়াৰ লগে-লগে হৰিমধ্যা নামৰ পুতলাটো জীৱিত হৈ উঠিল আৰু ৰজাক বাধা দি অন্য এটা কাহিনী শুনিবলৈ পৰামর্শ দিয়ে। ৰজাইও শুনিবলৈ আগ্রহ প্রকাশ কৰে।

এবাৰ ৰজা বিক্রমাদিত্যই দিদ্বিজয়ৰ বাবে ওলাই গৈ এখনৰ পিছত অন্য এখন ৰাজ্যৰ ৰজাক পৰাস্ত কৰি সেই ৰাজ্য বােৰৰ পৰা ভালেমান উপহাৰ সংগ্ৰহ কৰাৰ পিছত সেই সেই ৰজাবােৰক সিংহাসনত বহুৱাই পুনৰ ৰাজধানীলৈ উভতি আহিল।

ৰাজধনীত প্রৱেশ কৰাৰ আগমুহূর্ত এজন জ্যোতিষী তাত উপস্থিত আছিল। জ্যোতিষীজনে ৰজাক দেখি ক'লে, হে মহাৰাজ, আজিৰ পৰা মুঠ চাৰিদিন ৰাজধানীত প্ৰৱেশ কৰাটো আপােনাৰ পক্ষে শুভ নহয়।

জ্যোতিষীৰ কথামতে ৰজাই ৰাজধানীৰ বাহিৰত চাৰিদিন পাৰ কৰে। সেই সময়ত যিহেতু বসন্ত কাল আছিল। গতিকে বসন্তৰ শােভা দেখি মন্ত্রী এগৰাকীয়ে ৰজাৰ ওচৰলৈ গৈ ক'লে, আহক মহাৰাজ বসন্ত আগমনত আজিয়ে আমি বসন্তৰ পূজাভাগ কৰো। তেতিয়া সকলােৱে আপােনাৰ প্ৰতি সু-প্রসন্ন হ'ব আৰু আপােনাৰ অমংগল দূৰ হ’ব।

মন্ত্ৰীৰ কথা মতে ৰজাই পূজাৰ আয়ােজন কৰি সকলােকে নিমন্ত্রণ কৰিলে। সুন্দৰ সভামণ্ডপ নির্মাণ কৰি তাত শাস্ত্রজ্ঞ পণ্ডিত, নৃত্য-বিশাৰদ, গায়ক আদিকো আমন্ত্রণ জনালে। ৰাজ্যৰ সকলাে শ্ৰেণীৰ মানুহ সেই অনুষ্ঠানত যােগ দিলে। সভাস্থলীত এখন ৰত্ন খচিত সিংহাসনত লক্ষ্মী-নাৰায়ণৰ যুগলমূর্তি প্রতিষ্ঠিত কৰা হ'ল। এইদৰে সকলাে আয়ােজন কৰি ৰজাই বিধিসম্মতভাৱে আৰু যােড়শােপচাৰেৰে নাৰায়ণৰ পূজা সম্পন্ন কৰি উপস্থিত সজ্জনসকলক বস্ত্র আদি দানেৰে সন্মানিত কৰিলে। তাৰ পিছত গায়ক সকলে বসন্ত ৰাগৰ গীত পৰিবেশন কৰি বসন্তক স্তুতি কৰিলে। ঠিক তেনে সময়তে সভাস্থলীত এজন ব্রাহ্মণ উপস্থিত হৈ ৰজাক আশীর্বাদ দি ক'লে— হে মহাৰাজ, মােৰ এটি অনুৰােধ আছে। ৰজাই অনুৰােধটো কি ক’বলৈ অনুমতি দিলে।

ব্রাহ্মণ জনে ক'লে ৷ মােৰ আঠটি পুত্র; কিন্তু মই পুত্রী লাভৰ পৰা বঞ্চিত। মই দেৱী ভগৱতীক প্রার্থনা জনাই সংকল্প লৈছিলাে যে যদি মই পুত্রী লাভ কৰাে তেতিয়া হলে তাইৰ নাম দেৱীৰ নামেৰে ৰাখিম আৰু তাইৰ ওজনৰ সমপৰিমানৰ স্বৰ্ণ দান কৰিম। লগতে তাইক কোনােবা বেদজ্ঞ ব্রাহ্মণৰ হাতত অৰ্পণ কৰিম। এতিয়া মই দেৱীৰ কৃপাত কন্যা লাভ কৰিছোঁ যদিও অভাৱৰ কাৰণে তাইৰ ওজনৰ সমপৰিমাণ সােণ দান দিব পৰা নাই। মই শুনিছাে আপুনি দয়ালু, দানশীল। গতিকে মােৰ অভাৱ দূৰ কৰিলে মই মােৰ সংকল্প ৰক্ষা কৰিব পাৰোঁ।

ৰজাই ক'লে, আপুনি সঠিক সময়তে আহি পাইছে আৰু আপুনি নিৰাশ হৈ উভতি যাবও নালাগে। ইয়াকে কৈ তেওঁ ভড়ালীক প্রয়ােজনীয় সােণ খিনি দিবলৈ হুকুম দিলে। ৰজাই ব্রাহ্মণজনৰ নামত মুঠ আঠ কৌটি সােণৰ মুদ্রা ব্যয় কৰিলে। ব্রাহ্মণ সন্তুষ্ট হৈ ৰজাক হিয়া উজাৰি আশীর্বাদ দিলে।

কাহিনীৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক'লে, আপােনাৰাে যদি এনেকুৱা ঔদার্য আৰু পৰােপকাৰ গুণ আছে, তেন্তে সিংহাসনত বহক।

ভােজ ৰজাৰ উত্তৰ হেৰাল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment