Wednesday, April 15, 2026
0 Shares

তাৰকাসুৰ বধ

প্ৰৱল প্রতাপী তাৰকাসুৰৰ অত্যাচাৰ-উৎপীড়নত দেৱতা সমাজ অতিষ্ঠ হৈ উঠে। তেতিয়া তাৰ প্ৰতিকাৰ বিচাৰি স্বৰ্গৰ দেৱতাসকল মিলিত হয় আৰু শেষত ব্রহ্মাক সাক্ষাৎ কৰে। সর্বজ্ঞ ব্রহ্মাদেৱে তেওঁলােকক উপদেশ দিয়ে যে তাৰকাসুৰক বধৰ নিমিত্তে শিৱ আৰু পার্বতীৰ মিলন অতি আৱশ্যক। কাৰণ তেওঁলােক দুজনৰ পৰা সৃষ্টি হােৱা পুত্ৰৰ হাততহে তাৰকাসুৰৰ বধ হ'ব। সম্প্রতি মহাদেৱ তপস্যাত নিমগ্ন। দেৱী পার্বতীয়ে তেওঁৰ আলপৈচান ধৰি আছে। পার্বতীৰ প্রতি শিৱ আকৃষ্ট হ'লেহে এই মিলন সম্ভৱ হ'ব। ব্রহ্মাৰ কথা শুনি ইন্দ্ৰই মদনক মাতি আনি শিৱ আৰু পার্বতীৰ মিলন সােনকালে কৰিবলৈ ক'লে। মদনে পত্নী ৰতি আৰু বন্ধু বসন্তক লগত লৈ শিৱৰ সমাধিস্থানত উপস্থিত হ’ল আৰু বসন্তই অকাল বসন্ত সৃষ্টি কৰিলে। ঠিক একে সময়তে কামদেৱে শিৱক পার্বতীৰ প্রতি আকৃষ্ট কৰিবলৈ কামবাণ নিক্ষেপ কৰিবলৈ যত্নপৰ হ’ল। তেতিয়া মহাদেৱে তেওঁৰ নির্বিকল্প সমাধিত ব্যাঘাত পাই ক্রোধাগ্নিৰে মদনক ভস্মীভূত কৰিলে। পতিৰ বিয়ােগত পত্নী ৰতিদেৱী শােকত ভাঙি পৰিল। তেওঁৰ ক্রন্দনত জগত কঁপি উঠিল। পতিহীনা ৰতিৰ বিলাপে পার্বতীৰ কোমল অন্তৰত কাৰুণ্যই আলােড়ণ তুলিলে। দৈহিক সৌন্দর্যৰে শিৱক লাভ কৰিব নােৱাৰি তেওঁ পিতৃৰ অনুমতি লৈ কঠোৰ তপস্যাত নিমগ্ন হ’ল। তেতিয়া পার্বতীৰ তপস্যাত সন্তুষ্ট হৈ শিৱই ব্রাহ্মণৰ বেশধৰি শিৱ পার্বতীৰ পাণি প্রার্থনা কৰিবলৈ সপ্তর্ষিক দূত হিচাপে হিমালয়ৰ ওচৰত পঠিয়ালে। হিমালয়ে সানন্দে

জীয়েকক শিৱলৈ বিয়া দিবলৈ সন্মতি জ্ঞাপন কৰিলে। গন্ধমাদন আৰু কৈলাশ পর্বত শিৱ আৰু পার্বতীৰ প্ৰণয়কুঞ্জ আৰু সম্ভোগলীলা ক্ষেত্ৰত পৰিণত হ'ল।

শিৱ আৰু পার্বতীয়ে সম্ভোগক্রিয়াত বিভােৰ হৈ শ শ ঋতু অতিবাহিত কৰিলত দেৱবৃন্দই ধৈর্য হেৰুৱালে। তেতিয়া তেওঁলােকে অগ্নিক কপৌ চৰাই ৰূপত শিৱ আৰু পার্বতীৰ লীলাধামলৈ পঠিয়ালে। অগ্নিৰ আগমনত শিৱ পােনতে ক্রোধান্বিত হ’ল। কিন্তু অগ্নিয়ে প্রভু শিৱক আৰাধনা কৰি ক'লে যে সেই আগমন দেৱতা কুলৰ তুষ্টিৰ নিমিত্তেহে, তেওঁৰ নিজ ইচ্ছা নহয়। তেতিয়া শিৱ প্রসন্ন হ'ল আৰু তেওঁৰ অমােঘ তেজোবিন্দু অগ্নিত নিক্ষেপ কৰিলে। অগ্নিয়ে সেই তেজ ধাৰণ কৰিবলৈ অসমৰ্থ হৈ ইন্দ্ৰক জনালে। ইন্দ্ৰইও সেই তেজ ধাৰণ কৰিবলৈ সক্ষম নহ'ল। তেওঁ তেতিয়া গংগাস্থান কৰিবলৈ অহা ছজনী কৃত্তিকাৰ শৰীৰত ন্যস্ত কৰিলে। ফলত কৃত্তিকাসকল গৰ্ভৱতী হ’ল।

তেওঁলােকে সেই গুৰুভাৰ বহন কৰিব নােৱাৰি বেতস বনত ত্যাগ কৰিলে। তেনে সময়তে শিৱ আৰু পার্বতী সেই ফালেৰে আকাশ মাৰ্গেৰে গৈ থাকোঁতে কৃত্তিকাসকলে সৃষ্টি কৰা শিশুটিৰ ওপৰত চকু পৰিল। নিজৰ তেজৰ পৰা সেই শিশুটি জন্ম হােৱা বুলি জানি শিৱে শিশুটিক তুলি ল'লে। শিশুটিয়ে জন্ম দিনতে পৈণত হৈ সকলাে অস্ত্র-শস্ত্ৰত পাৰ্গত হৈ পৰিল। তেওঁ কুমাৰ নামেৰে জনাজাত হ’ল। ইন্দ্রাদি দেৱতাসকলৰ অনুৰােধ ক্রমে শিৱই তেওঁক দেৱসেনাপতি পাতিলে। পাছত সেইজন সেনাপতিৰ হাততে তাৰকাসুৰ নিধন হ’ল। এয়াই হ'ল দেৱসেনাপতি কাৰ্তিকৰ জন্ম কথা আৰু তাৰকাসুৰৰ নিধনৰ চমু কাহিনী।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment