Wednesday, April 15, 2026
0 Shares

খং নামেই চণ্ডাল

মহাভাৰত যুগৰ এজন বীৰৰ নাম আছিল পৰীক্ষিত। তেওঁৰ পিতৃৰ নাম আছিল অভিমন্যু আৰু মাকৰ নাম আছিল উত্তৰা তেওঁ যেতিয়া মাতৃৰ গৰ্ভত আছিল, তেতিয়া অশ্বত্থামাই তেওঁক বধ কৰিবলৈ ব্রহ্মাস্ত্র নিক্ষেপ কৰে। তেতিয়া ভগৱান শ্রীকৃষ্ণই অঙ্গুষ্ঠপ্রমাণ হৈ উত্তৰাৰ গৰ্ভত সােমাই তেওঁক ৰক্ষা কৰে। বিষ্ণুৱে ৰক্ষা কৰা কাৰণে তেওঁক বিষ্ণুৰাৎ নামেৰেও জনা যায়। তেওঁ জন্মিয়েই মাতৃগর্ভস্থিত পুৰুষ (ভগৱান)ৰ ৰূপৰ লগত আন পুৰুষৰ ৰূপ পৰীক্ষা কৰিছিল কাৰণে তেওঁৰ নাম পৰীক্ষিত। পৰীক্ষিত জন্মাৰ পিছত ব্রাহ্মণসকলে যুধিষ্ঠিৰক কৈছিল– এই শিশু ৰামচন্দ্ৰৰ নিচিনা সত্যবাদী, শিৱৰ নিচিনা কীর্তিমান, অর্জুনৰ নিচিনা ধনুর্ধৰ, অগ্নিৰ নিচিনা দুর্ধর্ষ, সমুদ্র সদৃশ দুর্লঙ্ঘ্য, সিংহ সদৃশ পৰাক্ৰমী আৰু পৃথিৱী সদৃশ ক্ষমাশীল হ'ব। এইজন পৰীক্ষিতে যুধিষ্ঠিৰৰ হাতৰপৰা হস্তিনাপুৰৰ সিংহাসন লােৱাৰ পিছত বহু বছৰ ৰাজকার্য সমাপন কৰাৰ অন্তত এদিন মৃগয়ালৈ ওলায়। বহু সময় মৃগয়াৰ অৰ্থে ঘূৰিপকি এটা সময়ত অতিপাত তৃষ্ণাতুৰ হৈ পৰে আৰু পানী বিচাৰি বিচাৰি এটা সময়ত এজন ঋষিৰ আশ্ৰমত উপস্থিত হয়। সেই আশ্ৰমখন আছিল শমীক মুনিৰ। শমীক মুনি সেই সময়ত ঘােৰ তপস্যাত নিমগ্ন আছিল। ৰজাই বহু সময় এচলু পানী বিচাৰি মুনিক জগাবলৈ চেষ্টা কৰি বিফল হয়। তেতিয়া ৰজাই ক্ৰোধত হিতাহিত জ্ঞানশূন্য হৈ পৰে আৰু মুনিক ভণ্ড বুলি ভুল বুজি এডাল মৰা সাপ ডিঙিত আঁৰি দি গুচি যায়। বহু সময়ৰ পিছত সেই আশ্ৰমলৈ মুনিপুত্র শৃঙ্গী অহাৰ পিছত পিতৃৰ ডিঙিত তেনেদৰে এজাল মৃতসর্প আঁৰি থকা দৃশ্য দেখি ক্ৰোধত জ্বলি উঠে আৰু সেই অপৰাধ কৰাজনক সাত দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ দিয়ে। ঋষি-মুনিৰ শাপ বিফলে নাযায়। পৰীক্ষিত ৰজাৰ ক্ষেত্ৰতাে সেই দশাই হ’ল। সম্পূর্ণ সাত দিনৰ দিনা তক্ষকে পৰীক্ষিত ৰজাৰ ব্ৰহ্মতালুত দংশন কৰে আৰু তেনেদৰে এইজন বিখ্যাত আৰু মহাপ্রতাপী ৰজাৰ মৃত্যু হয়। আচলতে ক্রোধ বা খঙৰ বাবে এই ঘটনাটো ঘটিল। খং নামেই যে চণ্ডাল বা সর্বনাশৰ মূল, সেই ঘটনা তাৰেই প্রমাণ। অযথা আৰু অকাৰণত খং কৰা ভুল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment