Tuesday, March 17, 2026
0 Shares

দুর্বাসা ঋষিৰ খং

পুৰণি কালত আমাৰ দেশ বিশাল ভাৰতবর্ষ ভালেমান প্রসিদ্ধ ৰজা মহাৰজাৰ মিলন ভূমি আছিল। তেনেকুৱা এগৰাকী ৰজাৰ নাম আছিল অম্বৰীশ। অম্বৰীশ নামৰ এই বিখ্যাত ৰজাজন আছিল বিষ্ণুৰ পৰম ভক্ত। বিষ্ণু ভক্ত অম্বৰীশৰ পিতৃৰ নাম আছিল নাভাগ। ভগৱান বিষ্ণুৱে এইজন ৰজাৰ ভক্তিত সন্তুষ্ট হৈ সুদর্শন চক্ৰ উপহাৰ দিছিল। গতিকে তেওঁৰ ভক্তি কোনােকালে হ্ৰাস নহ’ল। এবাৰ ৰজা অম্বৰীশে ৰাজকার্যৰ সমানে সমানে এটা এবছৰীয়া ব্রত পালন কৰিছিল। উক্ত ব্ৰতৰ অন্তত ৰজাই কাতি মাহৰ তিনিদিন উপবাসে থাকি ব্রাহ্মণ আদিক ভােজন কৰাই দান-দক্ষিণা আদি দি ব্রত ভংগৰ নিমিত্তে সকলাে আয়ােজন কৰে। এনেতে উক্ত স্থানত উগ্র স্বভাৱৰ ঋষি দুর্বাসা উপস্থিত হৈ ৰজাৰ পৰা একেখিনি সেৱাসকাৰ বিচাৰে। ৰজা অম্বৰীশে কেতিয়াও ঋষিৰ উপস্থিতিৰ কথা ভবা নাছিল। সেয়েহে ৰজাই ভবা মতে ঋষিক সেৱা সৎকাৰ কৰিব নােৱাৰিলে। ফলত ঋষি ৰজাৰ ওপৰত ক্রোধান্বিত হৈ উঠে। ৰজাই কেতিয়াও ঋষিৰ এনে আচৰণ বাঞ্ছা কৰা নাছিল। কাৰণ তেওঁ জানিবুজি তেনে ভুল কৰা নাছিল। ঋষি দুর্বাসাই ক্ৰোধত মূৰৰ জঁটা উভালি ভূমিলৈ নিক্ষেপ কৰে। সেই জটাৰপৰা হঠাৎ এজন উগ্ৰদেৱতাৰ জন্ম হৈ ৰজাক বধ কৰিবলৈ উদ্যত হয়। দেৱতাক বিনাশ কৰিবলৈ ৰজাৰ সুদর্শন চক্ৰ লগে লগে সাজু হয়। ঋষি দুর্বাসাই নভবাকৈ সেই সুদর্শন চক্রই দেৱতাক বধ কৰে আৰু ঋষিকে বিনাশ কৰিবলৈ আগবাঢ়ে। ঋষিয়ে সুদর্শন চক্ৰৰপৰা ৰক্ষা পাবলৈ দৌৰিবলৈ ধৰে। তেওঁ তেওঁৰ জীৱন ৰক্ষাৰ বাবে বিষ্ণুৰ ওচৰ চাপে। ভগৱান বিষ্ণুৱে ঋষিৰ এনে দশা হ'ব বুলি বহুত আগৰপৰাই জানিছিল। তেওঁ ঋষিক ক’লে যে একমাত্ৰ ৰজাইহে তেওঁক সুদর্শন চক্ৰৰপৰা ৰক্ষা কৰিব পাৰিব। অৱশেষত ঋষিয়ে বাধ্য হৈ ৰজা অম্বৰীশৰ কাষ চাপে। ৰজাই ঋষিক সুদর্শন চক্ৰৰপৰা ৰক্ষা কৰে। ঋষিয়েও নিজৰ ভুল স্বীকাৰ কৰে। সঁচাই খং নামেই চণ্ডাল। খং ব্যক্তিৰ সর্বনাশৰ মূল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment