Tuesday, March 17, 2026
0 Shares

পাণ্ডৱৰ ভকত সেৱা

কুৰুক্ষেত্ৰ ৰণৰ সমাপ্তিৰ পিছত এদিন ধৰ্মৰাজ যুধিষ্ঠিৰে প্ৰভু কৃষ্ণক সবিনয়ৰে সুধিলে– “আমি বহুত পাপ কৰিলোঁ, আমাৰ হাতত বহুত নিধন হ’ল। আমি নৰহত্যা মহাপাপত ফছিলোঁ। গতিকে পাপৰ পৰা কিছু পৰিত্ৰাণ পােৱাৰ লক্ষ্যৰে আমি এটি ভকত সেৱা আয়ােজন কৰিব খুজিছো, তুমি কি কোৱা?” তেতিয়া প্রভু শ্রীকৃষ্ণই ক'লে– “অ’ পাতিব পাৰি। এটা ভাল দিন বাৰ চাই ঠিক কৰা।” এইবুলি কোৱাত ধৰ্মৰাজ যুধিষ্ঠিৰে পঞ্জিকা এখন আনি তাত গণিপিতি চাই মাঘ মাহৰ শুক্ল পক্ষৰ দহ তাৰিখে দুদিনীয়াকৈ ভকত সেৱাৰ আয়ােজন কৰিলে। তাৰ পিছত ভীমক যুধিষ্ঠিৰে ক'লে– “আমাৰ ৰাজ্যত যিমান ভকত আছে সকলােকে নিমন্ত্রণ কৰা। চাবা যাতে কোনাে বাদ নপৰে৷” আদেশ পােৱাৰ পিছত ভীমে সকলাে ভকতকে নিমন্ত্রণ কৰিলে। ইয়াৰ পিছত ধৰ্মৰাজে প্রভু কৃষ্ণক সুধিলে- “দুদিনীয়া ভকত সেৱাৰ বাবে আমাক কি কি বয়-বস্তুৰ আৱশ্যক হ'ব?” কৃষ্ণই ক’লে– “চাউল বাৰ মােন, দাইল পাঁচ মােন, চেনি তিনি মােন, আলু সাতমােন, ঘি তিনি মােন, ক্রীম আৰু দৈয়ে জোখে জোখে। এতিয়া তুমি এইখিনিকে আনি থােৱা। পিছত লাগিলে আৰু আনিব লাগিব।” তাকে শুনি ভীমে যুধিষ্ঠিৰক ক'লে— “দাদা আৰু কিছু বজাৰ বঢ়াই দিলে ভাল হ’ব নেকি?” ভীমৰ কথা শুনি যুধিষ্ঠিৰে ধমকৰ সুৰত ক'লে, “তুমি মনে-মনে থাকা।” তাৰ পিছত দিন ঠিক কৰা মতে ভকত সেৱা আৰম্ভ হ'ল। তেনেতে প্রভু শ্রীকৃষ্ণই যুধিষ্ঠিৰক ক'লে- “দাদা আমি এটা জয়ঘণ্টা ওলােমাই দি ভকতৰ প্রমাণ চাব লাগিব যিজন প্রকৃত ভকত হ'ব, তেওঁ ভাত খাব বহাৰ লগে-লগে জয়ঘণ্টা নিজে নিজে বাজি উঠিব।” এইবুলি কৃষ্ণই এটা জয়ঘণ্টা আনি ভাত খােৱা ঠাইৰ ওপৰেদি ওলােমাই থৈ দিলে। ভকত সেৱা আৰম্ভ হ'ল। ৰন্ধাই ৰান্ধি আছে, দিয়াই দি আছে আৰু যুধিষ্ঠিৰে ভকতসকলক চৰণ ধুৱাই দি আছে আৰু শিৰত সেই ভৰি ধুৱাই দিয়া পানী তেওঁ লৈ আছে। প্রভু কৃষ্ণই ভকতসকলক শুশ্রুষা কৰি আছে। ভীমে ভকতসকলক বহিবলৈ দি ভাত-পানী যােগান ধৰি আছে আৰু অর্জুনে ভকতসকলৰ আল-পৈচান ধৰি আছে। নকুলে ৰান্ধনি ঘৰত ৰান্ধনিক দিহা দি আছে আৰু সহদেৱে তৰকাৰীৰ যােগাৰ দি আছে। আনহাতে, ভকতবােৰ অহাই আহি আছে যােৱাই গৈ আছে। ভকতবােৰে ভাত খাই বাটে বাটে কৈ গৈ আছে— “যুধিষ্ঠিৰে ভকত সেৱাত বেছ আদৰ-সম্ভাষণ দেখুৱাইছে। আমি মনৰ হেঁপাহ পলুৱাই খাইছোঁ।” কিছুমান ভকতৰ মুখত ৰামৰ নাম, গাত ৰুদ্রাক্ষৰ মালা পিন্ধি এজন-দুজনকৈ আহি আছে। কিন্তু জয়ঘণ্টা হলে তেতিয়ালৈকে এবাৰাে বাজি উঠা নাই। তাকে দেখি যুধিষ্ঠিৰে কৃষ্ণক সুধিলে- “ভকত সেৱা শেষ হ'বৰ হ’ল, অথচ জয়ঘণ্টা এতিয়ালৈকে এবাৰাে নাবাজিল।” তেতিয়া কৃষ্ণই ভীমক সুধিলে যে আৰু কোনােবা আহিব আছে নেকি? ভীমে অলপ আগবাঢ়ি গৈ দেখিলে যে এজন চমাৰৰ বাহিৰে প্রায় সকলােখিনিয়ে ভকত সেৱাত ভাগ ল'লেহি। তাকে দেখি তেওঁ শ্রীকৃষ্ণক ক'লে– “আহিবলৈ এতিয়া ভকত নাই বুলিবই পাৰি। মাত্ৰ এজন চমাৰক দেখিছোঁ, যিয়ে নিজ কর্মত এতিয়াও ব্যস্ত।” তাকে শুনি যুধিষ্ঠিৰে ভীমক ক'লে– “তেওঁক গৈ লৈ আহা আৰু গা ধুব দি ভাত খাব দিয়া। ভকত সেৱা শেষেই হ'বৰ হ’ল।” ভীমে যুধিষ্ঠিৰৰ কথা মতে কাম কৰি চমাৰজনক ভাত খাবলৈ দিলে। চমাৰজনে ভাত খাবলৈ বহাৰ লগে-লগে জয়ঘণ্টা বাজি উঠিল। যুধিষ্ঠিৰ আচৰিত হৈ ক'লে– “ভকত চিনাটো বৰ টান। অভকত জনক ভকত যেন লাগে আৰু ভকত জনকো অভকত যেন লাগে। সেই কাৰণে মানুহৰ মাজত উচ্চ-নীচ প্রভেদ ৰখা বেয়া।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment