Tuesday, March 17, 2026
0 Shares

তেনালীৰাম আৰু স্বৰ্গৰ সন্ধান

বহু দিনৰ আগৰ কথা। বিজয়নগৰ নামৰ এখন ৰাজ্য আছিল। কৃষ্ণদেৱ ৰয় তাত ৰজা আছিল। তেওঁ সদায়ে তেওঁৰ প্ৰজা আৰু ৰাজ্যৰ সুখ আৰু শান্তিৰ বাবে কাম কৰিছিল। তেওঁৰ ৰাজ্যত তেনালিৰাম নামৰ এজন মন্ত্ৰীও আছিল, তেওঁ অতি চতুৰ আৰু বুদ্ধিমান আছিল। সেইকাৰণে ৰজাই তেওঁৰ পৰামৰ্শ অবিহনে একো কাম নকৰিছিল। এই কথাৰ বাবেই ৰাজ্যৰ অন্য সভাসদসকলে তেনালিৰামক ঈৰ্ষা কৰিছিল আৰু তেওঁলোকে তেনালিৰামক অপমান কৰাৰ সুযোগ বিচাৰি আছিল।

এদিন ৰজাই সকলো মন্ত্ৰী আৰু সভাসদক ৰাজসভাত উপস্থিত হ'বলৈ আদেশ দিলে। তেওঁ সকলোকে এটা বাৰ্তা পঠিয়ালে যে তেওঁক এটা প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন, যাৰ উত্তৰ জানিবলৈ তেওঁ আগ্ৰহী হৈ আছে। ৰজাৰ বাৰ্তা পাই পিছদিনা সকলো সভাসদ আৰু মন্ত্ৰী ৰাজসভাত উপস্থিত হ'ল।

ৰজাই কি প্ৰশ্নৰ উত্তৰ পাব বিচাৰিছিল সেয়া জানিবলৈ সকলোৱে আগ্ৰহী হ'ল। তাৰ পিছত ৰজাই সকলোকে ৰাজসভালৈ আদৰণি জনাই ক'লে, "সৰুতে মই এনে এখন ঠাইৰ নাম শুনিছিলো যাক পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই বুলি গণ্য কৰা হয়। সেয়া হৈছে স্বৰ্গ। মই সেই ঠাইখন চাব বিচাৰো। আপোনালোকৰ কোনোৱে জানেনে স্বৰ্গ ক'ত আছে?" ৰজাৰ কথা শুনি সকলোৱে আচৰিত হ'ল আৰু নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে যে স্বৰ্গ বুলি যে কোনো ঠাই নাই সেই বিষয়ে ৰজাক কেনেকৈ ক'ব। তেনে ক্ষেত্ৰত সকলোৱে তেনালীৰামক অপমান কৰাবলৈ আগলৈ আগবঢ়াই দি ক'লে, "মহাৰাজ তেনালীয়ে হৈছে সেইজন ব্যক্তি যি স্বৰ্গলৈ যোৱাৰ পথ জানিব পাৰে।" আপুনি তেওঁক সুধি চাওক।

সকলোৰে মুখৰ পৰা একেই উত্তৰ শুনি ৰজাই তেনালীক সুধিলে, "স্বৰ্গ ক'ত আছে তুমি জানা নেকি?"

তেনালিৰামে ক'লে, "হয়, মহাৰাজ, মই জানো স্বৰ্গ ক'ত আছে, কিন্তু আপোনাক তালৈ লৈ যাবলৈ মোক দুমাহ সময় আৰু প্ৰায় দহ হাজাৰ সোণৰ মুদ্ৰাৰ প্ৰয়োজন হব। "

তেনালিৰামৰ কথা শুনি ৰজা সাজু হৈ গ'ল। তেওঁ ক'লে, "তেনালী, মই তোমাক সময় আৰু সোণৰ মুদ্ৰা দুয়োটাই দিম, কিন্তু দুমাহৰ পিছত তুমি মোক স্বৰ্গলৈ লৈ যাব লাগিব। যদি সেয়া নহয়, তোমাক শাস্তি দিয়া হ'ব।

ৰজাৰ কথা শুনি সকলো সভাসদে হাঁহি হাঁহি মনতে ভাবিলে যে স্বৰ্গতো নায়েই, এনেক্ষেত্ৰত তেনালীৰামে নিশ্চয় শাস্তি পাব, কিন্তু তেনালীৰামৰ মুখত কোনো চিন্তাৰ ভাব নাছিল। তেওঁ ৰজাৰ পৰা ১০,০০০ সোণৰ মুদ্ৰা লৈ ৰাজসভাৰ পৰা ওলাই গ'ল।

লাহে লাহে সময় পাৰ হৈ গ'ল আৰু দুমাহো পাৰ হ'ল, কিন্তু তেনালীৰামৰ কোনো খবৰ নাই। ৰাজসভাত আলোচনা হবলৈ ধৰিলে যে তেনালীয়ে ১০,০০০ সোণৰ মুদ্ৰা লৈ পলাই গ'ল। যেতিয়া এই কথা ৰজাৰ কাণত পৰিল, তেতিয়া ৰজাৰ তেনালীৰামৰ ওপৰত খুব খং উঠিল। তেওঁ তেওঁৰ সৈনিকসকলক যিকোনো প্ৰকাৰে তেনালীক বিচাৰি উলিয়াবলৈ আদেশ দিলে।

চিপাহিয়ে তেনালিৰামক বিচাৰিবলৈ ওলাইছিল হে মাত্ৰ তেনালী নিজেই আহি ৰাজসভাত উপস্থিত হ'ল। ৰজাই খঙত সুধিলে, "ইমান দিন ধৰি তুমি ক'ত আছিলা?" তেনালিৰামে ক'লে, "মহাৰাজ, মই স্বৰ্গৰ সন্ধানত গৈছিলো।" ৰজাই ক'লে, "স্বৰ্গ পালা?" তেনালীয়ে ক'লে, "হয়, মহাৰাজ, মই স্বৰ্গ বিচাৰি পাইছো। মই আপোনাক কাইলৈ তালৈ লৈ যাম। " তেনালীৰ কথা শুনি ৰজাৰ খং কমি গ'ল। পিছদিনা ৰজাই সকলো সভাসদক লগত লৈ তেনালীৰ সৈতে স্বৰ্গ চাবলৈ ওলাই গ'ল। তেনালীৰামে তেওঁলোকক দূৰৰ অৰণ্যৰ মাজেৰে লৈ গ'ল আৰু তাত কিছু সময় বিশ্ৰাম লৈ পুনৰ যাত্ৰা কৰাৰ পৰামৰ্শ দিলে। খোজ কাঢ়ি কাঢ়ি সকলোৱে সম্পূৰ্ণৰূপে ভাগৰি পৰিছিল, সেয়েহে ৰজাৰ লগতে সকলোৱে তেনালীৰ পৰামৰ্শ মানি ল'লে।

সেই অৰণ্যখন বৰ ধুনীয়া আৰু আকৰ্ষণীয় আছিল। তাত ঠাণ্ডা বতাহ বলি আছিল। চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰি আছিল য'ত নানা ৰঙীন ফুল আৰু ফল লাগি আছিল। ৰজাই তাত কিছু সময় জিৰণি লৈ অনুভৱ কৰিলে যে তেওঁ স্বৰ্গৰ বাবে যেনেকুৱা পৰিৱেশ আশা কৰিছিল এই অৰণ্যত তেনেকুৱা পৰিৱেশেই আছে। কিছুসময় পিছতেই এজন মন্ত্ৰীয়ে ৰজাক স্বৰ্গলৈ যোৱাৰ কথা মনত পেলাই দিলে।

স্বৰ্গলৈ যোৱাৰ কথা মনত মনত পৰাৰ লগে লগে ৰজাই তেনালীৰামক আগ বাঢ়িবলৈ আদেশ দিলে। তেনালীয়ে ক'লে, "মহাৰাজ,আগবঢ়াৰ আগতে মই আপোনাক কিবা ক'ব বিচাৰো। " ৰজাই ক'লে, "কোৱা তেনালী, কি ক'ব বিচৰা। " তেনালীয়ে ক'লে, "মহাৰাজ, এই ঠাইখন ঠিক তেনেকুৱা লগা নাইনে, যেনেকুৱা আপুনি স্বৰ্গৰ বিষয়ে আশা কৰিছিল।" ৰজাই ক'লে, "হয়, ইয়াত কোনো সন্দেহ নাই যে ইয়াৰ পৰিৱেশ অতি শান্ত আৰু মনৰ বাবে আনন্দদায়ক, যেনেকুৱা মই স্বৰ্গৰ কথা ভাবিছিলো। "

ৰজাৰ কথা শুনি তেনালীয়ে ক'লে, "যেতিয়া ঈশ্বৰে স্বৰ্গৰ অনুভৱ লাভ কৰিবলৈ পৃথিৱীত এনে এক ঠাই সৃষ্টি কৰিছে, তেতিয়াহলে স্বৰ্গ বিচৰাৰ কি প্ৰয়োজন যাৰ প্ৰকৃততে অস্তিত্বই নাই।"

ৰজাই তেনালীৰ কথাবোৰ বুজি পালে। ৰজাই ক'লে, "তেনালী, তুমি একেবাৰে সঠিক কৈছা, কিন্তু তুমি মই দিয়া সোণৰ মুদ্ৰাবোৰৰ কি কৰিলা?" তেনালীৰামে ক'লে, "মহাৰাজ, মই সেই মুদ্ৰাবোৰেৰে ইয়াত থকা সকলো উদ্ভিদৰ বাবে সাৰ ইত্যাদি ক্ৰয় কৰিছোঁ যাতে যি স্বৰ্গ চোৱাৰ বাবে আপুনি আপোনাৰ ৰাজ্যৰ পৰা ইমান দূৰলৈ আহিছে, সেই স্বৰ্গকে নিজৰ ৰাজ্যতেই স্থান দিব পাৰি। "

তেনালীৰ কথা শুনি ৰজা আনন্দিত হ'ল আৰু ৰাজ্যলৈ উভতি আহি তেনালিৰামক তেওঁৰ জ্ঞানৰ বাবে পুৰস্কৃত কৰিলে।

কাহিনীটোৰ পৰা নীতিশিক্ষা: তেনালী ৰাম আৰু স্বৰ্গৰ সন্ধান কাহিনীয়ে শিকায় যে যদি বুদ্ধিৰে কোনো কাম কৰা হয়, তেন্তে কোনো কামেই অসম্ভৱ নহয়। মাত্ৰ সঠিক দিশত চিন্তা কৰাৰ প্ৰয়োজন।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories