Wednesday, April 15, 2026
0 Shares

সাধু-19. শৃংগাৰ কলিকা

সাধু-19. শৃংগাৰ কলিকা

সম্পূর্ণ ঊনৈশ দিনৰ মূৰত মহাৰাজ ভােজ পুনৰ আহি সেই বিচিত্র সিংহাসনৰ সন্মুখত উপস্থিত হ’ল। তাৰ পিছত তেওঁ সিংহাসনত বহিবলৈ আয়ােজন কৰি প্ৰথমটো খােজ দিয়াৰ লগে-লগে শৃংগাৰ কলিকা নামৰ পুতলাটোৱে বাধা দি ক'লে, হে মহাৰাজ, ক্ষন্তেক ধৈর্য ধৰক। মই এটি কাহিনী কম। সিংহাসনত বহাৰ পূর্বে কাহিনীটো শুনক।

এদিন ৰজা বিক্রমাদিত্য সিংহাসনত বহি আছিল। ৰাজ সভাত সকলাে সভাসদ আৰু মন্ত্রীগণ উপস্থিত আছিল আৰু তেওঁলােক বিশেষ আলােচনাত ব্যস্ত আছিল। ঠিক তেনেকুৱা এক সময়তে এজন ব্যাধ আহি ৰাজসভাত উপস্থিত হৈ ৰজাক প্রণাম জনাই ক’ল, হে মহাৰাজ, অৰণ্যত এটা পৰ্বতৰ আকৃতিৰ গাহৰি প্ৰৱেশ কৰিছে। সেই গাহৰিৰ সন্মুখীন হ'ব খােজে যদি অৰণ্যলৈ গমন কৰক।

ব্যাধৰ কথা শুনি ৰজাই ৰাজকুমাৰ সকলৰ সৈতে বনলৈ গমণ কৰিলে। তেওঁলােকে গাহৰিটো নদীৰ পাৰত দেখিলে। তাৰ পিছত ৰজাই ছাব্বিছ প্রকাৰ অস্ত্র গাহৰিটোলৈ বুলি নিক্ষেপ কৰিলে। গাহৰিটো লােম এড়ালাে নলৰিল। সি গৈ পৰ্বতৰ গুহাত সােমাই পৰিল। তেতিয়া গুহাটোৰ ভিতৰভাগ অতিপাত এন্ধাৰ আছিল। এন্ধাৰৰ মাজেৰে কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত ৰজাই কিছু পােহৰ দেখা পালে। সেই পােহৰৰ মাজত তেওঁ এখন সােণৰ প্ৰাচীৰেৰে ঘেৰা এটা আকাশ লংঘী বগা ৰঙৰ প্রাসাদেৰে সৈতে এখন নগৰ দেখা পালে। সেই নগৰত তেওঁ মঠ-মন্দিৰ, দোকান বজাৰ, ধনী বিলাসী পুৰুষ আদি সকলাে দেখিলে।

ৰজা বিক্রমাদিত্যই কিছুদূৰ আগবাঢ়ি গৈ দোকান এখনত সােমাব খােজোতেই এটি মনােৰম ৰাজপ্রসাদ দেখা পালে। তাত তেওঁ দেখিলে যে ৰজা বিৰােচনৰ পুত্র বলিয়ে ৰাজ্য শাসন কৰিছে।

এইবাৰ ৰজা বিক্রমাদিত্য ৰজাৰ ৰাজসভাৰ দিশে আগবাঢ়িল। সেই সময়ত বলিৰাজ আহি তাত উপস্থিত হৈ ৰজাক আলিংগন কৰি সুধিলে, হে মান্যবৰ, আপােনাৰ আগমন ক’ৰ পৰা আৰু কিয়া হৈছে জানিব পাৰােনে?

ৰজাই ক'লে মই উজ্জ্বয়িনীৰ ৰজা বিক্রমাদিত্য। আপােনাক দর্শন কৰাৰ ইচ্ছাৰে ইয়াত উপস্থিত হৈছোঁ।

বলিৰাজে ক’লে, আজি মই ধন্য হলোঁ, মােৰ গৃহ পৱিত্ৰ হ’ল।

ৰজা বিক্রমাদিত্যই ক'লে, হে প্রভু, আপােনাৰ হৃদয় পৱিত্ৰ, আপােনাৰ জন্ম সার্থক। কাৰণ আপােনাৰ মন্দিৰত স্বয়ং বৈকুণ্ঠৰ অধিপতি নাৰায়ণ বিৰাজ কৰিছে।

আগমনৰ উদ্দেশ্য জানিব বিচৰাত ৰজা বিক্রমাদিত্যই তেওঁৰ ৰাজ্যত একোৰে অভাৱ নাই বুলি কলে। তথাপি বলি ৰাজে তেওঁক ৰস আৰু ৰসায়ন দান কৰিলে। ইয়াৰ পিছত ৰজাই বলিৰাজৰ পৰা বিদায় লৈ নিজ ৰাজ্যলৈ উভতিল। কিছুদূৰ আহি থকাৰ পিছত তেওঁ এজন দৰিদ্র ব্রাহ্মণক পুত্রসহ দেখা পালে। ব্রাহ্মণে ৰজাক আশীর্বাদ দি নিজৰ দুখৰ কথাবােৰ এফালৰ পৰা বিৱৰি কলে। ব্রাহ্মণৰ কথা শুনি ৰজাই ক'লে, হে ব্রাহ্মণ, মােৰ হাতত এতিয়া ধন-সােণ একো নাই। মাত্র দুবিধেই বস্তু আছে। এবিধ ৰস, যাৰ দ্বাৰা সপ্তধাতুক সােণলৈ পৰিবৰ্তন কৰিব পাৰি আৰু দ্বিতীয়বিধ ৰসায়ন, যাৰ দ্বাৰা জৰা-মৃত্যুৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ কোনটো লাগে লৈ লােৱা।

ব্রাহ্মণে ক'লে,  যি ৰসায়নে মানুহক জৰা-মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে, সেই ৰসায়ন বিধকে দিয়ক। ব্রাহ্মণ পুত্রই পিতৃৰ ওপৰত মাত মাতি ক'লে, “হে মহাৰাজ, এতিম ৰসায়নৰ প্ৰয়ােজন আমাৰ নাই।

অনন্তকাল জৰা-মৃত্যুৰ পৰা ৰক্ষা পৰি অভাৱ-অনাটনৰ মাজত থকা বৰ টান। গতিকে ৰসকে দিয়ক। এনেদৰে পিতা-পুত্ৰৰ মাজত কথাৰ কটাকটি হৈ থকাত ৰজাই ৰস আৰু ৰসায়ন দুয়ােটাকে দি দিলে। বস্তু দুটা পাই ৰজাৰ ওপৰৰ পৰা সিহঁত দুজনে হাঁহি মুখে বিদায় ললে। কাহিনীটো অন্ত পৰাৰ পিছত পুতলাটোৱে ৰজাক ক'লে, এইবাৰ কওক মহাৰাজ, আপুনি ইমান দানশীল নে? ৰজা ভােজে উত্তৰ নাকাটি আগৰ দৰে উভতি গ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment