Wednesday, April 15, 2026
0 Shares

ত্যাগৰ বল

একালত এই পৃথিৱীখন দৈত্য-দানৱেৰে ভৰি আছিল। তেনেকুৱা এজন পৰাক্ৰমী দৈত্যৰ নাম আছিল বৃত্রাসুৰ। উক্ত অসুৰৰ সৃষ্টি ত্বষ্টা মুনিয়ে ইন্দ্ৰৰ শত্রু বৃদ্ধিৰ বাবে আহ্বান কৰা যজ্ঞত ভুল মন্ত্ৰেৰে আহুতি দিয়াৰ বাবেই হয়। যথা সময়ত বৃত্রাসুৰে ইন্দ্ৰদেৱতাৰ বিৰুদ্ধে যুদ্ধ যাত্রা কৰে। দেৱাসুৰৰ এই যুদ্ধ বহু কাল ব্যাপি চলে। শেষত পৰাস্ত হৈ ইন্দ্রাদি দেৱগণ স্বর্গ এৰি পলাই যায়। ফলত অতি সহজে পৰাক্ৰমী বৃত্রাসুৰে স্বৰ্গৰাজ্য অধিকাৰ কৰে। মুঠতে মহা পৰাক্ৰমী বৃত্রাসুৰৰ অত্যাচাৰত ত্রিজগতৰ সকলাে অতিষ্ঠ হৈ পৰিছিল। সেয়ে দেৱতাসকলে যিকোনাে প্রকাৰে বৃত্রাসুৰক বধ কৰাৰ কথা ভাবিলে যদিও তাক বধ কৰাৰ কোনাে উপায় নেদেখি দেৱতাসকল মহাবিপদত পৰিছিল। উপায়ান্তৰ দেৱগণে অৱশেষত একলগ হৈ বৃত্রাসুৰ বধৰ উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰ চাপে। দেৱতাসকলৰ মুখেৰে দৈত্যৰাজৰ অত্যাচাৰৰ কথা শুনি কিছু সময়ৰ বাবে মৌন হৈ থকাৰ পিছত সৃষ্টিপতি ব্রহ্মাই ক'লে– ‘তােমালােক মহামুনি দধীচিৰ ওচৰলৈ যােৱা। তেৱেঁই বৃত্রাসুৰ বধৰ কিবা এটা উপায় দিব পাৰিব। বৃত্রাসুৰক অস্ত্র-শস্ত্ৰেৰে বধ কৰিব নােৱাৰি। একমাত্র দধীচিৰ হাড়েৰে অস্ত্র তৈয়াৰ কৰি সেই অস্ত্ৰেৰেহে বধ কৰিবলৈ সক্ষম হ’বা।

মহামুনি দধীচি সৰস্বতী নৈৰ পাৰত তপস্যা কৰি আছিল। দেৱতাসকলে তালৈ গৈ মুনিক সেৱা জনাই তেওঁলােকৰ বিপদৰ কথা বিৱৰি ক'লে আৰু ত্ৰিজগতৰ কল্যাণৰ বাবে বৃত্রাসুৰ বধৰ বাবে তেওঁৰ শৰীৰৰ হাড় বিচাৰি প্রার্থনা জনালে। দেৱতাসকলৰ প্রার্থনাত মুনি অতি আনন্দিত হ’ল আৰু ক'লে– “হে দেৱতাসকল, মােৰ এই দেহ তেজ-মঙহেৰে তৈয়াৰী। এই পাৰ্থিৱ শৰীৰ এদিন নহয় এদিন বিনাশ হ’বই। গতিকে এই অস্থায়ী দেহ ত্যাগ কৰি দেশ আৰু দহৰ যদি কিবা অলপ হলেও উপকাৰ সাধন কৰিব পাৰোঁ, তেতিয়াহ'লে মােৰ জীৱন ধন্য হব।’ ইয়াকে কৈ মহামুনি দধীচিয়ে যােগবলৰ দ্বাৰা দেহ ত্যাগ কৰিলে। দেৱতাসকলে মুনিৰ হাড়েৰে এপাট অতি শক্তিশালী অস্ত্র তৈয়াৰ কৰিলে। এই অস্ত্ৰৰ নাম ৰাখিলে বজ্রপাত অস্ত্র। বজ্ৰৰ আঘাতত বৃত্রাসুৰ তিষ্ঠি থাকিব নােৱাৰিলে। ইন্দ্রই বজ্ৰেৰে বৃত্রাসুৰক বধ কৰি ত্ৰিজগতলৈ শান্তি ঘূৰাই আনিলে। এবাৰলৈ হ'লেও দেৱতা সমাজৰ মান-মর্যাদা উদ্ধাৰ হ’ল আৰু তেওঁলােকে হেৰুৱাও ৰাজ্য পুনৰ ওভতাই পালে। সঁচাকৈ, ত্যাগৰ বল বহুত। ইয়ে জগতত সঁচা সুখ-শান্তি প্রদান কৰে। ত্যাগ কৰিব নােৱৰাজনে ইয়াৰ মহিমা উপলব্ধি কৰিব নােৱাৰে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment