একালত সমুদ্ৰত এটা অতি বিষাক্ত আৰু ভয়ংকৰ সৰ্পই বাস কৰিছিল। সি ইমান বিষাক্ত আৰু ভয়ংকৰ আছিল যে তাৰ উগ্ৰ বিষত ওপৰেৰে উৰি যােৱা সাধাৰণ পক্ষী এটাও খন্তেকতে আক্রান্ত হৈ ঠাইতে মৃত্যুমুখত পৰিছিল। পিছত গৰুড়ৰ প্রকোপত সি সমুদ্র এৰিবলৈ বাধ্য হৈছিল আৰু যমুনাৰ এটা হ্রদত আশ্ৰয় লৈছিল। সেই হ্ৰদৰ আশে-পাশে থকা বনৰ মাজত সাধাৰণ পশুপক্ষীৰ বিচৰণ অসম্ভৱ হৈছিল। কাৰণ, যিয়ে এবাৰ হ্ৰদৰ পানী গ্রহণ কৰে তাৰ নিস্তাৰ নাই। বহু সময়ত মুক্তমনে বিচৰণ কৰা গৰু-গাই হ্রদত পানী খাবলৈ আহি মৃত্যুমুখত পৰিছিল। লাহে লাহে সি অতি অহংকাৰী হৈ পৰিছিল। সি তাৰ ক্ষমতাৰ অপপ্রয়ােগ কৰিছিল আৰু বিষ উদগীৰণ কৰি ওপৰেৰে উৰি যােৱা পক্ষীবােৰ নিধন কৰিছিল। লাহে লাহে কালীয় নাগ মৃত্যুদূতলৈ ৰূপান্তৰিত হৈছিল। কালীয় নাগৰ এনে অহংকাৰ আৰু অত্যাচাৰৰ কথা ভগৱান শ্রীকৃষ্ণই শুনি আছিল। সেই কাৰণে এই নাগক দমন কৰাৰ সুযােগ তেওঁ বিচাৰি আছিল। এদিন শ্রীকৃষ্ণই তেওঁৰ লগৰীয়া-সমনীয়া সকলক লগত লৈ সেইখন বনত গৰু চৰাবলৈ প্ৰৱেশ কৰিছিল। বহু সময় গৰু চৰােৱাৰ পিছত তেওঁ লক্ষ্য কৰিছিল যে গৰু জাকৰপৰা ওলাই যােৱা গৰুকেইটা আৰু উভতি অহা নাই! ঠিক একেদৰে হ্রদত পানী খাবলৈ যােৱা তেওঁৰ লগৰীয়াসকলাে বিষাক্ৰান্ত হৈ হ্রদৰ পাৰত পৰি আছে। এই দৃশ্য দেখাৰ পিছত ভগৱান শ্রীকৃষ্ণই কালীয় নাগৰ দমন অতি আৱশ্যক অনুভৱ কৰিলে আৰু হ্রদত নামি পৰিল। ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণৰ স্পৰ্শত হ্ৰদৰ বিশাল জলৰাশি কঁপি উঠিল। অহংকাৰী কালীয় নাগে শ্রীকৃষ্ণক এজন সাধাৰণ বালক বুলি ভাবিলে আৰু উচিত শিক্ষা দিয়াৰ উদ্দেশ্যে খেদি আহিল। নাগে তাৰ প্রকাণ্ড নেজেৰে শ্ৰীকৃষ্ণক খন্তেকতে মেৰিয়াই ধৰিলে। ঈশ্বৰৰ আগত সি কোন কূটা। শ্রীকৃষ্ণ খন্তেকতে নেজৰপৰা মুক্ত হ’ল আৰু সহস্র ফণাৰ ওপৰত বহি ললে। তেওঁ অপূর্ব ভংগীৰে নাগৰ ফণাত নৃত্য কৰিবলৈ ধৰিলে। এনেদৰে নৃত্য কৰাৰ ফলত সৰ্পৰাজৰ সহস্র ফণা বিমর্দিত হৈ গ’ল আৰু অৱশেষত অৱশ হৈ পৰিল। লাহে লাহে সি অনুভৱ কৰিলে যে তাৰ ওপৰত নৃত্য কৰি থকাজন কোনাে সাধাৰণ বালক নহয়। কালীয় নাগে মৃত্যু যন্ত্রণাত চটফটাবলৈ ধৰিলে আৰু তাৰ মুখেৰে ফেন ওলাই গ’ল। সি মৰণ যন্ত্রণাত চিঞৰিবলৈ ধৰিলে। তেতিয়া কালীয় নাগৰ পত্নীসকলে স্বামীৰ প্ৰাণৰক্ষাৰ বাবে কৃষ্ণক বৰকৈ স্তুতি কৰিবলৈ ধৰিলে। ইফালে, কালীয় নাগৰো দৰ্প খর্ব হৈছিল। সি অৱশ দেহাৰে কেৱল অৰ্দ্ধমৃত হৈ পৰি আছিল। অৱশেষত শ্রীকৃষ্ণই তাক প্রাণভিক্ষা দিলে আৰু হ্রদ ত্যাগ কৰিবলৈ বাধ্য কৰালে। উপায়হীন কালীয় নাগে সেই হ্রদ ত্যাগ কৰি ৰমণক দ্বীপলৈ গতি কৰিলে। কালীয় নাগৰ মূৰত কৃষ্ণৰ পদচিহ্ন থকা হেতু গৰুড়ৰ পৰা যে তাৰ আৰু ভয় নাই, সেই কথাও শ্রীকৃষ্ণই তাক ক’লে আৰু নিৰ্ভয় প্রদান কৰিলে।
সঁচাই আমি জীৱবােৰ সীমিত শক্তি আৰু সামর্থ্যৰ ওপৰত নিৰ্ভৰশীল। কাৰণ আমি ভগৱানক অতিক্রম কৰিব নােৱাৰো। গতিকে আমি আমাৰ শক্তি আৰু ক্ষমতাক লৈ গৌৰৱ কৰা অনুচিত।