Wednesday, April 15, 2026
0 Shares

কৃষ্ণৰ মহিমা

শ্রীকৃষ্ণ আছিল দ্বাৰকা পতি। এইজন দ্বাৰকাপতিৰ দাঢ়ি খুৰাবলৈ তেওঁৰে ৰাজ্যৰ এজন নাপিতে প্রতিদিনে গৈছিল। দাঢ়ি খুৰােৱাৰ পিছত প্রভু শ্রীকৃষ্ণই নাপিতজনক পাঁচটা সােণৰ মুদ্ৰা দি বিদায় দিয়ে। পিছদিনাখন পুনৰ দাঢ়ি খুৰাবলৈ যায়। সেইদিনা তেওঁ ৰাস্তাৰে গৈ থাকোঁতে ৰাস্তাৰ দাঁতিত থকা চাহ দোকান এখনত মানুহৰ জুম এটা দেখিলে। মানুহৰ জুমটোই তাত কিবা আলােচনা কৰি আছে। তেওঁলােকে আলােচনাত কৈছে যে প্রভু শ্রীকৃষ্ণৰ মায়া অপাৰ। তেওঁৰ মহিমা বুজা বৰ সহজ নহয়। এই কথা শুনি নাপিতে মনতে ভাবিলে— “মইতাে নিতৌ প্ৰভুৰ ওচৰলৈ যাওঁ; দাঢ়ি খুৰাওঁ, কিন্তু তেওঁৰ বিষয়েত মই এনেদৰে কেতিয়াও ভবা নাই। তেওঁ কি কয়, বাৰু মই আজি সুধি চাম।” তেওঁ গৈ গৈ প্রভু শ্ৰীকৃষ্ণৰ কাষ পালেগৈ। নাপিতক দেখি কৃষ্ণই ক'লে– “তুমি আহিছা, আহা, বহা।” নাপিতে ক'লে, “হয় প্রভু, আহিছোঁ।” ইয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণৰ দাঢ়ি খুৰাবলৈ আৰম্ভ কৰিলে আৰু কামৰ মাজতে নাপিতে ক'লে– “প্রভু মই আপােনাক এটা প্রশ্ন সুধিলে আপুনি বেয়া পাব নেকি?” তেতিয়া প্রভুই হাঁহিলে আৰু ক'লে– “সােধা মই তাত বেয়া পাবলগীয়া কি আছে?” তেতিয়া নাপিতে ক'লে– “মানুহে কয়, আপােনাৰ হেনাে মহিমা অপাৰ। কতা, মইতাে আজি ইমান দিন কাম কৰিলোঁ; তেনে কোনাে মহিমা মােৰ চকুত নপৰিল।” কথাখিনি শুনাৰ পিছত প্রভুই পুনৰ হাঁহিলে আৰু নাপিতক দহটা সােণৰ মুদ্ৰা দি পঠিয়াই দিলে। তেতিয়া নাপিতে গােটেই পথছােৱা এটা কথাকে ভাবি-ভাবি আহিল যে প্রভুই আজি কিয় দুগুণ সােণৰ মুদ্রা দিলে? অৱশ্যে তেওঁ মনত বেয়াও নাপালে বৰং দুগুণ আনন্দিতহে হ’ল। সেইদিনা নাপিতে মাছ-মঙহৰ যােগাৰ বেছিকৈ কৰিলে আৰু ঘৈণীয়েকক ৰান্ধিবলৈ দি নিজে গা ধুবলৈ গ'ল। নদীৰ পাৰত কাপােৰ কানি সলাই নদীৰ পানীত নামি প্রথমে এটা ডুব মাৰিলে। পানীৰ তলৰ পৰা উঠি তেওঁ অনুমান কৰিলে যে তেওঁ তিৰােতা হৈ আছে। নাপিত বৰ আচৰিত হ’ল আৰু ভাবিলে, “মই এইমাত্র নাপিত আছিলোঁ আৰু ক্ষন্তেক সময়ৰ ভিতৰতে তিৰােতা হ'লোঁ, কি আচৰিত! তেওঁ ভাবি-ভাবি অস্থিৰ হৈ পৰিল। এনেতে কেইজনমান নাৱৰীয়া আহি নাৰীৰূপী নাপিতক নাৱত ভৰাই লৈ গল। তাত কিছু বছৰ নাপিতে তিৰােতা হৈ থাকিল আৰু সন্তান-সন্ততি জন্ম দি সিহঁতক বিয়া-বাৰু কৰাই দিলে। তাৰ পিছত সেই নাৱৰীয়াজনে তিৰােতাৰূপী নাপিতক পূর্বৰ সেই গাধােৱা ঠাই টুকুৰাত নমাই দি পানীত ডুব মাৰিবলৈ ক'লে। তেনে কৰিলত নাপিত পুনৰ তিৰােতা গুচি আগৰ ৰূপত আহিল। তেতিয়া তেওঁ মনতে ভাবিলে– “মই নাপিত হৈ নদীত গা ধুবলৈ আহিছিলোঁ, পানীত ডুব মাৰােতে তিৰােতা হ'লোঁ; আকৌ এতিয়া নাপিত। এয়া কি বিস্ময়কৰ !” তেওঁ তৎক্ষণাত ঘৰলৈ গল আৰু গৈ দেখে যে তেওঁ ঘৈণীয়েকৰ মাছ ভজাই হােৱা নাই। তাকে দেখি নাপিত আচৰিত হ'ল আৰু মনতে ভাবিলে– “লােকে কোৱা কৃষ্ণৰ মহিমাৰ কথা যে সঁচা, তাক মই হাতে-হাতে প্রমাণ পালোঁ৷ ইয়াতকৈ আৰু কি প্রমাণ লাগে? মই তাৰ নিজেই সাক্ষী।” এই বুলি ভাবি তেওঁ ভাত-পানী খাই শুই থাকিল। পিছদিনা পুনৰ প্ৰভুৰ দাঢ়ি খুৰাব গৈ দেখে যে ভগৱান শ্রীকৃষ্ণই তেওঁৰ ফালে চাই মিচিক মাচাককৈ হাঁহিব ধৰিছে। নাপিতে শ্ৰীকৃষ্ণৰ চৰণত দীঘল দি পৰি ক'ব ধৰিলে— “প্রভু তুমি অপাৰ মহিমাৰ গৰাকী। তােমাৰ অবিহনে প্রভু আমি গতিহীন।” নাপিত ভক্তিত ভগৱান তুষ্ট হৈ তেওঁক বিপুল ধন-সম্পত্তিৰ গৰাকী পাতিলে আৰু জগতৰ এজন পৰম ভক্ত পাতিলে। সঁচাই প্ৰভুৰ মহিমা অপাৰ আমি সাধাৰণ প্ৰাণীবােৰ সদায় তেওঁৰ চৰণৰ ধূলি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment