Wednesday, April 15, 2026
0 Shares

পৰিণাম

সত্যযুগৰ ঘটনা। এবাৰ দেৱতা আৰু অসুৰবিলাকে অমৃত লাভৰ বাবে একেলগ হৈ ক্ষীৰ সমুদ্র মন্থন কৰে। মন্থনৰ সময়ত সমুদ্ৰৰ তলৰ পৰা অপ্সৰা, বৰুণৰ কন্যা বাৰুণী বা সুৰা, উচ্চৈঃশ্রবা ঘোঁৰা, কৌস্তভ মণি, লক্ষ্মীদেৱী আদি এটাৰ পাছত এটাকৈ বাহিৰ হয়। শেষত অমৃতৰ ঘট লৈ ওলাই আহে ধন্বন্তৰী। তাৰ পাছত অমৃত ভাগ কৰাক কেন্দ্ৰ কৰি দেৱতা আৰু অসুৰৰ মাজত বিবাদ আৰম্ভ হ'ল। সেই বিবাদ দূৰ কৰিবলৈকে ভগৱান বিষ্ণুৱে মােহিনীৰূপ ধাৰণ কৰি আৱিৰ্ভাৱ হ'ল। মােহিনী হ’ল এগৰাকী অপৰূপা সুন্দৰী নাৰীৰ ৰূপ। মােহিনীৰ ৰূপ দেখি অসুৰবিলাক মুগ্ধ হ’ল আৰু মােহিনীয়ে যি কয় বা কৰে, তাকে মানি ল'বলৈ ধৰিলে। অসুৰক অমৃতৰ পৰা বঞ্চিত নকৰিলে ভীষণ প্রলয় হ’ব। কাৰণ অমৃত খাই অমৰ হ'লে অসুৰবিলাকে সপ্তলােকত অত্যাচাৰ আৰম্ভ কৰিব আৰু সিবিলাকক দমন কৰাও অসম্ভৱ হৈ পৰিব। সেয়ে মােহিনীয়ে প্ৰস্তাৱ দিলে যে তেওঁ দেৱতা আৰু অসুৰৰ মাজত অমৃত বিতৰণ কৰিব। সেই প্ৰস্তাৱত দুয়াে পক্ষ সন্মত হ’ল। মােহিনীয়ে তেতিয়া কৌশলেৰে অসুৰবিলাকক মুগ্ধ কৰি অমৃতৰ পৰা বঞ্চিত কৰি দেৱতাসকলক অমৃত দিবলৈ ধৰিলে। অসুৰবিলাকে প্রথমে সেই চতুৰালিৰ কথা বুজিব পৰা নাছিল। কিন্তু এটা অসুৰে কিবা অনুমান কৰি ছদ্মবেশ ধৰি চন্দ্ৰ আৰু সূর্য দেৱতাৰ মাজত বহি গােপনে অমৃত খাবলৈ ধৰিলে। কিন্তু এই কথাৰ ভূ পাই চন্দ্ৰ আৰু সূর্যই কথাটো মােহিনীক অৱগত কৰে। তেতিয়া মােহিনীয়ে সুদর্শন চক্ৰৰে সেই অসুৰৰ শিৰচ্ছেদ কৰিলে। কিন্তু অমৃত খােৱাৰ ফলত সেই অসুৰৰ মৃত্যু নহ’ল আৰু তাৰ দ্বিখণ্ডিত শৰীৰৰ পৰাই ৰাহু আৰু কেতুৰ জন্ম হ’ল। তেতিয়াই সকলােবােৰ কথা পােহৰলৈ আহিল আৰু গভীৰ ষড়যন্ত্রৰ কথা জানিব পাৰি অসুৰবিলাক দেৱতাসকলৰ ঘােৰ শত্ৰু হৈ পৰিল। ইফালে ৰাহু আৰু কেতুৱে চন্দ্ৰ আৰু সূৰ্যৰ ওপৰত প্রতিশােধ লােৱাৰ সংকল্প ল'লে। সুবিধা পালেই সিহঁতে চন্দ্র আৰু সূৰ্যক গিলি থয়; কিন্তু সিহঁতৰ শৰীৰ দ্বিখণ্ডিত হৈ থকাৰ বাবে প্রতিবাৰেই চন্দ্ৰ আৰু সূৰ্যই বাহিৰলৈ ওলাই আহিব পাৰে। অৱশ্যে ৰাহু-কেতুৰ প্রতিশােধ আজিও অব্যাহত আছে আৰু ইয়াকে চন্দ্রগ্রহণ আৰু সূর্যগ্রহণ বুলি কয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment