Wednesday, April 15, 2026
0 Shares

সাধু-27. সুখ সাগৰা

সাধু-27. সুখ সাগৰা

সাতাইছ দিনৰ দিনাও ৰজা ভােজ ব্যর্থ হ’ল। প্রথমটো খােজ আগবঢ়াই দিয়াৰ লগে-লগে সুখসাগৰা নামৰ পুতলাটোৱে এটা নতুন কাহিনীলৈ ৰজাৰ আগত উপস্থিত হ'ল। ৰজাই শুনিবলৈ আগ্রহ প্রকাশ কৰাত পুতলাটোই ক'লে—

ৰজা বিক্রমাদিত্য ৰজাৰ দিনত এখন ৰাজ্যত এজন অতি ন্যায় পৰায়ণ ৰজাই তেওঁৰ প্ৰজাক যথাযথ ভাবে প্রতিপালন কৰিছিল। ৰজাৰ দৰে প্রজাসকলাে একে নীতি আদৰ্শৰ আছিল। ভ্রমণ কালত এনেকুৱা ৰজা আৰু প্রজাৰ সংস্পৰ্শলৈ আহি ৰজা বিক্রমাদিত্যই সেইখন ৰাজ্যত তিনি চাৰিদিন কটোৱাৰ কথা ভাবিলে। ইয়াৰ পিছত ৰজাই তাতে এটা মন্দিৰত প্ৰৱেশ কৰি দেৱতাক প্রণাম কৰি উপৱেশন কৰিলে।

তেনেতে তাত এজন ৰাজ লক্ষণ যুক্ত সর্বশৰীৰত কুমকুম, চন্দন, কৰ্পূৰ লেপন যুক্ত আৰু পাট কাপােৰ পৰিহিত যুৱক এজন উপস্থিত হৈ কিছুসময় ৰজাৰ লগত কথা-বতৰা পাতি পুনৰ আঁতৰি যায়।

ৰজাৰ মনত সন্দেহ হ’ল, এই যুৱক জন কোন? দ্বিতীয় দিনাও একে সময়তে মন্দিৰত সেই যুৱক জনৰ প্ৰৱেশ ঘটিছিল, কিন্তু প্রথম দিনাৰ দৰে দেহত বস্ত্র নাছিল আছিল মাত্র এখন কৌপীনেই সম্বল।

এইবাৰ ৰজাই সুধিলে, হে যুৱক, তােমাৰ দুদিন উপস্থিতি লক্ষ্য কৰি দেখিলাে, এদিন অতি উচ্চ আৰু আজি অতি হীন। তােমাৰ এনে পৰিবৰ্তনৰ ৰহস্য কত?

যৱকে ক'লে, এয়া দৈৱদোষৰ পৰিণাম যিটো প্রথমদিন আপুনি দেখা নাছিল।

ৰজাই যুৱক জনৰ পৰিচয় জানিব বিচাৰিলে। পৰিচয়ত যুৱক জনে নিজকে জুৱাৰী বুলি ক'লে। আৰু ক'লে মই বুদ্ধিৰ বল আৰু দেহৰ বলত চহকী যদিও মােৰ বাবে দৈৱবল দুর্বল। সেই কাৰণে মােৰ এই অৱস্থা। যুৱকৰ কথাখিনি শুনাৰ পিছত ৰজাই ক'লে, হে যুৱক, পাশাখেল বা জুৱা সকলাে বিপদৰ মুল। ই পাপ ক্ষয় নকৰে বৰং বৃদ্ধি কৰে। পাপ কর্মত প্রবৃত্ত কৰায়। এতেকে তুমি পাশাখেলৰ দৰে জুৱাৰ পৰা আতৰি আহা। যুৱকজনে কলে, ই মােৰ জীৱিকা কেনেকৈ ত্যাগ কৰিম? যদি কোনাে জীৱিকাৰ সন্ধান দিব পাৰে, মই তেতিয়া ত্যাগ কৰিম।

সেই সময়তে দুজন অন্য দেশৰ পৰা অহা ব্রাহ্মণে নিজৰ ভিতৰতে আলােচনা কৰি আছিল। এজনে কৈছিল, মই পিশাচলিপি দেখিছোঁ। তাত লিখা আছে, এই মন্দিৰৰ ঈশান কোণত পাঁচ ধু-ধনুকৰ সমান দূৰত্বত তিনিটা স্বর্ণমুদ্রাৰ কলহ আছে; পিছে তাৰ ওচৰতে আছে ভৈৰৱ মূর্তি। পিছে যিয়ে নিজৰ তেজেৰে ভৈৰৱক তৃপ্ত কৰিব পাৰিব তেঁৱেই এই ধনৰ অধিকাৰী হ'ব। ৰজা বিক্রমাদিত্যই ব্রাহ্মণ কেইজনৰ কথা মতে সেই ভৈৰৱক সন্তুষ্ট কৰিবলৈ ডিঙিৰ ৰক্ত দিবলৈ হাতত তৰােৱাল ল’লে। লগে-লগে ভৈৰৱ তুষ্ট হৈ ৰজাক বৰ মাগিবলৈ ক'লে।

ৰজাই ক'লে, হে দেৱ, যদি সঁচাই আপুনি মােৰ ওপৰত তুষ্ট হৈছে, তেতিয়া হলে এই যুৱক জনক সােণৰ মুদ্ৰাৰে ভর্তি কলহ কেইটা দিয়ক। ৰজাৰ কথামতে ভৈৰৱে তাকেই কৰিলে। যুৱকজন হাঁহি মুখে তাৰ পৰা আতৰিল। ৰজায়ো নিজৰ ঠাইলৈ গমন কৰিলে।

এইবাৰ পুতলাটোৱে ৰজা ভােজক ক'লে, “হে ৰজা, তুমি জানাে ৰজা বিক্রমাদিত্যৰ দৰে ইমান উদাৰ আৰু পৰােপকাৰী হ'ব পাৰিছা? যদি পাৰিছা সিংহাসনত বহা।

ৰজাই মৌন হৈ লগে-লগে সেই স্থান ত্যাগ কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment