Wednesday, April 15, 2026
0 Shares

সাধু-17. মদন সুন্দৰী

সাধু-17. মদন সুন্দৰী

সােতৰ সংখ্যক দিনাখন পুনৰ ৰজা ভােজে সিংহাসন আৰােহন কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল। প্ৰথমটো খােজ দিয়াৰ লগে-লগে মদন সুন্দৰী নামৰ পুতলা গৰাকী জাগ্ৰিত হৈ ৰজাক বাধা দিলে। পুতলাটোই ৰজাক ক'লে, মহাৰাজ, সিংহাসনত বহাৰ পূর্বে এটা কাহিনী শুনক। তাৰ পিছত সিংহাসন দখল কৰিব। ৰজা ভােজে আগ্রহ প্রকাশ কৰাত পুতলাটোৱে নতুন কাহিনীটো আৰম্ভ কৰিলে—

ত্যাগ মানৱৰ শ্ৰেষ্ঠ গুণ। কাৰণ যি দান কৰিব পাৰে তেঁৱেই শক্তিমান আৰু তেৱেই পণ্ডিত। পুতলাটোৱে ক'লে যে বিক্রমাদিত্য ৰজা সমষ্ট গুণৰ অধিকাৰী আছিল। ৰজা বিক্রমাদিত্যৰ দিনত অন্য এখন ৰাজ্যত আন এজন ৰজাই ৰাজত্ব কৰিছিল। এদিন স্তুতিকাৰ সকলে বিক্রমাদিত্য ৰজাৰ গুণগান কৰি থকাত সেইজন ৰজাই অধৈর্য হৈ ক'লে— হে স্তুতিকাৰ সকল, তােমালােকে গুণগান কৰি থকা ৰজাজনৰ বাহিৰে পৃথিৱীত অন্য ৰজা নাই নেকি?

ৰজাৰ প্রশ্নৰ উত্তৰত স্তুতিকাৰ সকলে ক’লে,- হে ৰাজন, ত্যাগ সাহস, ধৈর্য শক্তি, পৰােপকাৰ আদি গুণত তেওঁৰ সমকক্ষ ৰজা কোনাে নাই। পৰােপকাৰ কৰাৰ সময়ত তেওঁ নিজৰ দেহৰ কথাও নাভাবে।

তেতিয়া ৰজাই ক'লে, ময়াে পৰােপকাৰ কৰিব পাৰাে। তেতিয়াই তেওঁ এজন যােগীক মাতি আনি সুধিলে, হে যােগীবৰ, প্রতিদিনে পৰােপকাৰ কৰাৰ মাৰ্গ দিয়ক। যােগীজনে কোনাে উপায় দিব নােৱাৰিলে। তথাপিও তেওঁ কিছু সময় চিন্তা কৰি ক'লে- অৱশ্যে নথকাৰ মাজতাে উপায় এটা আছে। যজ্ঞ কৰিব লাগিব। তাৰ পিছত মন্ত্র উচ্চাৰণ কৰি এক দশমাংশ হােম শেষ কৰি পুর্ণাহুতি দিয়াৰ সময়ত নিজৰ দেহ অগ্নিত আহুতি দিব লাগিব।

যােগীয়ে কোৱা মতে ৰজাই যথাবিধি হােম কৰি নিজকে আহুতি দিলে। তেতিয়া যােগিনীচক্র প্রসন্ন হৈ ৰজাক নতুন দেহ প্রদান কৰিলে। তাৰ পিছত ৰজাক কি বৰ লাগে সুধিলে। ৰজাই ক'লে, হে মাতৃসকল, আপােনালােক যদি প্রসন্ন হৈছে তেতিয়া হলে মােক এনে বৰ দিয়ক যাতে মােৰ কোঠাত থকা সাতটা কলহ সােনেৰে ভৰি থাকে।

যােগিনীসকলে ৰজাক কলে- যদি আপুনি তিনিমাহ নিতৌ এনেদৰে নিজৰ শৰীৰ জুইত আহুতি দিয়ে, তেতিয়া আপােনাৰ আশা পূর্ণ হ'ব।

ঠিক আছে, আপােনালােকৰ মতেই হ’ব। এই বুলি কৈ ৰজাই নিজৰ দেহ জুইত আহুতি দিব ধৰিলে।

ৰজাৰ এনেকুৱা আহুতিৰ কথা ৰজা বিক্রমাদিত্যৰ কাণত পৰিল। এইবাৰ তেওঁ পুর্ণাহুতি দিবলৈ আহি নিজেই নিজৰ দেহ হােমত আহুতি ৰূপত অর্পণ কৰিলে।

অগ্নিৰ লগত থকা যােগিনী সকলে লগে-লগে এটা নতুনত্ব অনুভৱ কৰিলে। তেওঁলােকে অনুভৱ কৰিলে যে আজি আহুতি দিয়া জনৰ হৃদয় আগৰ জনতকৈ মহান; কিন্তু এওঁ কোন? তেতিয়া তেওঁলােকে বিক্রমাদিত্যকো জীয়াই তুলি সুধিলে- আপুনি কোন? আপুনি কিয় আত্মবিসর্জন দিছে।

ৰজা বিক্রমাদ্যিই ক'লে, মই পৰােপকাৰৰ বাবে জীৱন বিসর্জন দিলো।

যােগিনী সকলে ক’লে, আমি তােমাৰ ওপৰত সন্তুষ্ট হৈছোঁ। কি বৰ লাগে কোৱা?

ৰজাই ক'লে, “যদি আপােনালােক সঁচাই সন্তুষ্ট হৈছে, তেতিয়া হ'লে এইজন ৰজাৰ মনৰ আশা পূৰণ কৰক।

যােগিনী সকলৰ পৰা বৰ লাভ কৰি তেওঁ আনন্দ মনেৰে নিজৰ ৰাজলৈ উভতি গ’ল।

কাহিনীটো শেষ কৰি পুতলাটোৱে ৰজা ভােজক ক'লে, এনেকুৱা পৰােপকাৰ গুণ আপােনাৰ থকা বুলি ভাবে যদি সিংহাসন অধিকাৰ কৰক।

কোনাে উত্তৰ নিদি ৰজা ভােজ আঁতৰি গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment