Wednesday, April 15, 2026
0 Shares

সাধু-25. প্রিয় দর্শনা

সাধু-25. প্রিয় দর্শনা

সম্পূর্ণ ২৫ দিনৰ দিনা পুনৰ ৰজা ভােজ সিংহাসনত বহাৰ আশাৰে আহি তাত উপস্থিত হয়। ৰজা ভােজে তেওঁৰ ভৰিখন দিব খােজোতে সিংহাসনৰ পৰা জীৱন্তৰূপত ওলাই আহে প্রিয় দর্শনা নামৰ পুতলা গৰাকী। পুতলা গৰাকীও ৰজাক কাহিনী শুনিবলৈ বাধ্য কৰাই আৰু এটা নতুন কাহিনী আৰম্ভ কৰে।

এবাৰ ৰজা বিক্রমাদিত্যৰ ৰাজসভাত এজন জ্যোতিষী উপস্থিত হৈ ৰজাক নানা ধৰণে আশীৰ্বাদ দি মংগল কামনা কৰিলে।

ৰজাই জ্যোতির্বিদ জনক ক'লে, হে পণ্ডিত প্ৰবৰ, এই বছৰ গ্ৰহবােৰৰ অৱস্থান সম্পর্কে যৎ কিঞ্চিত ক’বনে?

জ্যোতিষীয়ে ক'লে, হে মহাৰাজ, এই বছৰ ৰবি ৰজা, মন্ত্রী মংগল শনিয়ে ৰােহিনী শকট ভেদ কিৰ যাব, সেই কাৰণে হ’ব অনাবৃষ্টি। ৰজাই সুধিলে, ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় নাইনে?

জ্যোতিষীয়ে ৰজাক উপায় সম্পর্কে সমষ্ট কথা বিবৰি ক'লে।

ৰজাই পণ্ডিত, ব্রাহ্মণ সকলক মাতি আনি হােম অনুষ্ঠানৰ ব্যৱস্থা কৰিলে অনুষ্ঠানৰ শেষত সকলােকে দান, দক্ষিণাও দিলে। কিন্তু ইয়াৰ পিছতাে বৰষুণ নাহিল। চাৰিও ফালে অনাবৃষ্টিৰ ফলত হাহাকাৰ লাগিল আৰু মানুহ, গৰু সকলােৱে পিয়াহত ছাটি-ফুটি কৰিবলৈ ধৰিলে।

ৰজাই সেই সকলৰ দুখত দুখী হৈ এদিন যজ্ঞশালাত বহি অনাবৃষ্টিৰ প্রতিকাৰৰ কথাকে চিন্তা কৰি আছিল। সেই সময়তে হঠাৎ আকাশবাণী শুনিবলৈ পােৱা গ'ল, হে ৰাজন, যদি কোনাে বত্রিশ লক্ষণ যুক্ত পুৰুষক দ্বিখণ্ডিত কৰি মস্তক দেৱীৰ চৰণত অৰ্পন কৰিব পৰা যায়, তেতিয়া হ'লে মনােবাঞ্ছা পূর্ণ হব।

পিছদিনা ৰজাই দেৱীক প্রণাম জনাই নিজৰ মস্তক দিবলৈ হাতত খড়গ তুলি ল'লে। লগে-লগে দেৱীৰ আগমন হ’ল আৰু ৰজাক ধৈর্য ধৰিবলৈ ক'লে। পিছত দেৱীয়ে ৰজাক ক’লে, হে ৰাজন, তােমাৰ ভক্তিত মই সুপ্রসন্ন হৈছোঁ। কি বৰ লাগে কোৱা ৰজাই ক'লে, হে মা, যদি তুমি সঁচাই মােৰ ওপৰত প্রসন্ন হৈছা, তেতিয়া হ'লে বসুনধৰাক সুজলা-সুফলা কৰা। " দেৱীয়ে ‘তথাস্তু’ বুলি কৈ অন্তর্ধান হ’ল। ঘটনাৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক'লে, তুমি জানাে ইমান পৰােপকাৰী আৰু ত্যাগী হ’ব পাৰিছা? যদি পাৰিছা, সিংহাসনত বহা।

ৰজাই মৌন হৈ স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment